ETV Bharat / politics

বিজেপিতকৈ ৫-১০ গৰাকী অধিক মহিলাক বিধানসভালৈ পঠিয়াব কংগ্ৰেছে : ভূপেন বৰা - Assam Congress

author img

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 6:11 PM IST

Upcoming assembly election in Assam : আগন্তুক বিধানভা নিৰ্বাচনত মহিলাক অগ্ৰাধিকাৰ দিয়াৰ অংগীকাৰ প্ৰদেশ কংগ্ৰেছৰ ৷ আন দলতকৈ কমেও ৫-১০ মহিলাক বিধানসভালৈ পঠিওৱাৰ চিন্তা-চৰ্চা ৷ ইফালে মূল্যবৃদ্ধি, মহিলাৰ বাবে সংৰক্ষণ আদি বিষয় লৈ গাঁৱে-গাঁৱে ঘূৰিব কংগ্ৰেছ নেতৃত্ব ৷

Upcoming assembly election in Assam
গুৱাহাটীস্থ ৰাজীৱ ভৱনত মহিলা কংগ্ৰেছৰ প্ৰতিবাদী সভা (ETV Bharat Assam)

গুৱাহাটী, ১০ আগষ্ট : আগন্তুক বিধানসভা নিৰ্বাচনত মহিলা প্ৰতিনিধিক অগ্ৰাধিকাৰ দিব অসম প্ৰদেশ কংগ্ৰেছে ৷ বিধানসভাৰ ১২৬ খন আসনৰ ভিতৰত প্ৰত্যেকটো ৰাজনৈতিক দলতকৈ কমেও ৫ গৰাকী মহিলাক বিধায়ক হিচাবে নিৰ্বাচিত কৰোৱাবলৈ চেষ্টা কৰিব কংগ্ৰেছে ৷ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷

শনিবাৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত ৩৩ শতাংশ মহিলাৰ আসন সংৰক্ষণ, মহিলাৰ সুৰক্ষা নিশ্চিত কৰা, মূল্যবৃদ্ধিৰ পৰা পৰিত্ৰাণৰ দাবীত ৰাজীৱ ভৱনত অনুষ্ঠিত হয় এক প্ৰতিবাদী সভা ৷ উক্ত সভাত অংশগ্ৰহণ কৰি সভাপতি বৰাই কয়, ‘‘বিজেপিয়ে যিমানে চেষ্টা নকৰক কিয়, বিজেপিতকৈ কমেও ৫-১০ গৰাকী বেছি মহিলাক বিধানসভালৈ আনিবলৈ চেষ্টা কৰিম ৷ সেই কাম কৰিবলৈ যোৱাৰ পূৰ্বে আমি ৰাইজৰ কণ্ঠ হ’ব লাগিব ৷’’

সংবাদ মাধ্যমৰ সন্মুখত ভূপেন বৰাই কয়, ‘‘ অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত সমগ্ৰ অসমৰ মহিলাসকলৰ সমস্যাৰ সন্দৰ্ভত মহিলাসকলক জাগ্ৰত কৰিবৰ বাবে পৰিকল্পনা কৰা হৈছে ৷ সেই কাৰ্যসূচী আজিৰে পৰা আৰম্ভ হৈছে ৷ আজি ৰাজ্যিক ভিত্তিত সকলো জিলাৰ প্ৰতিনিধিসকল আহিছে ৷ ইয়াৰ পিচত জিলাই জিলাই মূল্যবৃদ্ধি সমস্যা, মহিলাৰ সংৰক্ষণ, সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি আদিৰ বিৰুদ্ধে গাঁৱে-ভূঁঞে, নগৰে-চহৰে মহিলাসকলৰ মাজত সজাগতা সৃষ্টিৰ জৰিয়তে চৰকাৰ পৰিৱৰ্তন কৰি আমাৰ প্ৰকৃত লক্ষ্যত উপনীত হোৱাৰ বাবে কাম কৰিম ৷’’

আনহাতে মীৰা বৰঠাকুৰে কয়, ‘‘৩৩ শতাংশ মহিলাৰ বাবে সংৰক্ষণৰ বাবে আইন গৃহীত হ’ল, কিন্তু যোৱা লোকসভা নিৰ্বাচনতো সেয়া বলবৎ নকৰিলে ৷ যেতিয়ালৈকে ৩৩ শতাংশ সংৰক্ষণ প্ৰতিটো স্তৰতে কৰাৰ বাবে আইন প্ৰণয়ন নকৰিব, আমাৰ দাবী প্ৰত্যেকটো পৰ্যায়লৈকে লৈ যাম ৷ মূল্যবৃদ্ধিয়ে মানুহক কোঙা কৰিছে ৷ সেয়েহে আমি এই আন্দোলন ব্লক পৰ্যায়লৈকে লৈ যাম ৷’’

লগতে পঢ়ক : এদিনত কংগ্ৰেছৰ দুটাকৈ গুৰুত্বপূৰ্ণ যোগদান কাৰ্যসূচী : প্ৰাক্তন IPS বিষয়া ব্ৰজেনজিৎ সিনহাৰ যোগদানে দিছে কিহৰ ইংগিত ?

মুখ্য়মন্ত্ৰী হিমন্ত থকালৈকে অসম আক্ৰমণৰ সপোনো দেখিব নোৱাৰে মিঞাই: বিজেপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.