ETV Bharat / politics

বিহালীক লৈ ভংগ হোৱাৰ দিশে কংগ্ৰেছ নেতৃত্বাধীন 'অসম'; সভাপতিৰ পদ ত্যাগ ভূপেন বৰাৰ

বিহালীত প্ৰাৰ্থিত্বক লৈ ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজত মতানৈক্য চূড়ান্ত পৰ্যায়ত । দুয়োপক্ষৰ বাবেই এয়া সন্মানৰ যুঁজ হৈ পৰিছে ।

Behali Bypoll
বিৰোধী ঐক্যমঞ্চৰ সভাপতিৰ পদ ত্যাগ ভূপেন বৰাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

গুৱাহাটী : ভংগ হোৱাৰ পৰা ৰক্ষা নপৰিল কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীৰ অসম সন্মিলিত মৰ্চা ৷ অসম সন্মিলিত মৰ্চাৰ পৰা পদত্যাগ ভূপেন বৰাৰ ৷ ভূপেন বৰাই পদত্যাগ কৰাৰ লগে লগে কংগ্ৰেছৰ অসম সন্মিলিত মৰ্চাৰ লগত সম্পৰ্ক ছিন্ন হোৱাটো অৱশ্যাম্ভী হৈ পৰিল ।

অসমৰ বিধানসভা উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫ টা সমষ্টিৰ ভিতৰত বিহালীৰ প্ৰাৰ্থিত্বক লৈ ভাঙোনমুখী হোৱা কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীৰ উমৈহতীয়া মঞ্চ 'অসম সন্মিলিত মঞ্চ’ক ভংগ হোৱাৰ পৰা ৰক্ষা কৰাৰ পন্থা ল’বলৈ কংগ্ৰেছ দলে চেষ্টা কৰে যদিও শেষ মুহূৰ্তত ভংগৰ দিশে আগবাঢ়ে মিত্ৰতা ৷ বিহালী বিধানসভা আসনখন কংগ্ৰেছে বিৰোধী মৰ্চাৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিবলৈ এৰি দিবলৈ সন্মত হয় যদিও শেষ মুহূৰ্তত মৰ্চাৰ সভাপতি পদৰ পৰা মঙলবাৰে পদত্যাগ কৰে ভূপেন বৰাই ৷

বিহালীক লৈ ভংগ হোৱাৰ দিশে কংগ্ৰেছ নেতৃত্বাধীন 'অসম' (ETV Bharat Assam)

বিহালীৰ প্ৰাৰ্থিত্বক লৈ হোৱা সংঘাতৰ পেৰিপেক্ষিততে পদত্যাগ কৰে ভূপেন বৰাই । 'অসম’ৰ সম্পাদক লুৰীণজ্যোতি গগৈলৈ বৰাই প্ৰেৰণ কৰে পদত্যাগ-পত্ৰ । লগতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বলৈয়ো তেওঁ পদত্যাগ-পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰে ৷ নিজৰ পদত্যাগ-পত্ৰত বিহালীৰ প্ৰাৰ্থিত্বক লৈ তীব্ৰ চাপৰ সন্মুখীন হোৱা বুলি ভূপেন বৰাই উল্লেখ কৰিছে ।

Behali Bypoll
ভূপেন বৰাৰ পদত্যাগ-পত্ৰ (ETV Bharat Assam)

উল্লেখ্য যে অসমৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৫ টা সমষ্টিৰ ভিতৰত কংগ্ৰেছে বিহালীৰ উপ-নিৰ্বাচনক লৈ ঘোষণা কৰা নাছিল প্ৰাৰ্থী ৷ লোকসভাৰ উপ-দলপতি সাংসদ গৌৰৱ গগৈয়ে পোষকতা কৰিছিল কংগ্ৰেছে নিজে বিহালীৰ পৰা প্ৰাৰ্থী দিয়াটো ৷ তাকে লৈ বিৰোধী মিত্ৰদলৰ সৈতে কংগ্ৰেছৰ সংঘাত আৰম্ভ হৈছিল । যাৰ পৰিণতিত ২০২৬ চনৰ অসমৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি পুনৰ গঠিত হোৱা অসম সন্মিলিত মৰ্চা ভংগ হোৱাৰ উপক্ৰম হৈছিল । আনকি অসম সন্মিলিত মৰ্চাই কংগ্ৰেছক মঙলবাৰে পুৱা ১০ বজাৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈও সময়সীমা বান্ধি দিছিল ৷

ইয়াৰ বিপৰীতে সৰ্বশেষত মিত্ৰজোঁট অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত কংগ্ৰেছে বিহালীৰ সমগ্ৰ নিৰ্বাচনী প্ৰাৰ্থী প্ৰক্ৰিয়াত টুইষ্ট আনি প্ৰস্তাৱ দিয়ে— বিৰোধী মৰ্চাৰ চি পি আই (এম এল)ৰ পৰাই প্ৰাৰ্থী দিয়ক বিহালীত । কিন্তু সলনি কৰক প্ৰাৰ্থী ৷ কংগ্ৰেছৰ উচ্চস্তৰীয় সূত্ৰৰ তথ্য অনুসৰি, এই প্ৰসংগত অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে বিৰোধীৰ সন্মিলিত মৰ্চালৈ মঙলবাৰে পুৱাৰ ভাগত পত্ৰও প্ৰেৰণ কৰে । এই পত্ৰত কোৱা হয় যে বিৰোধীৰ মিত্ৰ দল চি পি আই (এম ল)ৰ প্ৰাৰ্থী বিবেক দাসৰ বিপৰীতে আন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়ক ৷ কিয়নো বিগত আঢ়ৈ দশকত প্ৰায় ৮ টাকৈ নিৰ্বাচনত বিহালীত পৰাজিত হৈছে বিবেক দাস ।

এই লৈ বিৰোধীৰ সন্মিলিত মৰ্চাৰ মাজত অনুষ্ঠিত হয় কেইবাখনো বৈঠক । এ আই চি চিৰ নেতা তথা অসম কংগ্ৰেছৰ প্ৰভাৰী জিতেন্দ্ৰ সিঙৰ পত্ৰৰ পিচতেই বুধবাৰে দুপৰীয়া চি পি আই (এম এল)ৰ বিবেক দাসে সংবাদ মাধ্যমৰ সন্মুখত তেওঁ নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে ।

চি পি আই (এম এল)ৰ নেতা বিবেক দাস কয়, “মোৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কেৱল কংগ্ৰেছ আৰু ৰাইজৰ দলে কৰিছে ৷ মই মিত্ৰজোঁট অক্ষত ৰখাৰ স্বাৰ্থত ত্যাগ কৰিছোঁ ।" কংগ্ৰেছৰ প্ৰস্তাৱমৰ্মে চি পি আই (এম এল)-এ বিবেক দাসৰ পৰিৱৰ্তে আন এজন প্ৰাৰ্থীৰ বাবে বৈঠকৰ আয়োজন কৰি তিনিগৰাকী প্ৰাৰ্থীৰ নামৰ তালিকা প্ৰস্তুত কৰি এ পি চি চি আৰু এ আই চি চিলৈ প্ৰেৰণ কৰে । কিন্তু কংগ্ৰেছে এই তালিকাও অগ্ৰাহ্য কৰে ৷ যাৰ ফলশ্ৰুতিত ভূপেন বৰাই পদত্যাগ কৰিবলৈ বাধ্য হয় ।

বিহালীত কিয় মিত্ৰদলক সমৰ্থন নকৰিলে কংগ্ৰেছে

বিহালীত প্ৰাৰ্থিত্ব দিয়াটোক লৈ মূলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজত মতানৈক্যই চূড়ান্ত পৰ্যায় পোৱাৰ লগতে দুয়োপক্ষৰ বাবেই এয়া সন্মানৰ যুঁজ হৈ পৰে । ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিৰোধীৰ মিত্ৰজোঁট অক্ষুণ্ণ ৰক্ষাৰ পোষকতা কৰি আহিছিল এ পি চি চিৰ সভাপতিগৰাকীয়ে ।

আনহাতে, গৌৰৱ গগৈয়ে আঠবাৰ পৰাজিত হোৱা চি পি আই (এম এল)ৰ প্ৰাৰ্থী বিবেক দাসৰ পৰিৱৰ্তে কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পোষকতা কৰে । এই লৈ বিৰোধীৰ ঐক্যত ফাঁট মেলাৰ উপক্ৰম হয় ৷ অৱশেষত মঙলবাৰে এ আই চি চিয়ে কংগ্ৰেছে বিহালীত নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ নকৰে বুলি জনাই বিৰোধীৰ উমৈহতীয়া মঞ্চ অসম সন্মিলিত মৰ্চাক চি পি আই (এম এল)ৰ বেলেগ এজন প্ৰাৰ্থী বিহালী আসনত দিবলৈ আহ্বান জনায় ৷ প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছ আৰু মিত্ৰশক্তিৰ মাজত হোৱা মতানৈক্যৰ সমাধান হিচাপে এই পদক্ষেপক গণ্য কৰা হৈছিল ৷ কিন্তু শেষ মুহূৰ্তত চি পি আই (এম এল)ৰ তিনিজনীয়া তালিকাখনো কংগ্ৰেছে বাতিল কৰাত মিত্ৰজোঁটৰ পৰিৱেশ অধিক অৱনতি ঘটে ৷

এক কথাত এই পদক্ষেপৰ জৰিয়তে গৌৰৱ গগৈ আৰু ভূপেন বৰা দুয়োকে সৈমান কৰি অসম কংগ্ৰেছৰ ক্ষতি নিয়ন্ত্ৰণৰ কৌশলপূৰ্ণ সমাধান বিচাৰিছিল এআইচিচিয়ে ৷ কিন্তু সেয়া ফলৱৰ্তী নহ’ল। বৰঞ্চ বিৰোধীৰ ঐক্যমঞ্চৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিবলগীয়া হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। লক্ষ্যণীয় যে ভূপেন বৰাই বিৰোধীৰ মৰ্চাৰ পৰা পদত্যাগ কৰাৰ বিপৰীতে দেখা গ’ল একে সময়তে বিহালীত কংগ্ৰেছ দলৰ হৈ গৌৰৱ গগৈয়ে মঙলবাৰে অংশগ্ৰহণ কৰিলে ৰোড শ্ব’ত।

পৰিস্থিতিয়ে যি ইংগিত দিছে তাৰ পৰা ধাৰণা কৰিব পাৰি যে শেষত হয়তো গৌৰৱে বিচৰা ধৰণেই তেওঁৰ সমৰ্থন প্ৰাপ্ত তথা সদ্য বিজেপি ত্যাগী নেতা জয়ন্ত বৰাই লাভ কৰিব বিহালীৰ টিকেট ৷ টিকেট নিশ্চিত হ’লেই জয়ন্ত বৰাই যোগদান কৰিব কংগ্ৰেছত ৷ কিন্তু এই সমগ্ৰ ঘটনাক্ৰমে ২০২৬ ত বিজেপিক প্ৰতিহত কৰাৰ বিৰোধীৰ যি সপোন আছিল তাক ইতিমধ্যেই দিছে এক মোক্ষম আঘাত ৷

লগতে পঢ়ক :উপ-নিৰ্বাচনত বিপিএফ কিয় পৰাজিত হ'ব ? প্ৰমোদ বড়োৱে দিলে ব্যাখ্যা
লগতে পঢ়ক :বিহালীত কোনে যুঁজিব বিজেপিৰে ? কংগ্ৰেছক বান্ধি দিলে সময়সীমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.