ETV Bharat / politics

চামগুৰি দখলৰ মূলমন্ত্ৰ কি দিপ্লু ৰঞ্জন শৰ্মাৰ ? - ASSAM BY POLLS 2024

পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক ওফৰাবলৈ কি পৰিকল্পনা লৈছে বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মাই ? ই টিভি ভাৰতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত সকলো ক’লে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷

Assam By polls 2024
দিপ্লু ৰঞ্জন শৰ্মাৰ আছুতীয়া সাক্ষাৎকাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 11, 2024, 3:17 PM IST

নগাঁও: 13 নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন ৷ ইতিমধ্যে শাসক-বিৰোধী উভয়েই নিজা নিজা প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক প্ৰচাৰ চলোৱা দেখা গ’ল ৷ তাৰ মাজতে অসমৰ জনতা সাক্ষী হৈ ৰ’ল ব্যাপক নিৰ্বাচনী হিংসাৰ ৷

চামগুৰি সমষ্টিত এই উপ-নিৰ্বাচন এক নিৰ্বাচন নহৈ কুৰুক্ষেত্ৰ ৰণসদৃশ হৈ পৰা দেখা গ’ল ৷ ব্যাপক নিৰ্বাচনী হিংসাত অস্থিৰ হৈ পৰিছে চামগুৰিৰ পৰিস্থিতি ৷ চামগুৰিত একালৰ কংগ্ৰেছী মন্ত্ৰী তথা 2001 চনৰ পৰা বিধায়ক হৈ থকা ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক কংগ্ৰেছে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ৷ বিজেপিয়ে প্ৰক্ষেপ কৰিছে যুৱ নেতা দিপ্লু ৰঞ্জন শৰ্মাক ৷

দিপ্লু ৰঞ্জন শৰ্মাৰ আছুতীয়া সাক্ষাৎকাৰ (ETV Bharat)

পুত্ৰক নিৰ্বাচনত জয়ী কৰাবলৈ তথা 2001 চনৰ পৰা নিজৰ দখলত থকা সমষ্টিটোত নিজৰ অধিকাৰ বাহাল ৰখাৰ বাবে দিনে-নিশাই অভিযান চলাইছে সাংসদ ৰকিবুল হুছেইনে ৷ বিজেপিৰো কেবাগৰাকীও মন্ত্ৰী-বিধায়কে চামগুৰিত বাহৰ পাতি দিপ্লু ৰঞ্জন শৰ্মাক জয়ী কৰাবলৈ ব্যাপকভাৱে প্ৰচাৰ চলাই আছে ৷

চামগুৰিৰ ভিন্ন স্থানত প্ৰচাৰৰ মাজতে সংঘটিত হৈছে নিৰ্বাচনী হিংসা ৷ কংগ্ৰেছ আৰু বিজেপি সমৰ্থকৰ মাজত মাৰপিট হোৱাৰ উপৰিও বিধায়ক জিতু গোস্বামীৰ বাহনলৈ গুলীচালনা কৰে দুৰ্বৃত্তই ৷ ইফালে প্ৰচাৰৰ বাবে যোৱা তানজিল হুছেইনৰ বাহনতো একাংশই শিলগুটি নিক্ষেপ কৰাৰ অভিযোগ উঠিছে ৷ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী প্ৰহাৰ কৰি মৃতপ্ৰায় অৱস্থাত পেলাই থৈ যোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে চামগুৰিত ৷

নিৰ্বাচনী হিংসাই চূড়ান্ত ৰূপ লোৱা চামগুৰিত কোনে মাৰিব শেষ হাঁহি ? ৰকিবুল হুছেইনৰ দুৰ্গ ৰক্ষা হ’বনে ? পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক ওফৰাবলৈ কি পৰিকল্পনা লৈছে বিজেপিৰ দিপ্লু ৰঞ্জনে ? ই টিভি ভাৰতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত সকলো ক’লে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷

লগতে পঢ়ক: নিৰ্বাচন নহয় যেন কুৰুক্ষেত্ৰৰ ৰণহে ! অনশনত বহিল ৰকিবুল হুছেইনসহ কংগ্ৰেছী নেতা; বিজেপিৰো প্ৰতিবাদ

এইবাৰ নিৰ্দলীয় প্ৰাৰ্থীক আক্ৰমণ; কি চলিছে চামগুৰিত ?

প্ৰকৃততে কোনে চলাইছিল গুলী ?

নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ প্ৰাক-মুহূৰ্তত ই টিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰত চামগুৰি সমষ্টিৰ উন্নয়নৰ পৰিকল্পনাৰ বিষয়ে ক’লে দিপ্লু ৰঞ্জন শৰ্মাই । এটা দীঘলীয়া সময় চামগুৰি সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি সমষ্টিটোৰ উন্নয়নত ৰকিবুল হুছেইন ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিলে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ।

তেওঁ কয়, ‘‘মই বিধায়ক নিৰ্বাচিত হোৱাৰ এমাহৰ পাচতেই চামগুৰিত চাৰিটা জিলা পৰিষদত চাৰিটা পৰীক্ষা অনুষ্ঠিত কৰিম ৷ তাৰ দ্বাৰা ইউ পি এছ চি, এ পি এছ চি আৰু আন প্ৰতিযোগিতামূলক পৰীক্ষাত বহিব পৰাকৈ চামগুৰিৰ যুৱপ্ৰজন্মক সাজু কৰি তুলিম ৷ ৰাইজে মোৰ এই পদক্ষেপক ভাল পাইছে ৷’’

‘‘মই মূলতঃ চামগুৰিত শিক্ষা, স্বাস্থ্য, আন্তঃগাঁথনিৰ বিষয় লৈ ৰাইজৰ কাষলৈ গৈছিলোঁ ৷ ৰকিবুল হুছেইনৰ দিনত চামগুৰিৰ বাট-পথ দেখিলে দুখ লাগে ৷ 24 বছৰ তেওঁ একোৱেই নকৰিলে ৷ পথ নিৰ্মাণৰ নামত ঠিকাদাৰ সৃষ্টি কৰি নিজৰ পকেট গৰম কৰিলে ৷ স্বাস্থ্যৰ ক্ষেত্ৰটো উন্নয়নৰ বাবে তেওঁ একো নকৰিলে ৷’’- দিপ্লু ৰঞ্জন শৰ্মা, বিজেপি প্ৰাৰ্থী

‘‘জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে৷ ইয়াত 24 বছৰে মানুহে ভয়-ভাবুকিৰ মাজেৰে দিন কটাবলগীয়া হৈছে ৷ সৰু সৰু কথা গোচৰ জাপি দি হাৰাশাস্তি কৰা হৈছিল ৷’’ তেওঁ লগতে কয় ৷

‘‘মনোনয়ন পত্ৰ দাখিলৰ সময়ত জাতি-ধৰ্ম নিৰ্বিশেষে সকলো ওলাই আহিছিল ৷ মুখ্যমন্ত্ৰীৰ সভাতো অভূতপূৰ্ব সমাগম দেখা গৈছে ৷ মই তানজিল হুছেইনৰ হৈ প্ৰচাৰ চলাইছো এটা স্থানত ৷ ৰাইজে নাজানেই তানজিল হুছেইনৰ বিষয়ে ৷ বহুতেই ৰকিবুল হুছেইনে পুনৰ নিৰ্বাচন খেলা বুলি ভাবি আছে ৷’’ -দিপ্লু ৰঞ্জন শৰ্মাৰ মন্তব্য ৷

কংগ্ৰেছে কেৱল পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়েই কৰি আছে বুলি মন্তব্য কৰে দিপ্লু ৰঞ্জন শৰ্মাই ৷ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক ভোটদান কৰিলে যিকোনো কামৰ বাবে ধুবুৰীৰ সাংসদৰ অনুমতি ল’ব লাগিব বুলিও মন্তব্য কৰে দিপ্লু ৰঞ্জন শৰ্মাই । ৰকিবুল হুছেইনৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি এইবাৰ চামগুৰিবাসীয়ে অৱসান ঘটাব বুলিও আশাবাদী বিজেপি প্ৰাৰ্থীগৰাকী ৷

লগতে পঢ়ক: চামগুৰি উপ-নিৰ্বাচনৰ পৰা ৰকিবুলক আঁতৰাই ৰখাৰ দাবী বিজেপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.