মৰাণ, 21 ফেব্ৰুৱাৰী: ডিব্ৰুগড়ত এইবাৰ ৰামেশ্বৰ তেলীৰ সন্মুখত থিয় দিছে উচ্চ শিক্ষিত যুৱ নেতা অশোক কুমাৰ ওৰাং । সমাগত লোকসভা নিবাৰ্চনক লৈ ক্ৰমাৎ গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ । শাসক দল বিজেপিৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক দলসমূহে একত্ৰিত হোৱাৰ চেষ্টা চলাইছে যদিও সফল হোৱা পৰিলক্ষিত হোৱা নাই । ইয়াৰ মাজতে বিজেপিয়ে দলীয় কাৰ্যসূচী ৰূপায়ণ কৰি ৰাইজৰ কাষ চাপিছে । বিজেপিয়ে প্ৰাৰ্থী তালিকা ৰাজহুৱা কৰা নাই যদিও সমষ্টিয়ে সমষ্টিয়ে বিভিন্নজনে বিচাৰিছে প্ৰাৰ্থীত্ব ।
ডিব্ৰুগড়ৰ বিজেপি সাংসদ ৰামেশ্বৰ তেলীৰ সন্মুখত এইবাৰ প্ৰত্যাহ্বান হিচাবে থিয় দিছে উচ্চ শিক্ষিত যুৱ নেতা অশোক কুমাৰ ওৰাং । বিচাৰিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ টিকট । দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় অধিৱেশনত অংশগ্ৰহণ কৰি ডিব্ৰুগড়ৰ বিমানবন্দৰত মঙলবাৰে উপস্থিত হোৱাৰ পাছতেই বিভিন্ন দল-সংগঠনে উষ্ম আদৰণি জনাই অশোক কুমাৰ ওৰাঙক । ইয়াৰ পাছতে নেতাজনে লোকসভা নিৰ্বাচনৰ টিকট বিচৰা বুলি কৈ দলে টিকট প্ৰদান কৰিলে জয়লাভ কৰাটো নিশ্চিত বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে ।
- " class="align-text-top noRightClick twitterSection" data="">
বিজেপিৰ কেন্দ্ৰীয় সভাপতি, গৃহ মন্ত্ৰী অমৃত শ্বাহ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ত ডিব্ৰুগড় লোকসভা সমষ্টিৰ টিকটৰ বাবে আবেদন পত্ৰ প্ৰদান কৰা বুলি জানিবলৈ প্ৰাৰ্থীত্ব প্ৰত্যাশীগৰাকীয়ে জানিবলৈ দিয়ে । চাহ জনগোষ্ঠীৰ নেতাজনৰ এই ভূমিকাই ৰামেশ্বৰ তেলীৰ ৰাজনৈতিক কেৰিয়াৰত আউল লগোৱাৰ আশংকাই দেখা আছে । কাৰণ দেখিবলৈ পোৱা যায় যে বিজেপিত সকলো কথাই সম্ভৱ ।
বহু সাংসদৰ টিকট কৰ্তন কৰি নতুনক সুবিধা দিয়াৰ চিন্তা কৰিব পাৰে বিজেপিৰ নেতৃত্বই । লক্ষণীয় বিষয় যে, আজি পৰ্যন্ত ৰামেশ্বৰ তেলীক প্ৰতিহত কৰি বিজেপিৰ কোনো নেতাই টিকট বিচৰা নাছিল ডিব্ৰুগড় লোকসভা সমষ্টিত । কিন্তু অশোক কুমাৰ ওৰাঙে বিজেপিৰ প্ৰাৰ্থীত্ব বিচাৰি মুকলিকৈ দলীয় সমৰ্থন বিচৰাটোৱে ৰামেশ্বৰ তেলীৰ সমৰ্থকৰ মাজত চিন্তা বঢ়াইছে ।