ETV Bharat / politics

ঝাৰখণ্ডত বাণ্টি-বাবলিৰ চৰকাৰ চলি আছে: হিমন্ত বিশ্ব শৰ্মা - JHARKHAND ELECTIONS 2024

জামতাৰাত মুখ্যমন্ত্ৰীয়ে বিজেপিৰ বিদ্ৰোহী নেতাজনক সাক্ষাৎ কৰি সৈমান কৰাবলৈ চেষ্টা কৰে । লগতে তেওঁ জে এম এমক এক ভণ্ড চৰকাৰ আখ্যা দিয়ে ।

HIMANTA BISWA SARMA TARGETED JMM
ঝাৰখণ্ড চৰকাৰক তীব্ৰ আক্ৰমণ মুখ্যমন্ত্ৰীৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2024, 5:36 PM IST

জামতাৰা: বৰ্তমান দিন-ৰাতি একাকাৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ব্যস্ত হৈ আছে ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰত । ঝাৰখণ্ডত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত বিশেষ দায়িত্বত আছে মুখ্যমন্ত্ৰী ।

তেওঁ বিভিন্ন বিধানসভা সমষ্টি ভ্ৰমণ কৰি বিজেপিৰ নেতা তথা কৰ্মীসকলক সাক্ষাতৰ লগতে নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰি আছে । লগতে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত বিজেপি নেতাসকলক সৈমান কৰোৱাৰ কামতো তেওঁ ব্যস্ত হৈ আছে ।

ঝাৰখণ্ড চৰকাৰক তীব্ৰ আক্ৰমণ মুখ্যমন্ত্ৰীৰ (ETV Bharat)

কিয়নো ঝাৰখণ্ডত বৰ্তমান একাংশ টিকট বঞ্চিত বিজেপি নেতা বিদ্ৰোহী হৈ উঠিছে । এই বিদ্ৰোহী নেতাসকলক সৈমান কৰোৱাত ব্যস্ত আছে ৰাজ্যিক বিজেপি । ইয়াৰ উপৰি ঝাৰখণ্ডত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও দলৰ ক্ষতি নিয়ন্ত্ৰণত নিয়োজিত হৈ পৰিছে ।

কুণ্ডিতৰ পিছত শুকুৰবাৰে দ্বিতীয়দিনা হিমন্ত বিশ্ব শৰ্মাই জামতাৰাত বিদ্ৰোহী নেতাজনক নিজৰ বাসগৃহত সাক্ষাৎ কৰি তেওঁক সৈমান কৰাবলৈ যথাসাধ্য চেষ্টা চলায় । আনহাতে, তেওঁ ঝাৰখণ্ড চৰকাৰকো তীব্ৰ আক্ৰমণ কৰি কয় যে ঝাৰখণ্ডত বৰ্তমান জে এম এমৰ বাণ্টি-বাবলিৰ চৰকাৰ চলি আছে । তেওঁ লগতে কয় যে যদি এইখন চৰকাৰ পুনৰ আহে, তেন্তে কোনেও সুৰক্ষিত হ'ব নোৱাৰে । একে সময়তে তেওঁ ৰাজ্যৰ দুই মন্ত্ৰী আলমগীৰ আলম আৰু ইৰফান আনছাৰীকো তীব্ৰ আক্ৰমণ কৰে ।

বাণ্টি-বাবলিৰ চৰকাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানৰ হেমন্ত ছোৰেণ চৰকাৰ আৰু ঝাৰখণ্ড মুক্তি মৰ্চাক তীব্ৰ আক্ৰমণ কৰে । তেওঁ জে এম এমৰ চৰকাৰক বাণ্টি-বাবলিৰ চৰকাৰ আখ্যা দি কয়, "যদি এই চৰকাৰ পুনৰ শাসনলৈ আহে, ৰাজ্যখনত কোনেও সুৰক্ষিত থাকিব নোৱাৰে ।" লগতে তেওঁ জে এম এম চৰকাৰক অনুপ্ৰৱেশকাৰীসকলক সুৰক্ষা প্ৰদান কৰা চৰকাৰ বুলিও উল্লেখ কৰে । আনহাতে, জে এম এমৰ সমগ্ৰ ব্যৱস্থাটোক ভণ্ডামি বুলিও অভিহিত কৰে ।

ঝাৰখণ্ডৰ পৰিস্থিতি অসমতকৈও বেয়া : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অনুপ্ৰৱেশৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, "ঝাৰখণ্ডৰ পৰিস্থিতি অসমতকৈও বেয়া । মই ঝাৰখণ্ড ভ্ৰমণ কৰাৰ ৩ মাহৰ ভিতৰত দেখিছোঁ যে ঝাৰখণ্ডৰ অৱস্থা অসমতকৈও বেয়া । সেয়ে ইয়াত চৰকাৰ সলনি কৰাটো প্ৰয়োজনীয় আৰু এয়া সকলোৰে দায়িত্ব । এই চৰকাৰখন অনুপ্ৰৱেশকাৰীৰ চৰকাৰ । যদি এই চৰকাৰ পুনৰ আহে, আমাৰ নিৰাপত্তা বিপদত পৰিব ।"

তেওঁ লগতে কয়, "আপোনালোকে কঠোৰ পৰিশ্ৰম কৰি আছে । কিন্তু টকা আপোনালোকে নহয় আলমগীৰে পাই আছে ।" ইফালে ইৰফান আনছাৰী সন্দৰ্ভত তেওঁ কয়, "তেওঁ জনজাতীয় লোকসকলৰ বিৰুদ্ধে বিভিন্ন কথা কৈ আছে । কিন্তু এতিয়ালৈকে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ।"

লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ দাখিল
লগতে পঢ়ক :প্ৰথমে 'মীৰ'ক ঝাৰখণ্ডৰ পৰা খেদি পঠিয়াওক, তেতিয়া 'বিশ্ব' নিজেই আঁতৰি যাব: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.