ETV Bharat / politics

প্ৰসংগ- মন্ত্ৰিত্ব ! ২৬ৰ নিৰ্বাচনক লক্ষ্য কৰি অচিৰেই সলনি হ’ব হিমন্ত বিশ্বৰ ব্ৰিগেড; কাৰ কাৰ ফুলিব কপাল ? - Lok Sabha Election Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 12:40 PM IST

Updated : Jun 8, 2024, 5:19 PM IST

Reshuffle Assam cabinet : '২৬ ক লক্ষ্য কৰি আগষ্টত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী সভাৰ সালসলনি ৷ সলনি হ’ব ৰাজ্যিক বিজেপিৰ সভাপতি । উজনিৰ পৰা হ’ব নেকি বিজেপিৰ ৰাজ্যিক সভাপতি ? কি সমীকৰণত হ’ব মন্ত্ৰীসভাৰ সালসলনি ?

Assam CM announces cabinet reshuffle
'২৬ ক লক্ষ্য কৰি আগষ্টত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী সভাৰ সালসলনি (ETV Bharat)

গুৱাহাটী, ৮ জুন : অচিৰেই সলনি হ’বলগীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাত কোনে কোনে স্থান পাব ? কাৰ মন্ত্ৰিত্ব যাব ? কাৰ কাৰ সলনি হ’ব দপ্তৰ ? এই লৈ এতিয়া দিছপুৰৰ বাহিৰে ভিতৰে আৰম্ভ হৈছে ব্যাপক চৰ্চা । অহা আগষ্ট মাহত সলনি হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভা । বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰাৰ লগে লগে মন্ত্ৰী সভাৰ সালসলনিক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে দিছপুৰ আৰু বাজপেয়ী ভৱনত ।

অসমৰ ১৪ টা সমষ্টিৰ বাবে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই থকাৰ মাজতে বৰাকত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে লোকসভা নিৰ্বাচনৰ পাচতেই তেওঁৰ মন্ত্ৰীসভাৰ সালসলনি ঘটিব । বৰাকৰ শিলচৰ লোকসভা আসনখনত বিজেপিৰ প্ৰাৰ্থী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ জয়ৰ লগে লগে নিশ্চিত হৈ পৰিল হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সালসলনিৰ কথা ।

শৰ্মা কেবিনেটৰ অন্যতম জ্যেষ্ঠ মন্ত্ৰীজনৰ দিল্লী যাত্ৰাৰ পাচতেই কাৰ্যত শৰ্মা মন্ত্ৰী সভাত এখন আসন খালী হোৱাটো নিশ্চিত হৈ পৰে । বিধায়ক পদৰ পৰা নৱনিৰ্বাচিত সাংসদ শুক্লবৈদ্যই পদত্যাগ কৰাৰ লগে লগেই আনুষ্ঠানিকভাৱে খালী হৈ পৰিব মন্ত্ৰীৰ এখন আসন ।

লগতে পঢ়ক : দিল্লীত ফণী-জয়ন্তৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক : ইউ পি পি এলৰ কোনে পাব মন্ত্ৰিত্ব ? - Lok Sabha Election Results 2024

  • ২৬' ৰ নিৰ্বাচনকেন্দ্ৰিক হ’ব মন্ত্ৰীসভাৰ সালসলনি

২০২৬ৰ বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই যে মুখ্যমন্ত্ৰীয়ে এইবাৰ মন্ত্ৰী সভাৰ সালসলনি ঘটাব সেয়া নিশ্চিত । সেয়ে উজনি-নামনি, জাতি-জনগোষ্ঠী আদি সকলো দিশেই যে হিচাব-নিকাচ কৰি হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী সভাৰ সালসলনি ঘটাব সেয়া সহজেই অনুমেয় । সেয়ে হয়তো কোনো দুই-এজনক মন্ত্ৰী সভাৰ পৰা যে বাদ দিয়াৰ ৰিস্ক নল’ব সেয়া ক’ব নোৱাৰি । লগতে মন্ত্ৰীৰ দপ্তৰৰ যে ব্যাপক সালসলনি ঘটিব তাৰো পূৰ্বানুমান দিছপুৰত দেখা গৈছে ৷

  • কেইখন আসন খালী আছে মন্ত্ৰীসভাত ?

ইতিমধ্যেই হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত খালী আছে ৩ খনকৈ মন্ত্ৰীৰ আসন । পৰিমল শুক্লবৈদ্যৰ দিল্লী গমনৰ পাচত এতিয়া মুঠ চাৰিখন আসন খালী হৈ পৰিল শৰ্মা মন্ত্ৰীসভাত ৷ উল্লেখযোগ্য যে নীতি অনুসৰি অসম মন্ত্ৰীসভাত মুখ্যমন্ত্ৰীকে ধৰি মুঠ মন্ত্ৰীৰ আসনৰ সংখ্যা ১৯ খন ৷

  • বৰাকৰ পৰা নিশ্চিত এজন মন্ত্ৰী
    Assam CM announces cabinet reshuffle
    পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালৰ নাম চৰ্চাত (ETV Bharat)

পৰিমল শুক্লবৈদ্যই জয় লাভ কৰাৰ পাচত এতিয়া বৰাক উপত্যকা মন্ত্ৰীশূণ্য হৈ পৰিব । সেয়ে বৰাকৰ পৰা যে এজন বিজেপি বিধায়কে মুখ্যমন্ত্ৰী শৰ্মাৰ মন্ত্ৰী সভাত স্থান লাভ কৰিব সেয়া নিশ্চিত । নতুন মন্ত্ৰী সভাত বিজেপিৰ পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালে স্থান লাভ কৰিব বুলি চৰ্চালৈ আহিছে ৷

  • ৩ ৰ পৰা ৪ খন নতুন মুখে পাব মন্ত্ৰীসভাত স্থান

২০২৬ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰী মণ্ডলৰ খালী হৈ থকা আটাইকেইখন আসনেই যে হিমন্ত বিশ্ব শৰ্মাই এইবাৰৰ সালসলনিত পূৰণ কৰিব সেয়া নিশ্চিত । সেই অনুসৰি চাৰিখন নতুন মুখে যে মন্ত্ৰীসভাত স্থান লাভ কৰিব সেয়া নিশ্চিত । কোন হ’ব এই নতুন চাৰিখন মুখ ? স্বাভাৱিকতে সেয়া আটাইটকৈ চৰ্চিত বিষয় বিজেপিৰ ৰাজনীতিৰ পথাৰত ৷

  • উজনিত কাৰ কপাল ফুলিব ?
    Assam CM announces cabinet reshuffle
    মন্ত্ৰিত্ব এইবাৰ প্ৰশান্ত ফুকনৰ কপালত? (ETV Bharat)

উজনি অসমৰ পৰা কোনোবা এজন মন্ত্ৰীক বাদ দি আন এজনক মন্ত্ৰিত্ব দিব বুলি দিছপুৰৰ পৰা প্ৰজাঘৰলৈ হিচাব-নিকাচ চলিছে । তাৰ উপৰিও নতুনকৈ উজনিৰ এজনক মন্ত্ৰিত্ব দিব বুলি চৰ্চা চলিছে । দীৰ্ঘদিন ধৰি বিধায়ক সুশান্ত বৰগোঁহাইয়ে নতুন মন্ত্ৰী সভাত স্থান লাভ কৰিব বুলি চৰ্চা চলি আহিছে ।

Assam CM announces cabinet reshuffle
বাদ পৰিব নেকি যোগেন মহন? (ETV Bharat)

কিন্তু সুশান্ত বৰগোঁহাইৰ নতুন সমষ্টি ডিমৌত এইবাৰ লোকসভা নিৰ্বাচনত বিজেপি প্ৰায় ১৬০০০ ভোটত পিছ পৰা বিষয়টো তেওঁৰ মন্ত্ৰিত্বৰ বাটত হেঙাৰ হৈ দেখা দিছে। লগতে চৰ্চা চলিছে যে যোগেন মহনক মন্ত্ৰিত্বৰ পৰা মুকলি কৰি দি নতুনকৈ দলীয় গুৰুত্ব পূৰ্ণ বিষয়বাব অৰ্পণ কৰা হ’ব ৷

সুশান্ত বৰগোঁহাই মন্ত্ৰিত্বৰ পৰা বঞ্চিত হ’লে শদিয়াৰ বিধায়ক বলীন চেতিয়া আৰু ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে মন্ত্ৰিত্ব লাভ কৰিব পাৰে বুলিও দিছপুৰীয়া বিজেপি সমীকৰণত চৰ্চিত হৈছে ।

  • নামনিত বাদ পৰিব চন্দ্ৰমোহন ! মন্ত্ৰী হ’ব ভৱেশ কলিতা ?
    Assam CM announces cabinet reshuffle
    সলনি হ’ব ৰাজ্যিক বিজেপিৰ সভাপতি ? (ETV Bharat)

মন্ত্ৰীসভা সালসলনিৰ বিষয়টোত বিশেষভাৱে চৰ্চিত হৈছে যে মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে চন্দ্ৰমোহন পাটোৱাৰী ৷ ৰাজ্যসভালৈ বিজেপিয়ে নিৰ্বাচিত কৰি পঠাব পাৰে পাটোৱাৰীক । নামনি অসমৰ পৰা তেতিয়া আন এজনক মন্ত্ৰী পতাৰ বাট মুকলি হ’ব ৷

বিপৰীতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই পুনৰবাৰ মন্ত্ৰী হ’বলৈ মন মেলিছে । সেয়ে এতিয়া লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হৈ যোৱাৰ পিছত ৰাজ্যিক সভাপতিগৰাকীও সলনি হ’ব বুলি চৰ্চা অব্যাহত আছে ।

  • ভৱেশ কলিতা মন্ত্ৰী হ’ব, সভাপতি হ’ব কোন ?

লোকসভা নিৰ্বাচনত যোৰহাটত গৌৰৱ গগৈৰ বিজয়ে বিজেপিক উজনি অসমত নিজৰ শেহতীয়া স্থিতিক লৈ চিন্তিত কৰি তুলিছে ৷ মন্ত্রীসভাৰ সাল-সলনিত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই মন্ত্ৰিত্ব পালে তেতিয়া ৰাজ্যিক বিজেপিৰ সভাপতি কোন হ’ব ? লোকসভা নিৰ্বাচনৰ পিছত সমুখত আহি আছে দুটাকৈ নিৰ্বাচন - পঞ্চায়ত আৰু ২০১৬ৰ অসম বিধানসভা নির্বাচন ৷

বিজেপিয়ে উজনি অসমৰ পৰা এজনক ৰাজ্যিক সভাপতিৰূপে নিযুক্তি দিব বুলি ব্যাপক চৰ্চা চলিছে ৷ ২০১৬ৰ ভোটৰ সমীকৰণেৰে উজনি অসমৰ চাহ জনগোষ্ঠী নাইবা আহোম জনগোষ্ঠীৰ এজন নেতাক সভাপতি পতাৰ সম্ভাৱনা আছে বুলি চর্চা চলিছে ।

যদিহে সুশান্ত বৰগোঁহাইক মন্ত্ৰীসভাত লয়, তেন্তে বাদ পৰিব পাৰে উজনি অসমক প্ৰতিনিধিত্ব কৰা এজন মন্ত্ৰী যোগেন মহন। তেতিয়া মাহমৰাৰ বিধায়ক যোগেন মহনক ৰাজ্যিক সভাপতিৰ দায়িত্বও দিব পাৰে । লগতে, এইবাৰ লোকসভা নিৰ্বাচনত টিকটৰ পৰা বঞ্চিত ৰামেশ্বৰ তেলীৰ নামো চৰ্চিত হৈছিল যদিও তেলীক ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠিওৱাৰহে সম্ভাৱনা বেছি ৷

এটা কথা স্পষ্ট যে ২০২৬ ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰিয়েই বিজেপিৰ এইবাৰৰ ৰাজ্যিক সভাপতিৰ নিযুক্তি যে হ’ব সেয়া নিশ্চিত ৷ উজনি অসমৰ এগৰাকী আহোম জনগোষ্ঠীৰ এজন নেতাক বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব দিব বুলি বিজেপিৰ দলীয় ৰাজনীতিৰ ব্যাপক চৰ্চা অব্যাহত আছে ।

হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাৰ সালসলনিৰ সমান্তৰালভাৱে ২০২৬ক লক্ষ্য হিচাবে লৈ নতুন ৰাজ্যিক সভাপতি নিযুক্তিৰো বিষয়টোও লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত অসমত এতিয়া এক চৰ্চাৰ বিষয় হৈ পৰিছে ।

  • যোৰহাটৰ পৰিৱেশ সমগ্ৰ উজনিলৈ প্ৰসাৰ হ’বলৈ কেতপৰ ?

লোকসভা নিৰ্বাচনত এইবাৰ ৰাজ্যৰ ৯৪ টা বিধানসভা সমষ্টিত বিজেপিয়ে ভোটত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু তাতেই সন্তুষ্টি যে বিজেপিয়ে নলয় সেয়া নিশ্চিত । কাৰণ, অধিক আত্মবিশ্বাসী হৈ পৰা বিজেপিক এইবাৰ লোকসভা নিৰ্বাচনত যোৰহাটৰ ফলাফলে ভালকৈয়ে এক শিক্ষা দিছে । যোৰহাটৰ এনে পৰিৱেশ সমগ্ৰ উজনি অসমলৈ প্ৰসাৰ হ’বলৈ যে বেছি পৰ নালাগে হিমন্ত বিশ্ব শৰ্মাৰ দৰে অভিজ্ঞ ৰাজনীতিকে তাক বাৰুকৈয়ে বুজি পায় ৷

এইবাৰ লোকসভা নিৰ্বাচনত উজনি অসমৰ যোৰহাটত সৰ্বশক্তি প্ৰয়োগ কৰিও ভালকৈয়ে বিফল হ'ল বিজেপি । বিপৰীতে আহি আছে পঞ্চায়ত নিৰ্বাচন । লগতে ২০২৫ চনৰ প্ৰথম ভাগতে অনুষ্টিত হ’ব বি টি আৰৰ নির্বাচন । তাৰ পিছতেই হ’ব ২০২৬ চনৰ অসম বিধানসভা নির্বাচন । সেয়ে মন্ত্ৰী সভাৰ সালসলনিত অগপ আৰু ইউপিপিএলৰ এজনকৈ মন্ত্ৰী হিমন্ত বিশ্ব মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’লেও আচৰিত হ’বলগীয়া নাথাকিব ৷

লগতে ৰাজ্যিক বিজেপিৰ নতুন সভাপতিৰ নিযুক্তিৰ সিদ্ধান্তও নিৰ্বাচনী সমীকৰণ অনুসৰিহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা বিজেপিয় থিৰাং কৰিব সেয়া নিশ্চিত ।

লগতে পঢ়ক : লোকসভা নিৰ্বাচনৰ ফলাফলৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুছলমান ভোটাৰক লৈ চিন্তিত মুখ্যমন্ত্ৰী ! - Lok Sabha Election Results 2024

Last Updated : Jun 8, 2024, 5:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.