নেশ্যনেল ডেস্ক,১২ ফেব্ৰুৱাৰী : বিহাৰ বিধান সভাৰ অধ্যক্ষ অৱধ বিহাৰী চৌধুৰীৰ বিৰুদ্ধে শাসকীয় দলে অনা অনাস্থা প্ৰস্তাৱ গৃহীত হয় । প্ৰথম সিদ্ধান্তটো সদনত ধ্বনি ভোটৰ দ্বাৰা লোৱা হয় । কিন্তু আৰজেডিৰ আপত্তিৰ পিচত উপাধ্যক্ষ মহেশ্বৰ হাজাৰীয়ে ভোটগ্ৰহণ অনুষ্ঠিত কৰে ।
চৌধুৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱটো ১২৫ টা ভোটৰ সপক্ষে আৰু ইয়াৰ বিৰুদ্ধে ১১২ টা ভোটৰ সৈতে গৃহীত হয় । ইয়াৰ লগে লগে নীতিশ চৰকাৰেও বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ সক্ষম হয় । অৱশ্যে ইয়াৰ পিচত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে তেওঁৰ চৰকাৰৰ সপক্ষে এক আস্থা প্ৰস্তাৱ উত্থাপন কৰে ।
অধ্যক্ষৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত ভোটদানৰ সময়ত উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী সদনৰ পৰা ওলাই যাব লগীয়া হয় । প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে সদনত সম্ৰাট চৌধুৰীৰ উপস্থিতিত আপত্তি কৰিছিল । তেজস্বী যাদৱে কয় যে উপ-মুখ্যমন্ত্ৰী বিধান পৰিষদৰ সদস্য । তেজস্বীয়ে আপত্তি দৰ্শাই কয় যে তেওঁৰ বিধানসভাত থকাৰ অধিকাৰ নাই ।
অৱশ্যে সম্ৰাট চৌধুৰীয়েও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে । উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে কয় যে তেনে কোনো নিয়ম নাই । যদি কাৰোবাৰ কোনো আপত্তি আছে তেওঁ তাৰ পৰা যাব । ইয়াৰ পিচতে তেওঁ সদনৰ পৰা ওলাই যায় ।
উল্লেখ্য যে সোমবাৰে বিহাৰ বিধানসভাৰ কাৰ্যক্ৰম আৰম্ভ হোৱাৰ পিচতে অৱধ বিহাৰী চৌধুৰীক অধ্যক্ষ পদৰ পৰা আঁতৰাবলৈ এক প্ৰস্তাৱ অনা হৈছিল । তাৰ পিচতে অৱধ বিহাৰী চৌধুৰীয়ে তেওঁৰ আসনৰ পৰা আঁতৰি যায় । তাৰ পিচত উপাধ্যক্ষ মহেশ্বৰ হাজাৰীয়ে সদনৰ কাৰ্যক্ৰমণিকা পৰিচালনা কৰে । অধ্যক্ষৰ আসন ত্যাগ কৰাৰ সময়ত চৌধুৰীয়ে উপ-মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে । আজি যি আছে সেয়া কাইলৈ নাথাকিব । অৱধ বিহাৰী চৌধুৰীৰ মতে তেওঁৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ অনাটো হৈছে সাংবিধানিক প্ৰক্ৰিয়া ।
লগতে পঢ়ক :বিধানসভাত নীতিশৰ ভাগ্য পৰীক্ষা, অধ্যক্ষ অৱধ বিহাৰী চৌধুৰীৰ বিৰুদ্ধেও অনাস্থা প্ৰস্তাৱ