ETV Bharat / politics

মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী তৎপৰতা; আজি তেজপুৰত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব’ - Lok Sabha Election 2024

Lok Sabha Election 2024: সোমবাৰে তেজপুৰত ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বিয়লি অনুষ্ঠিত হ’ব এই ৰোড শ্ব’ ৷

Assam CM Himanta Biswa Sarma will hold a road show in Tezpur
মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী তৎপৰতা; আজি তেজপুৰত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব’
author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 7:04 AM IST

মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী তৎপৰতা; আজি তেজপুৰত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব’

তেজপুৰ, 15 এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত তুংগত চলিছে দলীয় নিৰ্বাচনী প্ৰচাৰ । প্ৰতিটো দলৰ প্ৰতিগৰাকী নেতা-মন্ত্ৰীয়ে অংশ লৈছে নিৰ্বাচনী প্ৰচাৰত ৷ পিছ পৰি ৰোৱা নাই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো ৷

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম পৰ্যায়ৰ পাঁচটা লোকসভা সমষ্টিত চলাইছে মাৰাথন নিৰ্বাচনী প্ৰচাৰ । দেওবাৰে শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছত সোমবাৰে ৰঙাপাৰা সমষ্টিত মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব বুলি জানিব পৰা গৈছে ৷ সমান্তৰালভাবে তেজপুৰ সদৰত বিয়লিৰ ভাগত ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে ।

সিংহলে কয়, "মুখ্যমন্ত্ৰীয়ে বিয়লি 4 বজাৰ পৰা তেজপুৰ চহৰৰ ৰাইজৰ সৈতে মিলিত হ’ব আৰু ৰোড শ্ব’ কৰিব আৰু এই ৰোড শ্ব’ ঐতিহাসিক হিচাবে চিহ্নিত হ’ব ।" সমাগত নিৰ্বাচন সন্দৰ্ভত সিংহলে কয়, "11 নং শোণিতপুৰ লোকসভা সমষ্টিত বিজেপিৰ কোনো প্ৰতিদ্বন্দ্বী নাই ৷ ইয়াত কোনো নিৰ্বাচনেই নাই ৷ গ’ল পোষ্ট খালি আছে ৷ শোণিতপুৰত কোনো বিৰোধী নাই ।"

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে অসমত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ ফলত অসমৰ উন্নয়নৰ ছবিখনৰ দ্বাৰা মান প্ৰভাৱিত হ’ব আৰু অসমৰ দৰে পঞ্জাবৰো উন্নয়ন সাধন কৰিব পাৰিব । তেওঁ পুনৰ কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিদৰে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ঠিক সেইদৰে পঞ্জাবৰ মুখ্যমন্ত্ৰী মানৰ নেতৃত্বত পঞ্জাবত ড্ৰাগছৰ প্ৰচলন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিব লাগে ।

শোণিতপুৰ লোকসভা সমষ্টিত বিজেপিয়ে অভিলেখ সংখ্যক ভোটত জয় লাভ কৰিব বুলিও সিংহলে কয় ।

লগতে পঢ়ক: একাষৰীয়া উৰুকাৰ বজাৰ : যোৰহাটত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব’লৈ ওলাই আহিল হাজাৰ হাজাৰ লোক - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.