ETV Bharat / politics

তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ পাছতো বিভিন্ন ফেক্টৰ থাকে: ভূপেন বৰা - BHUPEN BORA ON BYE ELECTION

উপ-নিৰ্বাচনত কংগ্ৰেছ জয়ী হ'ব বুলি ৰাইজৰ মুখত ওলাইছে । তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব । ভূপেন বৰাৰ মন্তব্য ।

Bhupen Bora on Bye Election
উপ-নিৰ্বাচন সন্দৰ্ভত ভূপেন বৰাৰ মন্তব্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2024, 10:08 PM IST

গুৱাহাটী : "উপ-নিৰ্বাচনৰ ফলাফলক লৈ দলীয়ভাৱে আমি পৰ্যালোচনা কৰা নাই । তৃণমূলৰ কৰ্মকৰ্তাৰ ৰিপোৰ্ট মোৰ লগত আছে । চামগুৰি সমষ্টিক বাদ দি বাকী চাৰিটা সমষ্টিত লোকসভা নিৰ্বাচনৰ ফলাফলত আমি গড়ে ৩০ হাজাৰমান ভোটত পিছপৰি আছিলোঁ । গতিকে এতিয়া জয়-পৰাজয় খাটাংকে কোৱাটো উচিত নহ'ব । কাৰণ ৰাইজৰ মত বাকচত বন্দী হৈ আছে ।" এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ ।

পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভত বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । তেওঁ কয়, "উপ-নিৰ্বাচনত আমি যোগ্য প্ৰতিদ্বন্দ্বিতা দিছোঁ । আমি তীব্ৰ যুঁজ কৰিছোঁ । তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ পাছত বিভিন্ন ফেক্টৰ থাকে । চৰকাৰৰ ৰাজনৈতিক কথা বাদ দিও প্ৰশাসনিক আৰু অন্যান্য কথাও থাকে । তাৰ মাজতো সকলোৱে কৈ আছে যে কংগ্ৰেছে যোগ্য প্ৰতিদ্বন্দ্বিতা দিছে । সকলোৱে আশাবাদী । চাৰিটা সমষ্টিত অত্যন্ত আশাবাদী ।"

উপ-নিৰ্বাচন সন্দৰ্ভত ভূপেন বৰাৰ মন্তব্য (ETV Bharat Assam)

চিদলী সমষ্টিৰ কথা উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, "চিদলীত লোকসভা নিৰ্বাচনত আমি ১১ হাজাৰ ভোট পাইছিলোঁ । সেইটো এশ শতাংশ ইম্প্ৰুভ হ'ব । ২৩ তাৰিখে মই তথ্য দিম । চামগুৰিত আমি লীডত থাকিম বুলি ভাবিছোঁ । কিন্তু খবৰ অনুসৰি ১৮ টা কেন্দ্ৰত ৰিগিং হৈছে । আনহাতে, বাকী তিনিটা সমষ্টি বঙাইগাঁও, ধলাই আৰু বিহালীত আমি লোকসভা নিৰ্বাচনত গড়ে ৩০ হাজাৰ ভোটত পিছপৰি আছিলোঁ । কিন্তু উপ-নিৰ্বাচনত কংগ্ৰেছ জয়ী হ'ব বুলি ৰাইজৰ মুখত ওলাইছে । তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব।"

তেওঁ লগতে কয়, "চিদলীত আমাৰ উদ্দেশ্যটো আছিল যে দল-সংগঠন থিয় কৰোৱা । ২০ বছৰ মূৰত আমি চিদলীত নিৰ্বাচন খেলিছোঁ । লোকসভা নিৰ্বাচনত আমি পৰীক্ষা কৰিছিলোঁ । ২০২১ৰ বিধানসভা নিৰ্বাচত বিটিআৰৰ এখন আসনতো কংগ্ৰেছে খেলা নাই ।"

ইয়াৰ লগতে তেওঁ কয়, "উপ-নিৰ্বাচনৰ ফলাফলৰ পাছত ভোটৰ শতাংশ আৰু ৰাজনৈতিক যুঁজক লৈ বিজেপিয়ে কংগ্ৰেছক ছিৰিয়াছ হিচাপে ল'ব । ৰিগিং হোৱাৰ বাবে নিৰ্দিষ্ট কৰি দিয়া কেন্দ্ৰত কংগ্ৰেছৰ তৰফৰ পৰা পুনৰ নিৰ্বাচন বিচৰা হৈছে । দায়িত্ব দিয়া ৰকিবুল হুছেইনে ব্যাপক ৰিগিং হোৱা বুলি জনাইছে । ভোট কমিলে প্ৰমাণ হৈ যাব ।"

লগতে পঢ়ক :উপ-নিৰ্বাচনত সংখ্যালঘুৰ সমৰ্থন লাভ কৰিছে বিজেপিয়ে: জয়ন্ত মল্লবৰুৱা
লগতে পঢ়ক :বঙাইগাঁৱত অগপৰ দুৰ্গ থাকিব নে ন-আশাই পূৰ্ণতা পাব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.