ETV Bharat / politics

অসম চৰকাৰৰ তিনিটা পলিচী কি কি ? ক'লে ভূপেন বৰাই - Bhupen Borah

author img

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 6:41 PM IST

Bhupen Borah on Assam govt policies : অসম চৰকাৰৰ আছে কেৱল তিনিটা পলিচী ৷ কংগ্ৰেছৰ চৰকাৰ আহিলে নকৰে ভূমিপূজন ৷ বিক্ৰী নকৰে চাহ বাগিচা ৷ ক’লে ভূপেন বৰাই ৷

Bhupen Borah on Assam govt policies
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)

গুৱাহাটী, ৪ আগষ্ট : ‘‘ অসম চৰকাৰৰ এতিয়া মাত্ৰ তিনিটা পলিচী আছে ৷ এক নম্বৰ হৈছে কেৱল হিন্দু-মুছলমান কৰি থাকিব লাগে ৷ দ্বিতীয়তে হিতাধিকাৰীক দি থাকিব লাগে ৷ তৃতীয়টো হৈছে অসম দেশৰ শীৰ্ষৰ পাঁচখনৰ এখন ৰাজ্য হ’ব বুলি ভূমিপূজন কৰি হোৱাই-নোহোৱাই প্ৰচাৰ কৰি থাকিব লাগে ৷’’- এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷

দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি বৰাই কয়, ‘‘ চৰকাৰৰ এই তিনিটা পলিচীত যুৱ প্ৰজন্মৰ ভৱিষ্যত ক’ত আছে ? এই তিনিটা পলিচীত চলা চৰকাৰৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰিছে৷ আমাৰ চৰকাৰ হ’লে অৰুণোদয়ৰ ঠাইত ন-লক্ষ্মী আমিও দিম৷ কিন্তু আমি ভূমি পূজন নকৰো ৷ যদি ভূমিপূজা হয় তেন্তে লাইভ নকৰো ৷ আমি বাগান বিক্ৰী নকৰো আৰু ক্ৰয়ো নকৰো ৷ আমি বাগান শক্তিশালী কৰিম৷ বিজেপি চৰকাৰে বাগান বিক্ৰী কৰে আৰু ক্ৰয় কৰে ৷ চৰকাৰৰ এই নীতি জাতিবিৰোধী ৷ আমি এই নীতিৰ বিৰুদ্ধে কাম কৰিম ৷’’

আনহাতে বিধায়ক নুৰুল হুদাৰ পুত্ৰ তেলচুৰি ঘটনাৰে জড়িত থকা অভিযোগ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই কয়, ‘‘ আইনৰ ওচৰত থকা বিষয় এটাত ৰাজনৈতিক মন্তব্য নিদিওঁ৷ ইয়াত আইনে আইনৰ কাম কৰিব ৷ মই প্ৰতিক্ৰিয়া দিয়াৰ কোনো অৱকাশ নাথাকে ৷’’ বিৰোধী ঐক্য মঞ্চৰ বৈঠক সন্দৰ্ভত বৰাই কয়, ‘‘ আজি ১৬ টা ৰাজনৈতিক দলৰ লগতে নতুন দুটা ৰাজনৈতিক সংগঠন আমাৰ লগত বৈঠকত মিলিত হ’ব ৷ এটা সোণোৱাল কছাৰীসকলৰ সংগঠন আৰু আনটো কমতাপুৰ ৰাজনৈতিক সংগঠন ৷ ১৮ টা দল, আমি মিলিত হ’ম ৷’’

চাৰিটাকৈ আঞ্চলিক দলৰ উমৈহতীয়া মঞ্চৰ প্ৰসংগত বৰাই কয়, ‘‘ আঞ্চলিকতাবাদৰ ধাৰা আৰু ৰাষ্ট্ৰীয়তাবাদৰ ধাৰা নতুন নহয় ৷ আঞ্চলিকতাবাদৰ মূল তত্বটো হৈছে কেন্দ্ৰও শক্তিশালী হ’ব লাগে আৰু ৰাজ্যও শক্তিশালী হ’ব লাগে৷ অসমৰ সিদ্ধান্ত অসমত হ’ব লাগে ৷ নাগপুৰত হ’ব নালাগে ৷ বিজেপিৰ সিদ্ধান্ত নাগপুৰত হয়, অসমত নহয় ৷ যাৰ বাবে আজি অসম ধাৰত চলি আছে ৷’’

লগতে পঢ়ক : ৯ আগষ্টত ৰাজীৱ ভৱনত বিশাল যোগদান কাৰ্যসূচী : কোনে যোগদান কৰিব কংগ্ৰেছত ?

লগতে পঢ়ক : সাধাৰণ লোকৰ বাবে চিন্তা কৰিব পৰা শক্তি চৰকাৰৰ নাইকীয়া হৈছে : ভূপেন বৰা

লগতে পঢ়ক : অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে তিনিবছৰ সম্পূৰ্ণ ভূপেন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.