ETV Bharat / politics

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ কংগ্ৰেছ বিধায়িনী দলৰ - বিশেষাধিকাৰ ভংগ

Himanta Biswa Sarma: বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপিত হৈছে মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ বিৰুদ্ধে ৷ এই সন্দৰ্ভত বিধানসভা সচিবালয়ে মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে পত্ৰ ৷

Himanta Biswa Sarma
বিশেষাধিকাৰ ভংগ
author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 8:46 PM IST

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী: বিধানসভাত ভুল তথ্য দিয়া বুলি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ আনিছিল কংগ্ৰেছ বিধায়িনী দলে ৷ কংগ্ৰেছ বিধায়িনী দলৰ সেই অভিযোগৰ ভিত্তিতে আজি বিধানসভা সচিবালয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে ৷

ন্ত্ৰীৰ বিৰুদ্ধে বিশেষা
মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ পত্ৰ বিধানসভা সচিবালয়ৰ

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, ‘‘মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আমি বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ দিছো । মুখ্যমন্ত্ৰীয়ে সদনত তথ্য সহকাৰে কথা কোৱা নাছিল । মহাবিদ্যালয়ত নামভৰ্তিক লৈ মুখ্যমন্ত্ৰীয়ে সদনত তথ্যহীন কথা কৈছিল । তথ্যহীনভাৱে কথা ক'লে সদনৰ মৰ্যাদা হানি হয় ।’’

  • " class="align-text-top noRightClick twitterSection" data="">

সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিধানসভাত দিয়া অভিযোগৰ ভিত্তিতে বিশেষাধিকাৰৰ গোচৰ বিধানসভা সচিবালয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ পঠাইছে বুলি বিৰোধী দলপতিগৰাকীয়ে কয় । উল্লেখ্য যে কংগ্ৰেছ বিধায়িনী দলৰ অভিযোগৰ ভিত্তিতে আজি বিধানসভাৰ প্ৰধান সচিবে মুখ্যমন্ত্ৰীৰ প্ৰধান ব্যক্তিগত সচিবলৈ পত্ৰ প্ৰেৰণ কৰে । পত্ৰখনত কোৱা হয় যে মহাবিদ্যালয়ত নামভৰ্তিৰ নীতিৰ ক্ষেত্ৰত সদনত ভুল তথ্য দাঙি ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষাধিকাৰ ভংগৰ কৰাৰ অভিযোগ আনিছে কংগ্ৰেছ বিধায়িনী দলে ৷

এই সন্দৰ্ভত বিধানসভাৰ প্ৰক্ৰিয়া আৰু আচৰণৰ নিয়ম ১৫৮ আৰু ১৫৯ৰ প্ৰসংগ উল্লেখ কৰা হৈছে । কংগ্ৰেছ বিধায়িনী দলে অনা অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীক অৱগত কৰোৱাৰ বাবে পত্ৰখনত কোৱা হৈছে । বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নিজৰ মতামত ব্যক্ত কৰাৰ লগতে অভিযোগ সন্দৰ্ভত তথ্যগত টোকা বিধানসভাৰ অধ্যক্ষ কাৰ্যালয়ত দাখিল কৰাৰ বাবে পত্ৰযোগে আহ্বান জনোৱা হৈছে । যাতে উত্থাপিত বিষয়টোৰ শীঘ্ৰে নিষ্পত্তি হয় ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে বিগত বৰ্ষৰ বাজেট অধিৱেশনৰ সময়তো কংগ্ৰেছ বিধায়িনী দলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ আনিছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত লোৱা সিদ্ধান্তৰ কথা জনা বুলি সদনত মুকলিকৈ ব্যক্ত কৰিছিল । মুখ্যমন্ত্ৰীৰ সেই বক্তব্যৰ পিচতে কংগ্ৰেছ দলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

সেই সন্দৰ্ভত কংগ্ৰেছ বিধায়িনী দলৰ বিধায়কসকলে অসম বিধানসভাৰ প্ৰধান সচিবলৈ পত্ৰ প্ৰেৰণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰিছিল । এইবাৰো কংগ্ৰেছ বিধায়িনী দলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ আনিছে । এই সন্দৰ্ভত এইবাৰ স্পষ্টিকৰণ দিয়াৰ বাবে বিধানসভা সচিবালয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক: মিছন বসুন্ধৰা ২.০ ৰ অধীনত ধেমাজিবাসীয়ে লাভ কৰিলে ভূমিৰ অধিকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.