ETV Bharat / politics

বাংলাদেশৰ অস্থিৰতাৰ সুযোগত অসমলৈ হ'ব পাৰে অনুপ্ৰৱেশ : সীমান্তৰ নিৰাপত্তা কটকটীয়া কৰাৰ দাবী অসম জাতীয় পৰিষদৰ - AJP ON BANGLADESH VIOLENCE

author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 7:29 AM IST

Assam Jatiya Parisad : চুবুৰীয়া দেশৰ পৰিস্থিতিক লৈ অসমতো উদ্বিগ্নতা ৷ অসম-বাংলা সীমান্ত ছীল নোহোৱাৰ সুযোগ অনুপ্ৰৱেশকাৰীয়ে লোৱাৰ আশংকা ৷

AJP ON BANGLADESH VIOLENCE
অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

গুৱাহাটী, 6 আগষ্ট : চুবুৰীয়া দেশ বাংলাদেশত গণ বিদ্ৰোহত সেও মানি দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি ভাৰতলৈ পলাই অহাৰ পিছত ভাৰত-বাংলা সীমান্তৰ নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে অসম জাতীয় পৰিষদে ৷

দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই সোমবাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে দেশখনৰ অশান্ত পৰিস্থিতিৰ সুযোগ লৈ সেই দেশৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশ তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে ৷ সেয়ে ভাৰত-বাংলা সীমান্তৰ বিশেষকৈ অসমৰ সৈতে সংলগ্ন সীমা এলেকাৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা প্ৰয়োজন ৷

লগতে পঢ়ক: বাংলাদেশ জ্বলিছে : হাছিনাৰ হেলিকপ্টাৰ নামিল গাজিয়াবাদৰ সেনাৰ ঘাটিত - Bangladesh PM Sheikh Hasina

জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দলটোৰ মতে বাংলাদেশৰ শেহতীয়া গণবিদ্ৰোহৰ সৈতে যিকেইটা শক্তি জড়িত হৈ আছে ৷ তাৰ ভিতৰত ভাৰত বিৰোধী সাম্প্ৰদায়িক সংগঠনো আছে ৷ উক্ত শক্তিসমূহে পূৰ্বে ভাৰতৰ পশ্চিমবংগ আৰু অসমত সন্ত্ৰাসবাদী সংযোগ স্থাপন কৰাৰ বহু উদাহৰণ আছে ৷

একেদৰে ভাৰতত নাগৰিকত্ব সংশোধনী আইন প্ৰয়োগে সুযোগ দিয়া বাংলাদেশী নাগৰিকেও অসমলৈ গুছি অহাৰ সম্ভাৱনা বিদ্যমান ৷ এনে দুয়ো ধৰণৰ অনুপ্ৰৱেশৰ প্ৰতিৰোধ কৰাটো জৰুৰী ৷ জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে বিবৃতিটোত কয় যে, বিজেপি দলৰ চৰকাৰে প্ৰতিশ্ৰুতি দিও অসম-বাংলাদেশ সীমা ছীল নকৰিলে, সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ সম্পূৰ্ণ নকৰিলে, অসম চুক্তি অনুসৰি বিদেশী চিনাক্ত আৰু বহিষ্কৰণ নকৰিলে ৷

একেদৰে এন আৰ চি উন্নীতকৰণৰ কাম সম্পূৰ্ণ নকৰা আৰু নাগৰিকত্ব সংশোধনী আইন প্ৰয়োগে দেশখনৰ পৰা অসমলৈ অনুপ্ৰৱেশ হোৱাৰ পথ মুকলি কৰি ৰাখিলে ৷ ফলত বাংলাদেশৰ মৌলবাদী, সন্ত্ৰাসবাদী বা ভাৰতত নাগৰিকত্ব সংশোধনী আইনে প্ৰয়োগে সুবিধা কৰি দিয়া বাংলাদেশী লোক, উক্ত তিনিও শ্ৰেণীৰ অনুপ্ৰৱেশ অসমলৈ অবৈধভাৱে ঘটাৰ বাট মুকলি হৈ আছে ৷

এইক্ষেত্ৰত কেন্দ্ৰীয় গৃহ তথা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে যোগাযোগ স্থাপনৰে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দলটোৱে অসমৰ মুখ্যমন্ত্ৰীকো দাবী জনায় ৷

লগতে পঢ়ক : বাংলাদেশত হ'ব অন্তৱৰ্তীকালীন চৰকাৰ : ঘোষণা বাংলাদেশৰ সামৰিক মুৰব্বীৰ - Bangladesh protest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.