ETV Bharat / politics

উপ-নিৰ্বাচনত বিহালীত কোন হ’ব মিত্ৰজোঁটৰ প্ৰাৰ্থী ? অগপয়ো দাঙিছে ঠেং - Assam Bye Polls

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 9:24 PM IST

Behali LAC: লোকসভা নিৰ্বাচনত অসমৰ পাঁচগৰাকী বিধায়ক সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিচত এতিয়া উপ-নিৰ্বাচন বাধ্যতামূলক হৈ পৰিছে ৷ বিহালী সমষ্টিত অগপক নিৰ্বাচন খেলাৰ সুবিধা দিবলৈ বিজেপিক আহ্বান অগপৰ বিহালী সমিতিৰ ৷

Behali LAC
Assam Bye Polls (ETV Bharat Assam)

বিশ্বনাথ, 30 জুন: আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ হৈছে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দল । ইফালে 2024 ৰ লোকসভা নিৰ্বাচনত অসমৰ পাঁচজনকৈ বিধায়কে সাংসদ হিচাপে নিৰ্বাচিত হোৱাত এতিয়া ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ বিধায়কৰ আসন খালী হৈ আছে । ইয়াক লৈ দেশৰ নিৰ্বাচন আয়োগে পুনৰ এই পাঁচটা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ যো-জা চলাইছে ৷ এই উপ-নিৰ্বাচনৰ বাবে তৎপৰ হৈছে ৰাজনৈতিক দলসমূহ ।

উপ-নিৰ্বাচনত বিহালীত কোন হ’ব মিত্ৰজোঁটৰ প্ৰাৰ্থী (ETV Bharat Assam)

অসমত খালী হোৱা 5 টা বিধানসভা সমষ্টি হৈছে বিহালী, চামগুৰি, ধলাই, চিডলী আৰু বঙাইগাঁও ৷ 77 নং বিহালী বিধানসভা সমষ্টিৰ আসনখনৰ বাবে এতিয়া কংগ্ৰেছ, বিজেপি, অসম গণ পৰিষদ, চি পি আই (এম এল)কে ধৰি বিভিন্ন ৰাজনীতি দলে নিজৰ নিজৰ দলৰ সাংগঠনিক কাম-কাজত ব্যস্ত হোৱা দেখা গৈছে ৷ লগতে নিজৰ নিজৰ পছন্দৰ প্ৰাৰ্থী বাবে তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীয়ে আৰম্ভ কৰিছে নিৰ্বাচনৰ কুচকাৱাজ ।

লগতে পঢ়ক: অসমৰ উপ-নিৰ্বাচন : ৫টা সমষ্টিৰ ৩ টাতে নতুন সাংসদৰ পত্নী-পুত্ৰ হ'ব পাৰে প্ৰাৰ্থী ! - Bye Election in Assam

বিহালী সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে নাম উচ্চাৰিত হৈ আছে প্ৰাক্তন সাংসদ তথা প্ৰাক্তন বিধায়ক পল্লৱ লোচন দাসৰ ৷ হিমন্ত বিশ্ব শৰ্মাৰ অন্যতম ঘণিষ্ঠ হিচাপে পৰিচিত পল্লৱ লোচন দাসক এইবাৰ লোকসভা নিৰ্বাচনৰ টিকট দিয়া হোৱা নাছিল ৷ ৰাজনৈতিক ক্ষেত্ৰৰ খবৰ ৰখা বহুতেই ক’ব খোজে যে, বিহালীৰ পৰা উপ-নিৰ্বাচনত জয়ী কৰাই ৰাজ্যিক কেবিনেটত মন্ত্ৰিত্ব দিয়া হ’ব দাসক ৷ কিন্তু এই ক্ষেত্ৰত পল্লৱ লোচন দাসৰ সমুখত আছে কেতবোৰ প্ৰত্যাহ্বান ৷

খবৰ অনুসৰি, বিহালী সমষ্টিৰ বিজেপি পুৰণি একাংশ নেতা-কৰ্মী পল্লৱ লোচন দাসৰ ওপৰত নাৰাজ ৷ এই কাৰ্যকৰ্তা সকলে জনায় যে এসময়ত বিহালীত বিধায়ক তথা তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ হৈ থকা সময়ছোৱাত পল্লৱ লোচন দাসে ৰামঠগন দিছিল এইসকল কাৰ্যকৰ্তাৰ লগতে বিহালীবাসী ৰাইজক । তেওঁলোকৰ অভিযোগ যে জয়ী হোৱাৰ পিচত কাকো চিনি নাপায় পল্লৱ লোচন দাসে ৷ সেয়া লাগিলে সাধাৰণ ৰাইজেই হওক বা দলীয় কৰ্মীয়েই হওক । বিজয়ী হৈ পদবী লাভ কৰাৰ পিচতে ৰজা হৈ পৰে পল্লৱ লোচন দাস ।

লগতে পঢ়ক: ৰাজ্যত ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন : টঙালি বান্ধি সাজু হ’ল বিজেপি - Bye Election Assam

আনফালে তেওঁৰ বিপৰীতে বিজেপি দলৰ কেইবাজনো নেতাই প্ৰচাৰ অভিযান আৰম্ভ কৰিছে । ইয়াৰ সমান্তৰালকৈ বিহালী সমষ্টিটো এইবাৰ লাগে বিজেপি মিত্ৰ দল অসম গণ পৰিষদক । দেওবাৰে অসম গণ পৰিষদৰ বিহালী সমিতিয়ে এখন সংবাদমেলৰ জৰিয়তে এই কথা স্পষ্ট কৰে যে যিহেতু লোকসভা আৰু বিধানসভা নিৰ্বাচনত বিজেপি দলৰ সৈতে অসম গণ পৰিষদে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছে, তেনে ক্ষেত্ৰত বিহালী সমষ্টিত যিহেতু অসম গণ পৰিষদ দলৰ স্থিতি শক্তিশালী তাৰ বাবে আগন্তুক উপ-নিৰ্বাচনত বিহালী আসন অসম গণ পৰিষদক এৰি দিব লাগে বিজেপিয়ে ৷

এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল যে বিহালী সমষ্টিৰ প্ৰাৰ্থীৰ বাবে কাক বাচনি কৰিব বিজেপি দলে ? যদি পল্লৱ লোচন দাসক বাচি লয় তেন্তে বিজেপিয়ে হেৰুৱাব বহু পুৰণি দলীয় কৰ্মীক ৷ আনহাতে যদি আন কোনোবা বিজেপি কৰ্মীক টিকট দিয়ে তেন্তে বিজেপি আৰু অগপৰ মিত্ৰতালৈ আহিব পাৰে নানা বেমেজালি । বিজেপি দলৰ সিদ্ধান্তই নিৰ্ধাৰণ কৰিব পৰৱৰ্তী সময়ৰ বিহালী সমষ্টিৰ ভৱিষ্যৎ ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে উপ-নিৰ্বাচন বন্ধ কৰিবলৈ ষড়যন্ত্ৰ কৰিছে : ভূপেন বৰা - Bhupen Borah on By election

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.