ETV Bharat / politics

ৰাজ্যসভাৰ দুখন আসনৰ বাবে বিজেপিৰ কোনে কোনে কৰিছে আবেদন, চাওক তালিকা - BJP Meeting In Guwahati

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 4:12 PM IST

Rajya Sabha election 2024: ৰাজ্যসভাৰ দুখন আসনৰ বাবে বিজেপিৰ ১১ জনীয়া প্ৰাৰ্থী তালিকা ৷ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবেও সাজু হৈছে বি জে পি ৷ বি জে পিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মাই উপ-নিৰ্বাচনত চামগুৰিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা ৷

BJP State President Bhabesh Kalita
বি জে পি ৰাজ্যিক সভাপতি ভৱেশ কলিতা (Bhabesh Kalita X Account)

গুৱাহাটী, ১২ আগষ্ট: ৰাজ্যসভাত খালী হোৱা অসমৰ দুখনকৈ আসনৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব দিয়াৰ বাবে বি জে পিয়ে ইতিমধ্যে ১১ জনীয়া এখন প্ৰাৰ্থী তালিকা তৈয়াৰ কৰিছে । এই দুখন আসনত প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰাসকলৰ ভিত্তিত বি জে পিৰ ৰাজ্যিক নিৰ্বাচনী সমিতিয়ে এই প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিছে ।

বি জে পি ৰাজ্যিক সভাপতি ভৱেশ কলিতা (ETV Bharat Assam)

কোন কোন আছে এই তালিকাত:

ৰাজ্যসভাৰ দুখন আসনৰ বাবে প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰাসকলৰ ভিতৰত আছে ক্ৰমে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, প্ৰাক্তন সাংসদ্বয় তপন কুমাৰ গগৈ, ডাঃ ৰাজদ্বীপ ৰয়, ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামী, ৰাজ্যিক উপ-সভাপতি ক্ৰমে বিজয় কুমাৰ গুপ্তা, অশোক ভট্টৰায়, ড° প্ৰদীপ ঠাকুৰীয়া, ৰেখাৰাণী দাসবড়ো, প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাস, জ্যেষ্ঠ নেতা অনুপ সিং ৰাজপুৰোহিত আৰু মানস প্ৰতিম ডেকা ।

লগতে পঢ়ক: ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা : অসমৰো দুখন আসনৰ বাবে হ'ব নিৰ্বাচন - Rajya Sabha elections 2024

বি জে পিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ মন্তব্য:

ভৱেশ কলিতাই কয় যে আজি গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত বি জে পিৰ ৰাজ্যিক নিৰ্বাচনী কমিটীৰ দীঘলীয়া বৈঠক অনুষ্ঠিত হৈছিল । বৈঠকত ৰাজ্যসভাৰ দুখন আসন, উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা‌ হয় ।

তেওঁ আৰু কয়, "১০ গৰাকী জ্যেষ্ঠ নেতাই আবেদন কৰিছে ৰাজ্যসভাৰ প্ৰাৰ্থীত্বৰ বাবে । এই ১১ জনীয়া আবেদনকাৰীৰ তালিকা চূড়ান্ত কৰি কেন্দ্ৰীয় সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হৈছে । কেন্দ্ৰীয় সমিতিয়ে চূড়ান্ত কৰিব দুগৰাকী প্ৰাৰ্থীৰ নাম ।"

লগতে পঢ়ক: বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভালৈ নাহিল সৰ্বানন্দ সোণোৱাল - STATE BJPS EXTENDED EXECUTIVE

উপ-নিৰ্বাচনকলৈ বি জে পিৰ টঙালি, কোন‌ হ'ব প্ৰাৰ্থী:

ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়, "আজি উপ-নিৰ্বাচনক লৈও আলোচনা হৈছে । অহা ২৪ আগষ্টত বি জে পিৰ গুৰুত্বপূৰ্ণ ক'ৰ কমিটীৰ বৈঠক অনুষ্ঠিত হ'ব । এই বৈঠকতে উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব ।" তেওঁ লগতে কয়, "বি জে পিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা উপ-নিৰ্বাচনত চামগুৰিৰ বিজেপি প্ৰাৰ্থী তালিকাত আছে । বাকীসকলৰ নাম এতিয়া ক’ব পৰা নাযাব ।"

কলিতাই আৰু কয়, "পাচঁটা সমষ্টিৰ ভিতৰত বঙাইগাঁৱত অ গ পৰ আৰু চিদলীত ইউ পি পি এলৰ প্ৰাৰ্থী থাকিব । ধলাই, চামগুৰি আৰু বিহালীত বি জে পিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব । ধলাইৰ বাবে কাছাৰ জিলা কমিটীক, বিহালীৰ বাবে শোণিতপুৰ জিলা‌ কমিটীক আৰু চামগুৰিৰ বাবে কলিয়াবৰ জিলা কমিটীক প্ৰাৰ্থী তালিকা ৰাজ্যিক বি জে পিক জমা দিয়াৰ বাবে কোৱা‌ হৈছে ।"

বি জে পিৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ৰঞ্জিৎ দত্তক বিহালী আৰু পৰিমল শুক্লবৈদ্যক ধলাই সমষ্টিৰ প্ৰাৰ্থী নিৰ্বাচনৰ দায়িত্ব দিয়া হৈছে । মুখ্যমন্ত্ৰীয়ে এই দায়িত্ব দিছে । বিহালীৰ বাবে পল্লৱলোচন দাস, জয়ন্ত বৰা, দিগন্ত ঘাটোৱাৰৰ নাম চৰ্চাত আছে । আকৌ ধলাই সমষ্টিৰ বাবে পৰিমল শুক্লবৈদ্যৰ পুত্ৰ উৎপল শুক্লবৈদ্যৰ নাম চৰ্চাত আছে । অৱশ্যে এই‌ সন্দৰ্ভত অহা ২৪ আগষ্টত অনুষ্ঠিত হ’বলগীয়া বি জে পিৰ গুৰুত্বপূৰ্ণ ক'ৰ কমিটীৰ বৈঠকৰ পিছত সকলো‌‌ কথা স্পষ্ট হ'ব ।

লগতে পঢ়ক: উত্তৰ-পূৰ্বাঞ্চলত সাংগঠনিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে বিজেপিৰ বৈঠক - BJP Meeting In Guwahati

নিৰ্বাচনী কমিটীৰ সভাত কোন কোন‌‌ উপস্থিত আছিল:

আজিৰ বি জে পিৰ ৰাজ্যিক নিৰ্বাচনী কমিটীৰ বৈঠকত ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰাক্তন ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, অশোক সিংহল, পীযুষ হাজৰীকা, নন্দিতা গাৰ্লোচা, প্ৰাক্তন সাংসদ ডা৹ ৰাজদ্বীপ ৰয়, ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা উপস্থিত আছিল ৷ ইয়াৰ লগতে দলটোৰ উপ-সভাপতি নৱ কুমাৰ দলে, অ' বি চি মৰ্চাৰ সভাপতি অশ্বিনী ৰায় সৰকাৰ, বিধায়ক প্ৰশান্ত ফুকন, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু আৰু মহিলা মৰ্চাৰ সভানেত্ৰী স্বপ্না বণিয়াই অংশগ্ৰহণ কৰে ৷ নিৰ্বাচনী কমিটিৰ বিশেষ আমন্ত্ৰিত সদস্য তথা ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, উত্তৰ পূবৰ সমন্বয়ক সম্বিত পাত্ৰ, যুটীয়া সমন্বয়ক ভি মুৰলীধৰণ আদিও উক্ত সভাত উপস্থিত থাকে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.