ETV Bharat / politics

বড়োলেণ্ডত এতিয়া বন্দুকৰ বাহাদুৰি নাই : মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 10:00 PM IST

Kokrajhar Lok Sabha Seat : উলুবাৰীত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

Kokrajhar Lok Sabha Seat
বিজনী বিধানসভা সমষ্টিৰ উলুবাৰীত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ (ETV BHARAT ASSAM)
মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ (ETV BHARAT ASSAM)

চিৰাং, 3 মে’ : লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া কোকৰাঝাৰ সমষ্টিত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ সমষ্টিটোৰ অন্তৰ্গত চিৰাং জিলাত শাসকীয় দলৰ লগতে বিৰোধী দলে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷

শুকুৰবাৰে চিৰাং জিলাৰ বিজনী বিধানসভা সমষ্টিৰ উলুবাৰীত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ উলুবাৰীত ৰাজহুৱা খেলপথাৰত কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অসমত বিজেপি-ইউ পি পি এল মিত্ৰজোঁটৰ চৰকাৰ নাথাকিলে পুনৰ বি টি চি অশান্ত হ’ব ৷ পূৰ্বৰ দৰে আকৌ বন্দুক টোৱাই ভোট বিচাৰিব ৷ চৰকাৰত আহিয়ে বিজেপিয়ে সকলো উগ্ৰপন্থীৰ সমস্যাৰ সমাধান কৰিলে ৷

দাদাগিৰি, হত্যা-হিংসা, ধন দাবী আদি বন্ধ হ’ল, বড়ো-অবড়ো শেষ হ’ল বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷ তেওঁ ভাষণত আগন্তুক ছমাহৰ ভিতৰত বন্ধ হৈ থকা আধাৰ কাৰ্ডৰ সমস্যা, ডি ভোটাৰৰ সমস্যা দূৰ কৰিব বুলি উল্লেখ কৰে ৷ লগতে বিজনী সমষ্টিৰ অৰুণোদয় নোপোৱা পৰিয়ালক এই আঁচনি প্ৰদান কৰিব বুলিও উল্লেখ কৰে ৷

এই প্ৰচাৰ সভাত বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ লগতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ভাষণ প্ৰদান কৰে ৷ সভাত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, মন্ত্ৰী পীযুষ হাজৰীকা, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ লগতে কেবাজনো বিধায়ক, বি টি চিৰ কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্য উপস্থিত থাকে ৷ ইফালে ক’ভিড প্ৰতিষেধক সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে কয় যে ক’ভিশ্বিল্ডৰ কোনো পাৰ্শ্বক্ৰিয়া নাই ৷ তেওঁ নিজেও এই ভেকচিন লোৱা বুলি উল্লেখ কৰে তেওঁ ৷

লগতে পঢ়ক : আমাৰ প্ৰতিদ্বন্দ্বিতা বিজেপিৰ লগতেই হ'ব :মনোৰঞ্জন তালুকদাৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.