ETV Bharat / politics

নিলম্বিত পাঁচ বিধায়কৰ পদ খাৰিজৰ বাবে আদালতৰ দ্বাৰস্থ হ’ব ভূপেন বৰা ! - Bhupen Borah Press Meet

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 4:36 PM IST

Assam Politics : কংগ্ৰেছৰ পৰা‌ নিলম্বন হৈ থকা পাঁচগৰাকী বিধায়কৰ পদ খাৰিজ কৰাৰ বাবে আদালতৰ দ্বাৰস্থ হ’ব ভূপেন বৰা ৷ গণতন্ত্ৰৰ পৰম্পৰা ৰক্ষা কৰাৰ স্বাৰ্থত, বিধানসভাৰ অধ্যক্ষৰ পদবীৰ গৰিমা ৰক্ষা কৰাৰ স্বাৰ্থত যি সিদ্ধান্ত দিব বিচাৰে তৎকালীনভাৱে দিয়াৰ দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ ৷

BHUPEN BORAH PRESS MEET
আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ ভূপেন বৰাৰ (ETV BHARAT ASSAM)

গুৱাহাটী, 27 মে': দলবিৰোধী কাৰ্যকলাপৰ‌ বাবে কংগ্ৰেছৰ পৰা‌ নিলম্বন হৈ থকা দলটোৰ পাঁচগৰাকী বিধায়কৰ পদ খাৰিজ কৰাৰ বাবে আদালতৰ দ্বাৰস্থ হোৱাৰ কথা ঘোষণা কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ গুৱাহাটীত সোমবাৰে এক সাংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে কংগ্ৰেছ বিধায়িনী দলৰ দলপতিয়ে ইতিমধ্যে এই বিধায়কসকলৰ বিধায়ক পদ খাৰিজ কৰাৰ‌ বাবে তথ্য সহকাৰে বিধানসভাৰ অধ্যক্ষক লিখিত অভিযোগ দিছে ৷ কিন্তু এইক্ষেত্ৰত বিধানসভাৰ অধ্যক্ষই বিষয়টো পিছুৱাই আছে ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ সংবাদমেল (ETV BHARAT ASSAM)

ভূপেন বৰাই লগতে কয়, বিধানসভাৰ অধ্যক্ষই এইক্ষেত্ৰত কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷ বিধানসভাৰ অধ্যক্ষই যদি বিধায়কেইজনৰ বিধায়ক পদ খাৰিজ কৰে ক’বলগীয়া একো নাই ৷ যদি একো ব্যৱস্থা গ্ৰহণ নকৰে বা বিষয়টো দীঘলীয়া কৰি গৈ থাকে তেতিয়া কংগ্ৰেছ দল আদালতৰ দ্বাৰস্থ ‌হ’ব বুলি উল্লেখ কৰে ভূপেন বৰাই ৷ উল্লেখযোগ্য বিধানসভাত কংগ্ৰেছৰ 29 গৰাকী বিধায়ক আছিল ৷ ইয়াৰে দুগৰাকী কংগ্ৰেছৰ বিধায়ক ক্ৰমে ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোহাঁই কংগ্ৰেছৰ দলৰ পৰা পদত্যাগ কৰি উপ-নিৰ্বাচনৰ জৰিয়তে বি জে পিৰ টিকট লৈ বিধায়ক হয় ৷ আকৌ দলবিৰোধী কাৰ্যকলাপৰ বাবে কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী, চিদ্দিক আহমেদ, শশীকান্ত দাস, কমলাক্ষ দে’ পুৰকায়স্থ, বসন্ত দাসক কংগ্ৰেছৰ দলৰ পৰা নিলম্বন কৰা হৈছে ৷

বিধায়ক কেইজনৰ বিৰুদ্ধে বিধানসভাৰ অধ্যক্ষই ব্যৱস্থা লোৱাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱা বুলি উল্লেখ কৰে ভূপেন বৰাই ৷ তেওঁ বিধানসভাৰ অধ্যক্ষক আহ্বান জনাই কয় যে, গণতন্ত্ৰৰ পৰম্পৰা ৰক্ষা কৰাৰ স্বাৰ্থত, বিধানসভাৰ অধ্যক্ষৰ পদবীৰ গৰিমা ৰক্ষা কৰাৰ স্বাৰ্থত যি সিদ্ধান্ত দিব বিচাৰে তৎকালীনভাৱে দিব লাগে ৷

লগতে পঢ়ক : নতুন আৰু পুৰণিৰ সংঘাত : ৰাজ্যিক বিজেপিত তীব্ৰতৰ বঙহৰ যুঁজ - Assam BJP Conflict

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.