ETV Bharat / politics

বিহালীত ১,৩২,৫৭৯ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৪ গৰাকী প্ৰাৰ্থীৰ

উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে ভোট কেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়াসকল ৷ বিহালীৰ ১৫৪ টা ভোটকেন্দ্ৰত ১৩ নৱেম্বৰৰ পুৱা ৭ বজাৰ পৰা হ’ব ভোটগ্ৰহণ ৷

Assam By Polls 2024
ভোটকেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়া (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 12, 2024, 4:07 PM IST

তেজপুৰ: বিশ্বনাথ নিৰ্বাচনী জিলাৰ অধীনৰ ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ সমাগত উপ-নিৰ্বাচনত ১৫৪ টা ভোটকেন্দ্ৰত ১৩ নৱেম্বৰৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । এইবাৰ ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ মুঠ ১,৩২,৫৭৯ গৰাকী ভোটদাতাই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা ৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ।

বিশ্বনাথ জিলাৰ আয়ুক্ত তথা বিহালী সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া মুনিন্দ্ৰ নাথ ঙাটেৰ তথ্য অনুযায়ী এই ভোটাৰসকলৰ ভিতৰত পুৰুষ ভোটাৰ ৬৬,০৪৮ গৰাকী, মহিলা ভোটাৰ ৬৬,৫৩০ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ১ গৰাকী । একেদৰে বিহালী বিধানসভা সমষ্টিত দিব্যাংগ ভোটাৰ হৈছে ৫৬২ গৰাকী । আনহাতে, ৮৫ বছৰ বয়সৰ উর্ধ্বৰ ভোটাৰৰ সংখ্যা হৈছে ৫৬১ গৰাকী আৰু শতায়ু গৰকা ভোটাৰৰ সংখ্যা হৈছে ২০ গৰাকী । আনহাতে সমষ্টিটোত ছাৰ্ভিচ ভোটাৰৰ সংখ্যা হৈছে ১৪২ গৰাকী ।

Assam By Polls 2024
উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে যাবলৈ প্ৰস্তুতি (ETV Bharat)

উল্লেখযোগ্য যে, বিধানসভা সমষ্টিটোত উপ-নিৰ্বাচন সুকলমে সম্পন্ন কৰিবলৈ ৫ গৰাকী মাণ্ডলিক বিষয়া আৰু ১৬ গৰাকী চেক্টৰ বিষয়া নিয়োগ কৰা হৈছে । এই নিৰ্বাচনত মুঠ ৭৪৪ গৰাকী প্ৰিজাইডিং, প্ৰথম, দ্বিতীয় আৰু তৃতীয় প’লিং বিষয়া নিয়োগ কৰা হৈছে । ইয়াৰ ভিতৰত মুঠ ২৮ গৰাকী মহিলা বিষয়া-কৰ্মচাৰীও আছে । এই মহিলা বিষয়া-কৰ্মচাৰীসকলে মুঠ ৫ টা ভোটকেন্দ্ৰ পৰিচালনা কৰিব । মহিলাৰ দ্বাৰা পৰিচালিত হ'ব লগা ভোটগ্ৰহণ কেন্দ্ৰ পাঁচটা হৈছে ক্ৰমে ৩৫ নং জৰাবাৰী এল. পি. স্কুল, ৩৭ নং বালিপুখুৰী এম. ভি. স্কুল (পশ্চিম), ৩৯ নং নিজ বাঘমাৰী এল. পি. স্কুল (পূব), ৪০ নং নিজ বাঘমাৰী এল. পি. স্কুল (পশ্চিম) আৰু ১৫২ নং বাঘমৰা হাইস্কুল (পূব)।

Assam By Polls 2024
ভোট কেন্দ্ৰলৈ ৰাওনা (ETV Bharat)

সেইদৰে সমষ্টিটোত ১ টা আদৰ্শ ভোটকেন্দ্ৰও স্থাপন কৰাৰ বাবে বিশ্বনাথৰ জিলা নিৰ্বাচনী বিষয়াই ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । এইবেলি নিৰ্বাচনত আদৰ্শ ভোটকেন্দ্ৰ হিচাপে নিৰ্বাচিত কৰা ভোট কেন্দ্ৰটো হৈছে ৩৬ নং বালিপুখুৰী এম. ভি. স্কুল (পূব)।

বিহালী বিধানসভা সমষ্টিৰ এই উপ-নিৰ্বাচনত নিয়োজিত প্ৰিজাইডিং, প’লিং বিষয়াসকলক ভোটগ্ৰহণ কেন্দ্ৰলৈ কঢ়িয়াই নিবৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আৰু প্ৰায় ডেৰ শতাধিক (১৫০) সৰু-বৰ গাড়ী অধিগ্ৰহণ কৰি পৰিবহণ কোষে এই সম্পৰ্কীয় যাৱতীয় কাম সম্পাদন কৰিছে বুলি জানিব পৰা গৈছে ।

বিহালী সমষ্টিৰ নিৰ্বাচিত প্ৰতিনিধিৰ অৱলোকন :

বিহালী বিধানসভা সমষ্টি অসমৰ ১২৬ টা সমষ্টিৰ ভিতৰত অন্যতম সমষ্টি । ১৯৭৮ চনত এই সমষ্টিটো গঠিত হৈছিল । সেই সময়ত শোণিতপুৰ জিলাৰ অন্তৰ্গত বিশ্বনাথ মহকুমাৰ অধীনত আছিল বিহালী । বিহালী সমষ্টিটো ১৯৭৮ চনৰ পৰা ২০০১ চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধীনত আছিল । সমষ্টিটোৰ প্ৰথমগৰাকী বিধায়ক কংগ্ৰেছৰ বিষ্ণুলাল উপাধ্যায় ।

১৯৮৩ চনৰ অসম আন্দোলনৰ সময়ত উপাধ্যায় সমষ্টিটোৰ বিধায়ক হিচাবে প্ৰতিনিধিত্ব কৰিছিল । পৰৱৰ্তী সময়ত ১৯৮৫ চনত স্বৰূপ উপাধ্যায় কংগ্ৰেছৰ পৰা নিৰ্বাচিত হয় । ১৯৯১ আৰু ১৯৯৬ চনত কংগ্ৰেছ দলৰ পৰা বৰ্ণবাস তাঁতী সমষ্টিটোৰ বিধায়ক হিচাবে নিৰ্বাচিত হয় ।

ইয়াৰ পিছত অসমত কংগ্ৰেছৰ অধীনত তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰৰ সময়ত বিহালীৰ পৰা প্ৰথমগৰাকী অ-কংগ্ৰেছী বিধায়ক ভাৰতীয় জনতা পাৰ্টীৰ পৰা ২০০১ চনত ৰঞ্জিত দত্ত বিধায়ক হিচাবে নিৰ্বাচিত হয় ৷ পুনৰ ২০০৬ চনৰ নিৰ্বাচনত দত্ত নিৰ্বাচিত হয় যদিও ২০১১ চনত কংগ্ৰেছ দলৰ পৰা আদিবাসী ছাত্ৰ নেতা পল্লৱ লোচন দাস বিধায়ক হিচাবে নিৰ্বাচিত হয় । ২০১৬ চনত অসমত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত গঠিত প্ৰথম ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰত ৰঞ্জিত দত্ত পুনৰ বিজেপিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হৈ সোণোৱাল মন্ত্ৰীসভাৰ অংশীদাৰ হয় ।

পৰৱৰ্তী সময়ত ২০২১ চনত ৰঞ্জিত দত্ত বিহালীৰ সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হয় আৰু চলিত বৰ্ষৰ ৯ জুনত শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপি দলৰ সাংসদ হিচাবে নিৰ্বাচিত হয় ৷ ফলত ১৩ নৱেম্বৰত বিহালী সমষ্টিৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব । সমষ্টিটো ৮০ ৰ দশকৰ পৰা কংগ্ৰেছৰ অধীনত আৰু ২০০১ চনৰ পৰা ১৮ বছৰ ছয় মাহ বিজেপিৰ দখলত আছে ।

লগতে পঢ়ক: খেদাখেদি-মাৰপিট-গুলীয়াগুলীৰ মাজেৰে শেষ হ'ল উপ-নিৰ্বাচনৰ প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.