ETV Bharat / politics

লাভ জেহাদ-লেণ্ড জেহাদৰ বিৰুদ্ধে শীঘ্ৰেই আহিব আইন : মুখ্যমন্ত্ৰী - Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 3:52 PM IST

Assam government : অসম চৰকাৰে লাভ জেহাদৰ লগত জড়িত থকা ব্যক্তিক কঠোৰ শাস্তি দিয়াৰ বাবে অসম বিধানসভাত বিধেয়ক উত্থাপন কৰিব ৷ লেণ্ড জেহাদৰ বিৰুদ্ধেও চৰকাৰে দুমাহৰ ভিতৰত নতুন আইন আনিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

Assam government
লাভ জেহাদ আৰু লেণ্ড জেহাদৰ বিৰুদ্ধে একপ্ৰকাৰ যুদ্ধ ঘোষণা মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

গুৱাহাটী, 5 আগষ্ট : এসময়ত অসমত নাম নুশুনা লাভ জেহাদ আৰু লেণ্ড জেহাদৰ সমস্যা এতিয়া জটিল হৈছে ৷ এই কথা মুখ্যমন্ত্ৰী‌ হিমন্ত বিশ্ব শৰ্মাৰ কথাত প্ৰতিফলিত হৈছে ৷ যাৰ বাবে এতিয়া অসম চৰকাৰে এইবাৰ লাভ জেহাদ আৰু লেণ্ড জেহাদৰ বিৰুদ্ধে একপ্ৰকাৰ যুদ্ধ ঘোষণা কৰিছে ৷ তাৰ বাবে প্ৰণয়ন ‌হ’ব নতুন আইন-কানুন ৷

লাভ জেহাদ আৰু লেণ্ড জেহাদৰ বিৰুদ্ধে আহিব আইন (ETV Bharat Assam)

গুৱাহাটীত সোমবাৰে সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম চৰকাৰে লাভ জেহাদৰ লগত জড়িত থকা ব্যক্তিক কঠোৰ শাস্তি দিয়াৰ বাবে অসম বিধানসভাত বিধেয়ক উত্থাপন কৰিব ৷ তেওঁ কয়- অসমত লাভ জেহাদ বাঢ়িছে ৷ একাংশ ব্যক্তিয়ে ফেচবুকত হিন্দু নাম লৈ ছোৱালীক প্ৰলোভন দি বিয়া কৰায় ৷ পিচত ছোৱালীজনীয়ে সত্যটো গম পায় ৷ সেয়েহে ভুক্তভোগীয়ে উপযুক্ত ন্যায় পাব লাগে ৷ যাৰ বাবে অসম চৰকাৰে যোৱা পাঁচ বছৰৰ এনেধৰণৰ বিভিন্ন গোচৰ পৰীক্ষা কৰি বিধানসভাত এখন বিধেয়ক অনাৰ সিদ্ধান্ত লৈছে ৷ যাৰ দ্বাৰা অপৰাধীক কঠোৰ শাস্তি দিব পৰা যায় ৷ কাৰণ ইয়াৰ ফলত ভুক্তভোগী ছোৱালীজনী যথেষ্ট ক্ষতিৰ সম্মুখীন হ'ব লগা হয় ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰী ড৹ শৰ্মাই জনালে কেবাখনো নতুন আইনৰ বিষয়ে : কি কি ? - Assam Land Sale Policy

লেণ্ড জেহাদৰ বিৰুদ্ধে প্ৰণয়ন হ'ব নতুন আইন :

মুখ্যমন্ত্ৰীয়ে কয় যে অসমত লাভ জেহাদ যেনেদৰে বৃদ্ধি পাইছে ঠিক সেইদৰে লেণ্ড জেহাদ বৃদ্ধি পাইছে ৷ বৰপেটা, ধুবুৰী, গোৱালপাৰা আদি জিলাত লেণ্ড জেহাদ বৃদ্ধি পাইছে ৷ এই জিলাসমূহত খিলঞ্জীয়া অসমীয়া তথা অনুসূচিত জাতি আৰু অনুসূচীত জনজাতি আৰু কোচ ৰাজবংশীৰ ভূমি একাংশ লোকে ক্ৰয় কৰি আছে ৷ যাৰ বাবে এই অঞ্চলৰ ভৌগোলিক পৰিৱৰ্তন হৈছে ৷ ঝাৰখণ্ডতো এনেধৰণে এখনৰ পিচত আন এখন গাঁও এনে লোকসকলে গ্ৰাস কৰি আহিছে বুলি কয় তেওঁ ৷

অসমতো এই লেণ্ড জেহাদৰ জৰিয়তে এনে হ'বলৈ গৈ আছে যাৰ বাবে অসম চৰকাৰে দুমাহৰ ভিতৰত নতুন আইন আনিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ এই আইন অনুসৰি অনুসূচিত জাতি আৰু অনুসূচীত জনজাতি আৰু কোচ ৰাজবংশীৰ ভূমি অইন লোকে ক্ৰয় কৰিব নোৱাৰিব ৷ আকৌ ভূমি ক্ৰয়ৰ ক্ষেত্ৰত এতিয়াৰে পৰা জিলা আয়ুক্তৰ নহয় অসম চৰকাৰৰ অনুমতি ল'ব লাগিব ৷ এইক্ষেত্ৰত চৰকাৰে নতুন আইন প্ৰণয়ন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে ৷

লগতে পঢ়ক : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আন্দোলন ৰাজীৱ ভৱনলৈ বিস্তাৰিত হওক: মুখ্যমন্ত্রী - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.