গুৱাহাটী, 15 ফেব্ৰুৱাৰী : বিপৰ্যয়ত কোঙা হৈছে অসম প্ৰদেশ কংগ্ৰেছ ৷ এই জনমত কেতিয়াও কংগ্ৰেছ দল ত্যাগ নকৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ এই প্ৰসংগত মা কামাখ্যা আৰু বটদ্ৰৱা থানত শপত ল'বলৈ সাজু ভূপেন বৰা ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাইয়ো যে বেজেপিত যোদান নকৰিব তাৰ কি গেৰাণ্টি আছে বুলি আজি মন্তব্য কৰিছিল ৷ তাৰেই প্ৰত্যুত্তৰ দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷
- " class="align-text-top noRightClick twitterSection" data="">
মুখ্যমন্ত্ৰীয়ে দাবী কৰাৰ দৰে ভূপেন বৰায়ো কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিব নেকি বোলা প্ৰশ্নৰ উত্তৰত আজি ৰাজীৱ ভৱনত তেওঁ কয়- “মা কামাখ্যা আৰু বটদ্ৰৱা থানত শপত ল'বলৈ মই সাজু ৷ মই এই জনমত দল ত্যাগ নকৰো ৷ মোৰ ঘৰ ভঙাৰ জাননী আহিছে, ভাতৃ-ভাই বোৱাৰীক বদলি কৰা হৈছে ৷ তথাপি মই নিজৰ নীতি-আদৰ্শৰ পৰা বিচলিত নহওঁ ৷"
ইফালে কংগ্ৰেছৰ দুই বিধায়ক বসন্ত দাস আৰু কমলাক্ষ দে’ পুৰকায়স্থই বিজেপিক পোনপটীয়াভাৱে সমৰ্থন কৰাৰ পিছত বিজেপিকে ধৰি আন একাংশ ৰাজনৈতিক দলে আক্ৰমণৰ লক্ষ্য কৰি লৈছে ভূপেন বৰাক ৷ এই সন্দৰ্ভত আজি ভূপেন বৰাই ৰাজীৱ ভৱনত কয়- “দলত্যাগ কৰা নেতা-কৰ্মীৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা ৷ দললৈ নতুন মুখৰ আমদানিও হ'ব, যিসকল আমাতকৈ ভাল নেতা হ'ব ৷”
প্ৰসংগ ক্ৰমে তেওঁ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দুৰ্নীতিৰ কথা উল্লেখ কৰে ৷ এই প্ৰসংগত তেওঁ কয় যে, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সদস্যক চি বি আই এ তলব কৰিছিল ৷ বিজেপিত যোগদান কৰাৰ বাবে এতিয়া চি বি আই এ নমতা হ'ল বুলি উল্লেখ কৰে ভূপেন বৰাই ৷
লগতে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি প্ৰসংগতো ভূপেন বৰাই কয় যে পৰিৱৰ্তন হৈছে প্ৰকৃতিৰ নিয়ম ৷ ৰাজনৈতিক দলসমূহেও পৰিৱৰ্তিত পৰিস্থিতিত খাপ খাব পাৰিব লাগিব ৷ দলৰ তৃণমূল পৰ্যায়ৰে যোগসূত্ৰ স্থাপনৰ মাধ্যমেৰে চলিব যোগাযোগ ৷ ইয়াৰ বাবে স্থাপন কৰা হৈছে ৱাৰ ৰূম ৷ বুথৰ বি এল এ আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীৰে যোগাযোগ চলিব বুলিও কয় তেওঁ ৷
উল্লেখযোগ্য যে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত আজি গুৱাহাটীৰ ৰাজীৱ ভৱনৰ তৃতীয় মহলাত আগন্তুক লোকসভাৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ বাবে এটা নিয়ন্ত্ৰণ কক্ষ মুকলি কৰা হয় ৷ ৰাজীৱ ভৱনৰ তিনিটা কোঠাত 12 টা কম্পিউটাৰসহ শতাধিক ম'বাইল ফোনৰে সৈতে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ বাবে তৃণমূলত সাংগঠনিক যোগসূত্ৰ স্থাপনৰ বাবে এই 'ৱাৰ ৰূম' স্থাপন কৰা হৈছে ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই মুকলি কৰা এই 'ৱাৰ ৰূম'ৰ উদ্বোধনী সভাত দিল্লীৰ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ 'ৱাৰ ৰূম'ৰ প্ৰতিনিধি অৰুণ গাৰ্গ আৰু শিবু ৰয় উপস্থিত থাকে ৷
লগতে পঢ়ক : কোনোবা নেতা যাব, হাজাৰজন নেতা ওলাব: ৰেকিবুদ্দিন আহমেদ