ETV Bharat / politics

উপ-নিৰ্বাচনত কংগ্ৰেছে অকলেই যুঁজিব : ভূপেন বৰাৰ স্পষ্ট ইংগিত - Bhupen Kumar Borah on By election

Bhupen Kumar Borah : আগন্তুক উপ-নিৰ্বাচনক লৈ ভূপেন বৰাই দিছে ইংগিত ৷ সম্ভৱত কংগ্ৰেছে অকলেই এইবাৰ যুঁজ দিব উপ-নিৰ্বাচনত ৷

author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 3:32 PM IST

Bhupen Kumar Borah
আগন্তুক উপ-নিৰ্বাচনক লৈ ভূপেন বৰাই দিছে ইংগিত (Etv Bharat)

গুৱাহাটী, ১৬ জুলাই : ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পাঁচটা বিধানসভাৰ উপ-নিৰ্বাচনত কংগ্ৰেছ দলে অকলে যুঁজ দিয়াৰ এক প্ৰকাৰ স্পষ্ট ইংগিত দিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ‌ভৱনত সাংবাদিকক সম্বোধন কৰি বৰাই কয় যে দলীয় সভাত দলৰ নেতা-কৰ্মীসকলে উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচটা বিধানসভা সমষ্টি ক্ৰমে ধলাই, চামগুৰি, বিহালী, চিদলী, বঙাইগাঁও বিধানসভা‌ সমষ্টিত অকলে কংগ্ৰেছ দলে যুঁজ দিয়াৰ পৰামৰ্শ দিছে ।

তেওঁ কয়, ‘‘পূৰ্বতে চিদলী সমষ্টিটো আমি বি পি এফ দলক এৰি দিছিলো ।‌ এইবাৰ বি পি এফ আমাৰ লগত নাই । আকৌ বিহালী সমষ্টিটো চি পি আই এম এলক এৰি দিছিলো । তাত পিচত আমাৰ সংগঠন‌ বেয়াৰ ফালে গতি কৰিলে । গতিকে এইক্ষেত্ৰত অতি শীঘ্ৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলক লৈ পাঁচখন কমিটী‌ গঠন‌ কৰি সংশ্লিষ্ট বিধানসভা পৰ্যায়ত আলোচনা, পৰামৰ্শ লৈ চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব ।’’

দলৰ শৃংখলা ভংগ কৰা নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব :

দলৰ শৃংখলা ভংগ কৰা কংগ্ৰেছৰ নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰী কৰে ভূপেন বৰাই । উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ‌ সময়ত আব্দুল খালেক, ভৰত নৰহ আৰু আব্দুৰ ৰছিদ মণ্ডলে দলীয়া শৃংখলা ভংগ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ।

এই সন্দৰ্ভত বৰাই কয়, ‘‘দলৰ এখন অনুশাসন সমিতি (Disciplinary committee) আছে । এই কমিটীয়ে তথ্য প্ৰমাণ আৰু অভিযোগৰ ভিত্তিত দলীয় শৃংখলা ভংগ কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব ।’’

লগতে পঢ়ক : ছোনিয়া গান্ধীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন গৌৰৱ গগৈৰ - Gaurav Gogoi

কা সন্দৰ্ভত কংগ্ৰেছৰ স্থিতি :

কা সন্দৰ্ভত পুনৰ দলৰ স্থিতি স্পষ্ট কৰে ভূপেন বৰাই । তেওঁ কয় যে কংগ্ৰেছ দল শাসনলৈ আহিলে কা বাতিল কৰা হ'ব । বিজেপি দলে সংসদত সংখ্যাৰ বলত এই আইন কৰিছিল ।‌ বিজেপিয়ে অসমীয়া জাতিক বিশ্বাসঘাতকতা কৰিছে ।

কাইলৈ হোটেল লিলিত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ সভা :

অহা ১৭ জুলাইত প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক অনুষ্ঠিত হ'ব । হোটেল লিলিত এই বৈঠক অনুষ্ঠিত হ’ব বুলি‌ ভূপেন বৰাই সদৰী কৰে । কংগ্ৰেছৰ তিনিদিনীয়া সাংগঠনিক বৈঠক আৰম্ভ হ’ব ৷

ইপিনে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি সাংগঠনিক কচৰ‍ৎ আৰম্ভ কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তৎপৰতা আৰম্ভ কৰিছে । তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত আজিৰে পৰা দলটোৱে তিনিদিনীয়া কাৰ্যসূচীৰে পর্যালোচনা বৈঠক আৰম্ভ কৰিছে ।

লগতে পঢ়ক : ৰাজনৈতিক দলত অহা-যোৱা চলিয়েই থাকে : মুখ্যমন্ত্ৰী - Himanta Biswa Sarma

ৰাজীৱ ভৱনত সিঙে কালি পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচন সম্পর্কীয় প্ৰথমখন বৈঠকত অংশগ্ৰহণ কৰে । প্ৰতিটো বিধানসভা সমষ্টি অনুসৰি পৃথকে বৈঠক অনুষ্ঠিত হৈছে ।

এই বৈঠকত ৰাজ্যিক নেতৃবৰ্গৰ লগতে সংশ্লিষ্ট সমষ্টিটোৰ জিলা কংগ্ৰেছৰ সভাপতি, ব্লক কংগ্ৰেছৰ সভাপতি, বিগত বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী, প্ৰাক্তন বিধায়ক, সমষ্টিটো অন্তৰ্ভুক্ত হৈ থকা সংসদীয় সমষ্টিৰ সাংসদ, প্ৰাক্তন সাংসদ আদিয়ে অংশগ্ৰহণ কৰিছে । আজি দলৰ উজনি অসম, উত্তৰ অসম, মধ্য অসম, পাহাৰীয়া জিলা, বৰাক উপত্যকা, নামনি অসম আৰু বি টি আৰ মণ্ডলৰ সুকীয়াকৈ সাংগঠনিক সভা অনুষ্ঠিত হয় ।

লগতে পঢ়ক : বতাহ এতিয়া কংগ্ৰেছৰ পক্ষত বলিছে, ৰাইজে পৰিৱৰ্তন বিচাৰিছে : ভূপেন বৰা - Bhupen Borah

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.