ETV Bharat / politics

...কামেই কৰি আছো এদিনো ভালকৈ শুৱা নাই : হিমন্ত বিশ্ব শৰ্মা - Assam cm election campaign

Assam CM election campaign : তুংগত চলিছে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ ৷ ৰাইজে বিহু পালন কৰাৰ লগতে গণতন্ত্ৰৰ উৎসৱ নিৰ্বাচনটো ভাগ লৈছে বুলি কাকীত কয় মুখ্যমন্ত্রীগৰাকীয়ে ।

Assam cm himanta biswa sarma election campaign in Lumding Assembly Constituency
...কামেই কৰি আছো এদিনো ভালকৈ শুৱা নাই: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 8:54 AM IST

Updated : Apr 15, 2024, 10:10 AM IST

হোজাই, 15 এপ্ৰিল : ‘‘মইটো ধৰ্মীয় মেৰুকৰণ সদায় কৰো ৷ তাত নতুন কি কথা আছে ৷ তাত একো আপত্তি নাই ৷ কাৰণ মোৰ ধৰ্মীয় মেৰুকৰণটো কি হ’ল- হিন্দুক অপমান কৰাটো নহ’ব ৷ সেইটো যদি মেৰুকৰণ হয়, তেতিয়াহ’লে মই মেৰুকৰণ কৰিমেই ৷ হিন্দুৰ অধিকাৰৰ হকে মাত মতাটো ধৰ্মীয় মেৰুকৰণ নেকি ?" দেওবাৰে লামডিং বিধানসভা সমষ্টিৰ কাকীত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এইদৰে বক্তব্য আগবঢ়ায় ৷

দেওবাৰে বিয়লি ভাগত কাকীৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মঞ্চত উঠি বিজেপিৰ গীতৰ তালে তালে নৃত্য কৰাৰ লগতে নিজ ভাষণত উপস্থিত ৰাইজক বিজেপিৰ আঁচনিসমূহৰ বিষয়ে অৱগত কৰে । লগতে লোকসভা নিৰ্বাচনত পদুম ফুলৰ ছবিত ভোট দি তৃতীয়বাৰৰ বাবে মোদীক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিবলৈ ৰাইজলৈ আহ্বান জনায় ।

দেওবাৰে পহিলা ব’হাগৰ দিনটোত কাকীৰ নিৰ্বাচনী প্ৰচাৰ সভাখনত ৰাইজৰ উপস্থিতি দেখি আপ্লুত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিহু পালন কৰাৰ লগতে ৰাইজে গণতন্ত্ৰৰ উৎসৱ- নিৰ্বাচনটো ভাগ লৈছে বুলি কয় । নিৰ্বাচনী প্ৰচাৰ সভাখনত বিৰোধীৰ প্ৰতি আক্ৰমণাত্মক হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "গৌৰৱ গগৈ নামাজলৈ যোৱাত আমাৰ আপত্তি নাই ৷ কলিয়াবৰত থাকোতে তেওঁ গৈয়ে থাকে । কথাটো হ’ল তেওঁ ৰাম মন্দিৰলৈ কিয় নাযায় ? কংগ্ৰেছৰ মানুহৰ ৰাজনীতি হিন্দুক অপমান কৰা ।"

সমান্তৰালভাৱে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈক কটাক্ষ কৰি অখিল গগৈক কোনোবা দিনা কামাখ্যা মন্দিৰলৈ যোৱা দেখিছে নেকি বুলি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীগৰাকীয়ে কয় ৷ ইয়াৰ লগতে, মুখ্যমন্ত্রী হোৱাৰ পিছত কামেই কৰি আছো এদিনো ভালকৈ শুৱা নাই বুলি কয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

আনহাতে, বৃহত্তৰ কাকী অঞ্চলৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আঁচনি ঘোষণা কৰাত আশাবাদী হৈ পৰিছে বিজেপি কৰ্মীৰ লগতে বিধায়ক শিবু মিশ্ৰ । মুখ্যমন্ত্ৰীয়ে নিজ ভাষণত কাকী ৰাইজৰ বাবে এখন ষ্টেডিয়াম, এটা প্ৰেক্ষাগৃহ আৰু এখন চিকিৎসালয় দিম বুলি আশ্বাস প্ৰদান কৰিছে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী তৎপৰতা; আজি তেজপুৰত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব’ - Lok Sabha Election 2024

Last Updated : Apr 15, 2024, 10:10 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.