ETV Bharat / politics

কংগ্ৰেছ কৰ্মীৰ ঘৰত সোমাই আক্ৰমণ ! বিজেপি কৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল - ASSAM BY POLL 2024

কাছাৰৰ ধলাইত নিৰ্বাচনী হিংসা ! কংগ্ৰেছ কৰ্মীক মাৰপিট কৰাৰ লগতে কংগ্ৰেছৰ নিৰ্বাচনী সভাৰ পেণ্ডেল লণ্ডভণ্ড ৷

Assam By poll 2024
কাছাৰৰ ধলাইত নিৰ্বাচনী হিংসা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 28, 2024, 2:09 PM IST

শিলচৰ: অহা 13 নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে সমষ্টি কেইটাত দেখা গৈছে ব্যাপক নিৰ্বাচনী উছাহ ৷ ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে নিজ নিজ প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবে দিন-ৰাতি একাকাৰ কৰি যুদ্ধক্ষেত্ৰত নামি পৰিছে ৷ কোনো কোনো স্থানত সংঘটিত হৈছে প্ৰাক নিৰ্বাচনী হিংসা ৷ এই ক্ষেত্ৰত বাতৰিৰ শিৰোনামৰ শীৰ্ষত আছে চামগুৰি সমষ্টি ৷ কিন্তু শেহতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ধলাই সমষ্টিৰ পৰাও আহিছে প্ৰাক নিৰ্বাচনী হিংসাৰ খবৰ ৷

উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত উত্তপ্ত হৈ পৰিছে কাছাৰৰ ধলাইৰ নিৰ্বাচনী পৰিৱেশ । উপ নিৰ্বাচনক কেন্দ্ৰ কৰি ধলাইৰ বৰজালেংগাত সংঘটিত হৈছে এক হিংসাত্মক ঘটনা । এগৰাকী কংগ্ৰেছ কৰ্মীক মাৰ-পিট কৰাৰ লগতে কংগ্ৰেছৰ নিৰ্বাচনী সভাৰ পেণ্ডেল লণ্ডভণ্ড কৰাৰ অভিযোগ উত্থাপিত হৈছে বিজেপি কৰ্মীৰ বিৰুদ্ধে । ঘটনাক লৈ ধলাই আৰক্ষী চকীত পাঁচগৰাকী বিজেপি কৰ্মীৰ বিৰুদ্ধে দাখিল কৰা হৈছে গোচৰ ।

কাছাৰৰ ধলাইত নিৰ্বাচনী হিংসা (ETV Bharat)

অভিযোগ মতে, শনিবাৰে নিশা ধলাই বৰজালেংগাৰ সঞ্জু মাল নামৰ এগৰাকী কংগ্ৰেছ কৰ্মীৰ বাসগৃহত হঠাৎ স্থানীয় কেইবাজনো বিজেপি কৰ্মীয়ে প্ৰৱেশ কৰে । কংগ্ৰেছ কৰ্মীগৰাকীৰ ঘৰৰ চৌহদতে কংগ্ৰেছৰ নিৰ্বাচনী সভাৰ বাবে অস্থায়ীভাৱে নিৰ্মাণ পেণ্ডেল ভাঙি লণ্ডভণ্ড কৰে বিজেপি কৰ্মীসকলে ।

ঘটনা প্ৰত্যক্ষ কৰি কংগ্ৰেছ কৰ্মী সঞ্জু মাল ঘৰৰ পৰা ওলাই অহাত তেওঁক মাৰপিট কৰা বুলি অভিযোগ কৰে কংগ্ৰেছ কৰ্মীগৰাকীয়ে । ঘটনাৰ পাছত দেওবাৰে পুৱা ধলাই আৰক্ষী চকীত সুব্ৰত কৈৰী, আশাৰাম মাল, ৰাণা ৰবিদাস, জয়প্ৰকাশ ভৰ আৰু উত্তম মাল নামৰ পাঁচগৰাকী বিজেপি কৰ্মীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে কংগ্ৰেছ কৰ্মী সঞ্জু মালে ৷

ইপিনে ঘটনাক গৰিহণা জনাই ধলাইৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুবজ্যোতি পুৰকায়স্থই কয় যে ধলাইত বিজেপিৰ ভৰিৰ তলৰ মাটি খহিছে, যাৰবাবে বিজেপিৰ লোকসকলে এনে হিংসাত্মক ঘটনা সংঘটিত কৰি কংগ্ৰেছ কৰ্মীক ভয়-ভাবুকি দেখুৱাব বিচাৰিছে । ধলাইত নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি ত্যাগ কৰি বহু লোকে কংগ্ৰেছত যোগদান কৰিছে, তাৰবাবেই বিজেপি হতাশাগ্ৰস্ত হৈ পৰিছে বুলি মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ।

লগতে পঢ়ক: মনোনয়ন প্ৰত্যাহাৰ অমিয় কান্তি দাসৰ; শাম কাটিলে নেকি টিকট নোপোৱাৰ ক্ষোভ !

মনোনয়ন দাখিল বিজেপি আৰু সদ্য বিজেপি ত্যাগী প্ৰাৰ্থীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.