ETV Bharat / politics

কা প্ৰণয়ন হ'ল যেতিয়া চৰ্চা চলিবই: বিশ্বজিৎ দৈমাৰী - biswajit daimary react over caa

Tribal Conference in Kokrajhar :কোকৰাঝাৰত বিজেপিৰ জনজাতি মৰ্চাৰ বিশাল জনজাতি সন্মিলন ৷ পিজেএচিবিএমৰ নেতা জেব্ৰাৰাম মুছাহাৰীসহ ২০০ গৰাকীৰ বিজেপিত যোগদান ৷

Tribal Conference in Kokrajhar
কোকৰাঝাৰত জনজাতি সন্মিলন
author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 10:32 PM IST

কোকৰাঝাৰ, ১২ মাৰ্চ : বিজেপিৰ জনজাতি মৰ্চাৰ উদ্যোগত মঙলবাৰে কোকৰাঝাৰত জনজাতি সন্মিলন অনুষ্ঠিত হয় ৷ বিটিআৰৰ পাচঁখন জিলাৰ সহস্ৰাধিক জনজাতি লোকে অংশগ্ৰহণ কৰা এই সন্মিলনত "বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত বিজেপি কাৰ্যকৰ্তাৰ ভূমিকা " শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ এই আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ভাষণ প্ৰসংগত বিটিআৰত উন্নয়নৰ দিশত চৰকাৰ আৰু জনতাই দায়বদ্ধতাৰে কাম কৰি যাব লাগিব বুলি মন্তব্য কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইপিনে, 'কা' আইন সন্দৰ্ভতো অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে 'কা' আইন প্ৰণয়ন হ'ল যেতিয়া চৰ্চা চলিবই । কিবা ভুল থাকিলে দেখুৱাই দিয়ক ৷ সংসদৰ মজিয়াত সংশোধন কৰিব পাৰিব । দেশৰ আইন মানি চলিব লাগিব । যদিহে ভবা হয় সুৰক্ষাৰ প্ৰতি ভাবুকি আহিছে তেতিয়াহ'লে বিধানসভাৰ মজিয়াত অসমীয়াৰ ৰক্ষণাবেক্ষণৰ বাবে আইন প্ৰণয়ন কৰিবপৰা সাংবিধানিক ক্ষমতা আছে । এইক্ষেত্ৰত দল সংগঠনক উদ্দেশ্যি বিশ্বজিত দৈমাৰীয়ে 'কা' আইনখন ভালদৰে পঢ়াৰ আহ্বান জনাই কয় যে আইনখনত কিবা সংযোজন কৰিব লগা থাকিলে নিশ্চয় সংশোধন কৰিব পৰা যাব ৷ তেওঁ অৱশ্যে 'কা' আইনখন বিস্তৃতৰূপত পঢ়া নাই বুলি মন্তব্য কৰে ।

ইপিনে ,জনজাতি সন্মিলনত বিজেপিৰ জনজাতি মৰ্চাৰ ৰাজ্যিক সভাপতি শিৱনাথ ব্ৰহ্মই ভাষণত আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত এনডিএৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰাৰ আহ্বান জনায় ৷ তেওঁ কয় যে যিহেতু কোকৰাঝাৰ লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী অৱতীৰ্ণ হব তেনেক্ষেত্ৰত এনডিএ সমৰ্থিত প্ৰাৰ্থী গৰাকীক জয়যুক্ত কৰি তৃতীয় বাৰৰবাবে নৰেন্দ্ৰ মোদীক দেশৰ প্ৰধানমন্ত্ৰী হোৱাত সহযোগ কৰাৰ আহ্বান জনায় ৷

উল্লেখ্য যে কোকৰাঝাৰত আজি বিজেপিৰ জনজাতি মৰ্চাৰ উদ্যোগত আয়োজিত বিশাল জনজাতি সন্মিলনত পিপ'লছ জইন্ট একচন কমিটী ফ'ৰ বড়োলেণ্ড ম'ভমেন্টৰ মুখ্য আহ্বায়ক জেব্ৰাৰাম মুছাহাৰী সহ ২০০ গৰাকী লোকে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ৷ এই জনজাতি সন্মিলনত বিজেপিৰ ৰাজ্যিক উপ সভাপতি অশোক ভট্ৰ ৰায় , সাংগঠনিক সাধাৰণ সম্পাদক ৰবিন্দ্ৰ ৰাজু , বিজেপিৰ জনজাতি মৰ্চাৰ সভাপতি শিৱনাথ ব্ৰহ্ম, বিজেপিৰ জিলা সভানেত্ৰী কবিতা বসুমতাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জিহাৰী , পাৰিষদ বিজিতগৌৰা নাৰ্জাৰী, ৰাজীৱ কুমাৰ ব্ৰহ্মকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক:অসমীয়াৰ প্ৰতি চৰম অন্যায় ! বিজেপিৰ বিৰুদ্ধে ভোট দিয়াৰ আহ্বান নাগৰিক সমাজৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.