ETV Bharat / politics

লক্ষ্য উপ আৰু পঞ্চায়ত নিৰ্বাচন : ৰাজীৱ ভৱনত এখনৰ পাচত আনখন বৈঠকৰে মন্থন - APCC MEETING IN GUWAHATI

author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 10:10 PM IST

APCC Manthan at Guwahati : গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ এখনৰ পাছত আনখন বৈঠক ৷ সন্মুখত পাঁচটা সমষ্টিৰ উপ নিৰ্বাচনৰ লগতে পঞ্চায়ত নিৰ্বাচন ৷ ইয়াৰ পিছত ২০২৬ চনৰ বিধানসভা নিৰ্বাচন ৷ তাৰ বাবে প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰিছে মন্থন ৷ পঢ়ক সবিশেষ...

APCC MEETING IN GUWAHATI
ৰাজীৱ ভৱনত ৰুদ্ধদ্বাৰ বৈঠক (ETV Bharat Assam)

গুৱাহাটী, ১৬ জুলাই: অসম প্ৰদেশ কংগ্ৰেছত এতিয়া চলিছে মন্থন ৷ সন্মুখত পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন ৷ ইয়াৰ পিচত ২০২৬ চনৰ বিধানসভা নিৰ্বাচন ৷ তাৰ বাবে প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰিছে মন্থন ৷ বিশেষকৈ ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিৰ আসন্ন উপ নিৰ্বাচনক লৈ কংগ্ৰেছে আৰম্ভ কৰিছে কুচকাৱাজ ৷ ৰাজীৱ ভৱনত তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত অনুষ্ঠিত হৈছে এখনৰ পিচত আনখনকৈ বৈঠক ৷ এই বৈঠকতে উপ-নিৰ্বাচনক লৈ কংগ্ৰেছে লৈছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

APCC MEETING IN GUWAHATI
ভূপেন বৰা, জীতেন্দ্ৰ সিঙৰ অংশগ্ৰহণ (ETV Bharat Assam)

সোমবাৰৰ পৰা চলা এই মন্থনৰ মঙলবাৰে দ্বিতীয় দিনাও অনুষ্ঠিত হয় কেইবাখনো বৈঠক ৷ গুৱাহাটীৰ ৰাজীৱ ভৱনত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং, লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈ, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম কংগ্ৰেছৰ সহ তত্বাৱধায়কদ্বয় পৃথ্বীৰাজ প্ৰভাকৰ সাথে আৰু বিকাশ উপাধ্যায়, প্ৰদেশ কংগ্ৰেছৰ ভূপেন বৰা, কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেবব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন আৰু প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ উপস্থিতিত মঙলবাৰে পৃথকে পৃথকে কেইবাখনো বৈঠক অনুষ্ঠিত হয় ৷

APCC MEETING IN GUWAHATI
বুধবাৰে তিনিদিনীয়া এই মন্থনৰ সামৰণি পৰিব (ETV Bharat Assam)

লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে সত্যৰ ঊৰ্ধত কথা কৈ আছে : জগদীশ ভূঞা - AJP PRESSMEET

প্ৰথমে উজনি অসমৰ জিলা কংগ্ৰেছসমূহৰ নেতৃবৃন্দৰ সৈতে সাংগঠনিক আলোচনা অনুষ্ঠিত হয় ৷ ইয়াৰ পিচত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ সদস্যসকল, জ্যেষ্ঠ মুখপাত্ৰ আৰু মুখপাত্ৰসকলৰ সৈতে নেতৃত্বৰ বৈঠক অনুষ্ঠিত হয় ৷ সেইদৰে নামনি অসমৰ জিলা কংগ্ৰেছসমূহৰ নেতৃবৃন্দসকলৰ সৈতে সাংগঠনিক আলোচনাত মিলিত হয় দলৰ নেতৃত্ব ৷ তদুপৰি প্ৰদেশ কংগ্ৰেছ, জিলা কংগ্ৰেছ কমিটি আৰু ব্লক কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াৰে বৈঠক অনুষ্ঠিত হয় ৷ ৰাজীৱ ভৱনত এখনৰ পাচত আনখন বৈঠকৰ যোগেদি ৰাজ্যত দলৰ সাংগঠনিক ভেটি আৰু অধিক সুদৃঢ় কৰাত বিশদ আলোচনা কৰা হয় ৷

APCC MEETING IN GUWAHATI
ৰাজীৱ ভৱনত এখনৰ পিচত আনখন বৈঠক (ETV Bharat Assam)

উল্লেখ্য যে, আজি নামনি আৰু উজনি অসমৰ উপৰিও নৰ্থ বেংক, মধ্য অসম, পাহাৰীয়া জিলা কেইখন আৰু বৰাক উপত্যকাৰ দলীয় বিষয়ববীয়াৰে পৃথকে পৃথকে অনুষ্ঠিত হয় বৈঠক ৷

উল্লেখ্য যে, পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছে অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ ইংগিত ইতিমধ্যে জীতেন্দ্ৰ সিঙৰ লগতে ভূপেন বৰাই দিছে ৷ মাৰাথন এই বৈঠকসমূহত এই বিষয়ে আলোচনা কৰাৰ উপৰিও প্ৰাৰ্থী তালিকা প্ৰস্তুতৰ প্ৰক্ৰিয়াও আগবঢ়াই নিয়া হৈছে ৷ ইফালে বৈঠকসমূহত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি সাংগঠনিক কচৰ‍ৎ আৰম্ভ কৰাৰ বাবেও তৎপৰতা অৱলম্বন কৰা হৈছে ৷ সমান্তৰালকৈ গ্ৰহণ কৰা হৈছে কেতবোৰ ৰণকৌশল ৷

APCC MEETING IN GUWAHATI
লক্ষ্য উপ আৰু পঞ্চায়ত নিৰ্বাচন (ETV Bharat Assam)

বুধবাৰে তিনিদিনীয়া এই মন্থনৰ সামৰণি পৰিব ৷ বুধবাৰে গুৱাহাটী মহানগৰীৰ হোটেল লিলিত প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক অনুষ্ঠিত হ'ব ৷ বৈঠকত সাংসদ, বিধায়ক আৰু লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ লগতে দলৰ জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰিব ৷ যিখন বৈঠকত একচন প্লেন প্ৰস্তুত কৰা হ'ব ৷

উল্লেখ্য যে, সোমবাৰে ৰাজীৱ ভৱনত পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচন সম্পর্কীয় প্ৰথমখন বৈঠকত ৰাজ্যিক নেতৃবৰ্গৰ লগতে সংশ্লিষ্ট সমষ্টিটোৰ জিলা কংগ্ৰেছৰ সভাপতি, ব্লক কংগ্ৰেছৰ সভাপতি, বিগত বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী, প্ৰাক্তন বিধায়ক, সমষ্টিটোত অন্তৰ্ভুক্ত হৈ থকা সংসদীয় সমষ্টিৰ সাংসদ, প্ৰাক্তন সাংসদ আদিয়ে অংশগ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক: উপ-নিৰ্বাচনত কংগ্ৰেছে অকলেই যুঁজিব : ভূপেন বৰাৰ স্পষ্ট ইংগিত - Bhupen Kumar Borah on By election

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.