ETV Bharat / politics

বিজেপিয়ে এটা প্ৰতিশ্ৰুতি দিলে তাঞ্জিলৰ মনোনয়ন প্ৰত্যাহাৰ কৰা হ’ব ! কিয় ক’লে ৰকিবুল হুছেইনে ?

মনোনয়ন দাখিল কৰিলে কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে । মনোনয়নত সংগ দিলে কেবাগৰাকীও কংগ্ৰেছ নেতাই ? তাঞ্জিলৰ মনোনয়ন প্ৰত্যাহাৰৰ কথা কিয় কলে ৰকিবুল হুছেইনে ?

Assam By polls 2024
মনোনয়ন দাখিল কৰিলে কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

নগাঁও/ধিং: পিতৃয়ে প্ৰতিনিধিত্ব কৰা চামগুৰি সমষ্টিৰ পৰাই বিধায়ক হোৱাৰ সপোন বুকুত লৈ জীৱনৰ প্ৰথমটো নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিলে ৰকিবুল হুছেইনৰ পুত্ৰ তথা এন এছ ইউ আই নেতা তাঞ্জিল হুছেইনে । বৃহস্পতিবাৰে চামগুৰি সমষ্টিৰ পৰাই কংগ্ৰেছৰ কৰ্মী-সমৰ্থকৰ সৈতে বৃহৎ সমদল কৰি নগাঁৱত উপস্থিত হৈ নিজৰ মনোনয়ন দাখিল কৰে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে ।

নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ সৈতে মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে সাংসদ পিতৃ ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷

মনোনয়ন দাখিল কৰিলে কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে (ETV Bharat)

আবেগিক হৈ পৰিল ৰকিবুল হুছেইন

প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৰকিবুল তনয় তাঞ্জিল হুছেইনে সংবাদ মাধ্যমৰ সন্মুখত নিজৰ অনুভৱ ব্যক্ত কৰাৰ লগতে দলৰ শীৰ্ষ নেতৃত্বক কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে মনোনয়ন দাখিল কৰি চামগুৰি সমষ্টিৰ পৰা বিজয় নিশ্চিত বুলিও দৃঢ়তা প্ৰকাশ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ । পুত্ৰৰ মনোনয়নত উপস্থিত থাকি কিছু আৱেগিক হৈ পৰা বুলি উল্লেখ ৰকিবুল হুছেইনৰ ।

‘‘এন এছ ইউ আইৰ পৰাই মই নিজেও দলীয় প্ৰাৰ্থিত্ব লাভ কৰিছিলো । দেৱব্ৰত শইকীয়াই যুৱ কংগ্ৰেছ কৰি থাকোতেই প্ৰাৰ্থিত্ব লাভ কৰিছিল । কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিয়ে তাঞ্জিলৰ প্ৰাৰ্থিত্বক লৈ পৰিয়াতকেন্দ্ৰিক ৰাজনীতি কৰাৰ অভিযোগ আনিছে । আন কোনো প্ৰাৰ্থীক কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে যদি বিজেপিয়ে চামগুৰিত প্ৰতিদ্বন্দ্বিতা নকৰো বুলি ঘোষণা কৰে, তেন্তে তাঞ্জিল হুছেইনৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা হ’ব ৷’’ ৰকিবুল হুছেইনৰ মন্তব্য ।

চামগুৰি সমষ্টিত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভতো মন্তব্য কৰে ৰকিবুল হুছেইনে । ‘‘চামগুৰিত আজি কংগ্ৰেছৰ নেতাই ইংগিত দিয়া হ’লে অৱস্থা কি হ’লহেঁতেন বিজেপিৰ এক-ডেৰশ কৰ্মীৰ । মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ ব্যৰ্থ হৈছে ।’’ সাংসদ হুছেইনে কয় ৷ জীয়াই থকালৈকে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজি যাব বুলিও মন্তব্য কৰে তেওঁ ।

তাঞ্জিলক শুভকামনা গৌৰৱ গগৈৰ

ইফালে কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকি গৌৰৱ গগৈয়েও নগাঁৱৰ পৰাই ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰাৰ কথা উল্লেখ কৰি তাঞ্জিলক শুভেচ্ছা জনায় । চামগুৰিত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভতো মন্তব্য কৰে গৌৰৱ গগৈয়ে । বিজেপিয়ে যিমান অত্যাচাৰ কৰিব চামগুৰিত কংগ্ৰেছ তাতকৈ দুগুণ বেছি ব্যৱধানত তাঞ্জিল হুছেইন বিজয়ী হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷

চামগুৰি সমষ্টিৰ পৰা উলিওৱা সমদলত তাঞ্জিল হুছেইনৰ সৈতে অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈৰ লগতে কংগ্ৰেছৰ কেইবাগৰাকীও বিধায়কে ।

মাতৃয়ে দিলে আশীৰ্বাদ

সমদলৰ পূৰ্বে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে মাতৃৰ আশীৰ্বাদ শিৰত লৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ আগবাঢ়ি আহে । চামগুৰি সমষ্টিৰ পৰা জয়ী হৈ সমষ্টিৰৰ উন্নয়নৰ বাবে তাঞ্জিল হুছেইনে কাম কৰিব বুলি আত্মবিশ্বাসী তাঞ্জিল হুছেইনৰ মাতৃ । পুত্ৰক আৰ্শীবাদ প্ৰদান কৰি পুত্ৰৰ মনোনয়ন দাখিল পৰ্বতো অংশগ্ৰহণ কৰে তাঞ্জিল হুছেইনৰ মাতৃয়ে ।

চামগুৰিত কংগ্ৰেছ-বিজেপিৰ সংঘাত

ইফালে কংগ্ৰেছৰ সমদলৰ সময়তে চামগুৰিত সংঘটিত হয় এক নিৰ্বাচনী সংঘাত ৷ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনে মনোনয়ন দাখিলৰ বাবে বিশাল সমদলেৰে আগবাঢ়ি যোৱাৰ সময়তে চামগুৰিত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । কংগ্ৰেছৰ ৰেলীত বিজেপিৰ একাংশ সমৰ্থকে বাধা প্ৰদান কৰাক কেন্দ্ৰ কৰিয়েই উত্তেজনাৰ সৃষ্টি হয় । নগাঁও অভিমুখে কংগ্ৰেছৰ ৰেলী গৈ থকা সময়তেই বিজেপিৰ সদস্যই আক্ৰমণ কৰাৰ অভিযোগ উঠিছে ৷

লগতে পঢ়ক: উচ্ছেদৰ ভিডিঅ' প্ৰদৰ্শনেৰে ৰকিবুলৰ প্ৰচাৰ; পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়েই মূল ইছ্যু বিজেপিৰ

চামগুৰিত পুনৰ নিৰ্বাচনী হিংসা, সমুখ সমৰত কংগ্ৰেছ-বিজেপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.