ETV Bharat / politics

নগাঁৱৰ কোন বিধায়কৰ সমষ্টিত কিমান ভোট পালে কোন প্ৰাৰ্থীয়ে ? - Lok Sabha Election Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 3:06 PM IST

Nagaon Lok Sabha Constituency : নগাঁও লোকসভা সমষ্টিত অৱশেষত শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ল কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে । বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক পৰাস্ত কৰি দিল্লী যাত্ৰা কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে । কিন্তু বেয়াকৈ মুখথেকেচা খালে এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামে । মুঠ আঠটা বিধানসভা সমষ্টিৰে গঠিত নগাঁও লোকসভা সমষ্টিৰ কোন বিধায়কৰ সমষ্টিৰ পৰা কিমান ভোট লাভ কৰিলে প্ৰদ্যুৎ বৰদলৈ, সুৰেশ বৰা আৰু আমিনুল ইছলামে ? এই সন্দৰ্ভত ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ এক বিশেষ প্ৰতিবেদন ।

Nagaon Lok Sabha Constituency
নগাঁৱৰ কোন বিধায়কৰ সমষ্টিত কিমান ভোট পালে কোন প্ৰাৰ্থীয়ে ? (Etv Bharat)

নগাঁও, 6 জুন : বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক বৃহৎ ভোটৰ ব্যৱধানত পৰাস্ত কৰি নগাঁৱৰ পৰা দিল্লী যাত্ৰা কৰিলে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে । নগাঁও আৰু মৰিগাঁও জিলাৰ মুঠ আঠটাকৈ বিধানসভা সমষ্টিৰে গঠিত নগাঁও লোকসভা সমষ্টিৰ অধীনত তিনিগৰাকী বিজেপিৰ বিধায়কৰ বিপৰীতে কংগ্ৰেছৰ বিধায়ক চাৰিগৰাকী আছে যদিও ৰহা সমষ্টিৰ বিধায়ক কংগ্ৰেছ দলৰ হোৱা স্বত্বেও মুকলিকৈয়ে বিজেপিক সমৰ্থন কৰিছে ।

এনেক্ষেত্ৰত বিজেপিৰ সমৰ্থনত বিধায়ক আছে চাৰিগৰাকী আৰু কংগ্ৰেছৰ বিধায়ক আছে তিনিগৰাকী । সমান্তৰালকৈ নগাঁও লোকসভা সমষ্টিত এ আই ইউ ডি এফৰ বিধায়ক আছে এগৰাকী । অৰ্থাৎ সংসদীয় সমষ্টিটোৰ অধীনৰ এ আই ইউ ডি এফ দলৰ একমাত্ৰ বিধায়কগৰাকী নিজেই সাংসদ প্ৰাৰ্থী আমিনুল ইছলাম ।

লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাচত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে নগাঁও লোকসভা সমষ্টিটোৰ কোন বিধানসভা সমষ্টিৰ পৰা কোন দলৰ প্ৰাৰ্থীয়ে কিমান ভোট লাভ কৰিলে তাৰ ওপৰত ।

লগতে পঢ়ক : নেতাতকৈও বেছি ভোট পালে নোটাই - Lok Sabha Election Results 2024

প্ৰথমে জানি লওঁ সংসদীয় সমষ্টিটোৰ কোন সমষ্টিত কোন দলৰ বিধায়ক আছে ৷ তলত সকলো তথ্য উল্লেখ কৰা হ’ল-

নগাঁও লোকসভা সমষ্টিৰ বিধায়কসকল :

নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত আঠটা বিধানসভা সমষ্টিৰ নতুনকৈ নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিত বিজেপি বিধায়ক ৰূপক শৰ্মা । অৱশ্যে নগাঁও বটদ্ৰৱা সমষ্টিত সংলগ্ন হোৱা পূৰ্বৰ বটদ্ৰৱা সমষ্টিত প্ৰতিনিধিত্ব কৰি আছে কংগ্ৰেছ বিধায়িকা শিবামণি বৰাই ।

একেদৰে ৰহা বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ বিধায়ক শশীকান্ত দাসে প্ৰতিনিধিত্ব কৰি আছে যদিও শশীকান্ত দাসে কংগ্ৰেছত থাকিও মুকলিকৈ সমৰ্থন কৰি আছে বিজেপি দলক । মৰিগাঁও জিলাৰ মৰিগাঁও সদৰ সমষ্টিত বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে জাগীৰোড সমষ্টিত প্ৰতিনিধিত্ব কৰি আছে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰীকাই ।

সমান্তৰালকৈ নগাঁৱৰ ৰূপহীহাট বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা আৰু চামগুৰি সমষ্টিত ধুবুৰীৰ পৰা ৰেকৰ্ড সংখ্যক ভোটৰ ব্যৱধানত সাংসদ নিৰ্বাচিত হোৱা ৰকিবুল হুছেইনেই এই পৰ্যন্ত বিধায়ক হৈ আছে । ইয়াৰ বিপৰীতে ধিং বিধানসভা সমষ্টিত প্ৰতিনিধিত্ব কৰি আছে এ আই ইউ ডি এফৰ বিধায়ক তথা সংসদীয় সমষ্টিটোৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামে ।

এতিয়া জানো আহক কোন সমষ্টিৰ পৰা কোন প্ৰাৰ্থীয়ে লাভ কৰিলে কিমান ভোট ?

নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিত কোনে লাভ কৰিলে অধিক ভোট :

Nagaon Lok Sabha Constituency
বটদ্ৰৱা বিধানসভা সমষ্টি (Etv Bharat)
  • মুঠ ভোটগ্ৰহণ : 155,690 টা ভোট
  • কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ : 57,540 টা ভোট
  • বিজেপি প্ৰাৰ্থী সুৰেশ বৰা : 90,730 টা ভোট
  • AIUDF আমিনুল ইছলাম : 2,026 টা ভোট
  • NOTA : 2,865 টা ভোট

অৰ্থাৎ ৰূপক শৰ্মাৰ নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈতকৈ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই 33,190 টা অধিক ভোট লাভ কৰিছে ।

ৰূপহীহাট বিধানসভা সমষ্টি :

Nagaon Lok Sabha Constituency
ৰূপহীহাট বিধানসভা সমষ্টি (Etv Bharat)
  • মুঠ ভোটগ্ৰহণ : 189,473 টা ভোট
  • কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ : 131,562 টা ভোট
  • বিজেপি প্ৰাৰ্থী সুৰেশ বৰা : 24,593 টা ভোট
  • AIUDF আমিনুল ইছলাম : 28,938 টা ভোট
  • NOTA : 969 টা ভোট

চামগুৰি বিধানসভা সমষ্টি :

Nagaon Lok Sabha Constituency
চামগুৰি বিধানসভা সমষ্টি (Etv Bharat)
  • মুঠ ভোটগ্ৰহণ : 190,491 টা ভোট
  • কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ : 128,580 টা ভোট
  • বিজেপি প্ৰাৰ্থী সুৰেশ বৰা : 42,017 টা ভোট
  • AIUDF ৰ আমিনুল ইছলাম : 14,547 টা ভোট
  • NOTA : 1,088 টা ভোট

অৰ্থাৎ কংগ্ৰেছৰ ৰকিবুল হুছেইনে প্ৰতিনিধিত্ব কৰা চামগুৰি বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাতকৈ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে 86,563 টা অধিক ভোট লাভ কৰিছে ।

ধিং বিধানসভা সমষ্টি :

Nagaon Lok Sabha Constituency
ধিং বিধানসভা সমষ্টি (Etv Bharat)
  • মুঠ ভোটগ্ৰহণ : 194,662 টা ভোট
  • কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ : 128,338 টা ভোট
  • বিজেপিৰ সুৰেশ বৰা : 28,253 টা ভোট
  • AIUDF আমিনুল ইছলাম : 32,170 টা ভোট
  • NOTA : 1,167 টা ভোট

অৰ্থাৎ এ আই ইউ ডি এফ দলৰ বিধায়ক আমিনুল ইছলামৰ দখলত থকা ধিং বিধানসভা সমষ্টিতেই কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হাতত 96,167 টা ভোটত পৰাস্ত হৈছে খোদ আমিনুল ইছলাম ।

ৰহা বিধানসভা সমষ্টি :

Nagaon Lok Sabha Constituency
ৰহা বিধানসভা সমষ্টি (Etv Bharat)
  • মুঠ ভোটগ্ৰহণ : 189,205 টা ভোট
  • কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ : 61,754 টা ভোট
  • বিজেপিৰ সুৰেশ বৰা : 104,534 টা ভোট
  • AIUDF আমিনুল ইছলাম : 17,021 টা ভোট
  • NOTA : 1,650 টা ভোট

বিজেপিক সমৰ্থন দিয়া কংগ্ৰেছৰ বিধায়ক শশীকান্ত দাসে প্ৰতিনিধিত্ব কৰা ৰহা বিধানসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈতকৈ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই 42,780 টা অধিক ভোট লাভ কৰিছে ।

মৰিগাঁও বিধানসভা সমিষ্টি :

Nagaon Lok Sabha Constituency
মৰিগাঁও বিধানসভা সমষ্টি (Etv Bharat)
  • মুঠ ভোটগ্ৰহণ : 164,131 টা ভোট
  • কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ : 48,642 টা ভোট
  • বিজেপিৰ সুৰেশ বৰা : 107,984 টা ভোট
  • AIUDF আমিনুল ইছলাম : 2,110 টা ভোট

বিজেপি বিধায়ক ৰমাকান্ত দেউৰীয়ে প্ৰতিনিধিত্ব কৰা মৰিগাঁও বিধানসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈতকৈ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই 59,342 টা অধিক ভোট লাভ কৰিছে ।

জাগীৰোড বিধানসভা সমষ্টি:

Nagaon Lok Sabha Constituency
জাগীৰোড বিধানসভা সমষ্টি (Etv Bharat)
  • মুঠ ভোটগ্ৰহণ : 202,926 টা ভোট
  • কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ : 57,865 টা ভোট
  • বিজেপিৰ সুৰেশ বৰা : 134,665 টা ভোট
  • AIUDF ৰ আমিনুল ইছলাম : 4,035 টা ভোট
  • NOTA : 1,454 টা ভোট

প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰতিনিধিত্ব কৰা জাগীৰোড বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈতকৈ 76,800 টা অধিক ভোট লাভ কৰিছে ।

লাহৰীঘাট বিধানসভা সমষ্টি :

Nagaon Lok Sabha Constituency
লাহৰীঘাট বিধানসভা সমষ্টি (Etv Bharat)
  • মুঠ ভোটগ্ৰহণ : 256,589 টা ভোট
  • কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ : 172,340 টা ভোট
  • বিজেপিৰ সুৰেশ বৰা : 40,803 টা ভোট
  • AIUDF আমিনুল ইছলাম : 36,186 টা ভোট
  • NOTA : 1,416 টা ভোট

এইবাৰ লোকসভা নিৰ্বাচনৰ ফলাফল অনুসৰি নগাঁও লোকসভা সমষ্টিৰ মুঠ আঠটা বিধানসভা সমষ্টিৰ চাৰিটা বিধানসভা সমষ্টিত কংগ্ৰেছ আৰু চাৰিটা বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে । লোকসভা সমষ্টিটোৰ আঠটা বিধানসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী সুৰেশ বৰাই লাভ কৰা ভোটৰ সংখ্যা 788,850 টা আৰু বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই লাভ কৰা ভোটৰ সংখ্যা 576,619 টা । অৰ্থাৎ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক 212,231 টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি নগাঁৱৰ পৰা সাংসদ নিৰ্বাচিত হয় কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ ।

লগতে পঢ়ক : যোৰহাটত গৌৰৱ গগৈৰ অভূতপুৰ্ব জয় : জয়ৰ আঁৰৰ ১০টা মূল কাৰণ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.