ETV Bharat / politics

অখিল-লুৰীণে কাৰ পৰা টকা লৈছিল ? ক'লে বদৰুদ্দিন আজমলে - Badruddin Ajmal

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 10:45 PM IST

Ajmal on Lok Sabha Election : অখিল গগৈয়ে টকা লৈছিল হিমন্ত বিশ্ব শৰ্মাৰ পৰা ৷ এই অভিযোগ বদৰুদ্দিন আজমলৰ ৷ লুৰীণজ্যোতি গগৈৰ বাবে মুছলমান লোকসকলৰ কি ক্ষেত্ৰত সমস্যা হৈছিল, সেয়াও ক’ল সাংসদগৰাকীয়ে ৷

BADRUDDIN AJMAL
সাংসদ বদৰুদ্দিন আজমল (ETV Bharat Assam)

গুৱাহাটী, ৩১ মে’ : ‘‘যোৰহাটত যদি কংগ্ৰেছ জয়ী হয় তেন্তে আমি অত্যন্ত ভাল পাম ।’’ এই মন্তব্য সাংসদ বদৰুদ্দিন আজমলৰ ৷ ৪ জুনত লোকসভা নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পূৰ্বে শুকুৰবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত নিৰ্বাচন সন্দৰ্ভত সাংসদগৰাকীয়ে এইদৰে মন্তব্য কৰে ।

সাংসদ বদৰুদ্দিন আজমল (ETV Bharat Assam)

সাংসদ আজমলে কয় যে জানিব পৰা মতে যোৰহাটত বিজেপি জয়ী হ’ব । নগাঁৱৰ প্ৰসংগত তেওঁ কয় যে নগাঁৱত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত যুদ্ধ চলি আছে । হয়তো কংগ্ৰেছ জয়ী হ’ব নাইবা এ আই ইউ ডি এফ জয়ী হ’ব ।

তেওঁ নিজৰ সমষ্টিত ২৫ খন সভা কৰাৰ বিপৰীতে নগাঁৱত হেলিকপ্টাৰ লৈ ১৯ খন সভা কৰা বুলি সদৰী কৰি প্ৰচাৰত কোনো ক্ষেত্ৰতে আপোচ কৰা নাই বুলি মন্তব্য কৰে । গতিকে নগাঁৱত যিকোনো প্ৰকাৰে জয়ী হ’ব লাগে বুলি কয় আজমলে ।

কৰিমগঞ্জ সমষ্টিত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ দুজন মুছলমান প্ৰাৰ্থীৰ মাজত যুদ্ধ হোৱাত আন কোনোবাই সুবিধা পালে বুলি মন্তব্য কৰে বদৰুদ্দিন আজমলে ৷ সমষ্টিটোত বিজেপি জয়ী হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে সাংসদগৰাকীয়ে ।

ইফালে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগত বন্ধুত্বমূলক সম্পৰ্ক আছে বুলি উল্লেখ কৰি তেওঁ কয় যে যুদ্ধৰ ক্ষেত্ৰত বন্ধুত্বৰ কথা নাহে । আগৰবাৰ মিত্ৰতা থাকোতে যমুনামুখৰ পৰা ১.১০ লাখ ভোট দিয়া বুলি সদৰী কৰি তেওঁ কয় যে প্ৰদ্যুৎ বৰদলৈয়ে যমুনামুখত ৫ বছৰত মাত্ৰ ১০ লাখ টকা দিছে যদিও তাকো তেওঁৰ অনুৰোধত ।

বদৰুদ্দিন আজমলে লগতে কয় যে প্ৰদ্যুৎ বৰদলৈয়ে বিভিন্ন প্ৰকল্প অনা বুলি মিছা কথা কৈছে । মিছা কথা কোৱাৰো এটা সীমা থাকিব লাগে বুলি কয় আজমলে ৷ ইফালে ধুবুৰীত অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈৰ বাবেই ৰকিবুল হুছেইন হাৰিব বুলি আজমলে মন্তব্য কৰে ৷ তেওঁ কয় যে অখিল গগৈৰ চৰিত্ৰ সমগ্ৰ অসমে জানে ।

যোৱাবাৰ মিত্ৰতা থাকোতে অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ পৰা কিমান টকা লৈছিল সেই কথা অখিল গগৈয়ে নিজে জানে বুলি কয় আজমলে ৷ বিজেপিক সহায় কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ পৰা অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে টকা লোৱাৰ অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে ৷ টকা লৈ তেওঁলোকে মিত্ৰতা ভাঙি দিলে বুলি বিস্ফোৰক অভিযোগ কৰি তেওঁ কয় যে মিত্ৰতা ভঙাৰ বাবে বিজেপিৰ লাভ হ'ল ।

লুৰীণজ্যোতি গগৈৰ বাবে মুছলমান লোকসকলে এন আৰ চিৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছিল বুলি কয় আজমলে । অখিল গগৈ এজন ভাল অভিনেতা বুলি মন্তব্য কৰি আজমলে কয় যে ৰাজনীতিত সকলো সম্ভৱ ।

লগতে পঢ়ক: কংগ্ৰেছৰ ওচৰত লুৰীণজ্যোতি গগৈয়ে সকলো বিক্ৰী কৰিছে : মন্ত্ৰী সঞ্জয় কিষাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.