ETV Bharat / politics

অসমত কংগ্ৰেছৰ খহনীয়াক লৈ উদ্বিগ্ন হাইকামাণ্ড; দিল্লীত ভূপেন বৰা-দেৱব্ৰত শইকীয়া - Assam Congress leaders in Delhi

Assam Congress leaders in Delhi : প্ৰদেশ কংগ্ৰেছ সভাপতি আৰু বিৰোধী দলপতিক হাইকমাণ্ডৰ তলব । মুখ্যমন্ত্ৰীৰে কোন কোন কংগ্ৰেছী বিধায়কৰ আছে সম্পৰ্ক । প্ৰদেশ কংগ্ৰেছৰ খহনীয়াৰ বুজ ল’ব হাইকমাণ্ডে । কি পৰিস্থিতিত কমলাক্ষ দে' পুৰকায়স্থ আৰু বসন্ত দাসে চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়ালে জনাব লাগিব হাইকামাণ্ডক ।

Assam Congress leaders in Delhi
অসমত কংগ্ৰেছৰ খহনীয়াক লৈ উদ্বিগ্ন হাইকামাণ্ড
author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 2:18 PM IST

গুৱাহাটী, ১৮ ফেব্ৰুৱাৰী : অসমত ভয়াৱহ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কংগ্ৰেছ দল । বিভিন্ন কাৰণত এজনৰ পাচত আনজনকৈ কংগ্ৰেছ বিধায়কে শাসকীয় দল তথা চৰকাৰৰ প্ৰতি অনুগত্য স্বীকাৰ কৰাক লৈ কংগ্ৰেছ দলত ধুমুহাৰ সৃষ্টি হৈছে । ইফালে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অধিক তীব্ৰতৰ হৈছে পৰিছে কংগ্ৰেছ দলৰ আভ্যন্তৰীন কন্দল ।

অৱশ্যে কংগ্ৰেছৰ ভিতৰুৱা কন্দল এতিয়া প্ৰায় ৰাজহুৱা হৈ পৰিছে । যাৰ পৰিপ্ৰেক্ষিতত চাপ বৃদ্ধি পাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । অসম কংগ্ৰেছত দেখা দিয়া শেহতীয়া পৰিস্থিতিৰ বাবে ভূপেন বৰাক দিল্লীলৈ তলব কৰিছে কংগ্ৰেছ হাইকমাণ্ডে । লগতে তলব কৰা হৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক ।

উল্লেখ্য যে, অতি শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত থকা বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই মুকলিভাৱে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি বিজেপি চৰকাৰক সমর্থন দিয়াৰ সিদ্ধান্ত ঘোষণা কৰাৰ পাচতে দলৰ অভ্যন্তৰৰ পৰিস্থিতি অধিক অস্থিৰ হৈ পৰিছে ।

কমলাক্ষ দে’ পুৰকায়স্থৰ সৈতে বিধায়ক বসন্ত দাসেও বিজেপি চৰকাৰৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়াইছে । এই দুয়োজন বিধায়কে বিজেপিৰ প্ৰতি অনুগত্য স্বীকাৰ কৰিছে যদিও বিধায়ক পদ খাৰিজ হোৱাৰ ভয়তে কেৱল চৰকাৰক সমৰ্থন দিয়াৰ কথা সদৰী কৰিছে ।

ইফালে কংগ্ৰেছৰ আন কেইবাগৰাকী বিধায়কে যোগাযোগত আছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সদৰী কৰিছে । এনে প্ৰেক্ষাপটত শনিবাৰে নতুন দিল্লীলৈ তলব কৰা হয় দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক । অসম কংগ্ৰেছৰ শেহতীয়া ঘটনাপ্ৰৱাহক লৈ মুঠেই সন্তুষ্ট নহয় কংগ্ৰেছ হাইকামাণ্ড ।

বিশেষকৈ ভূপেন বৰাৰ কার্যকালত দলত দেখা দিয়া ভয়াৱহ গৰাখহনীয়াক লৈ উদ্বিগ্ন হৈ পৰিছে কংগ্ৰেছ হাইকামাণ্ড৷ সেয়ে শনিবাৰে ভূপেন বৰাক জৰুৰীভাৱে নতুন দিল্লীলৈ তলৱ কৰা হয় । ইতিমধ্যে ভূপেন বৰাৰ লগতে বিৰোধী সলপতি দেৱব্ৰত শইকীয়া দিল্লীত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে ।

লক্ষণীয় বিষয় যে, লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ দুজনকৈ বিধায়কে বিজেপি চৰকাৰক সমর্থন দিয়া কার্যক সহজভাৱে ল’ব পৰা নাই হাইকামাণ্ডে । ইফালে দলটোৰ আন একাংশ নিলম্বিত বিধায়কেও শেহতীয়াভাৱে কংগ্ৰেছ দলৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

এইসকল বিধায়ক বিজেপি নাইবা বিজেপিৰ মিত্ৰদল অগপলৈ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । সেইদৰে দলটোৰ আন একাংশ বিধায়কেও ভূপেন বৰাৰ কাম-কাজক লৈ গভীৰ অসন্তুষ্টি প্ৰকাশ কৰাটো হাইকামাণ্ডৰ দৃষ্টিগোচৰ হৈছে । আনহাতে, কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদে অগপত যোগদান কৰাৰ কথা ইতিমধ্যে স্পষ্ট কৰিছে ।

সেইদৰে কংগ্ৰেছৰ আন এজন বিধায়ক আব্দুৰ ৰচিদ মণ্ডলেও ছিদ্দেক আহমেদৰ পথেৰে গৈ অগপত যোগ দিয়াৰ সম্ভাৱনাই দেখা দিছে । অসম কংগ্ৰেছত শেহতীয়াকৈ দেখা পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে হাইকামাণ্ড । যাৰ বাবে অসমৰ সকলো দিশৰ বুজ লোৱাৰ বাবে হাইকামাণ্ডে তলব কৰিছে ভূপেন বৰাৰ লগতে দেৱব্ৰত শইকীয়াক ।

জানিব পৰা মতে, মুখ্যমন্ত্ৰীৰে কোন কোন কংগ্ৰেছী বিধায়কৰ আছে সম্পৰ্ক সেই সম্পৰ্কে হাইকামাণ্ডে বুজ ল'ব । লগতে প্ৰদেশ কংগ্ৰেছৰ খহনীয়াৰ বুজ ল’ব হাইকমাণ্ডে । বিধায়কসকল কিয় নিয়ন্ত্ৰণৰ বাহিৰত গৈছে তথা মুখ্যমন্ত্ৰীৰে কিয় ইমান হলি-গলি হৈছে, তাৰ উত্তৰ হাইকামাণ্ডক দিব লাগিব ভূপেন বৰা আৰু বিৰোধী দলপতিয়ে ।

লগতে পঢ়ক : লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ কেবাজনো বিধায়কে যোগ দিব অগপত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.