ETV Bharat / politics

বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ পৰা নিয়া হ'ব দিল্লীলৈ : ৫ জুলাইত সাংসদৰূপে শপত ল’ব অমৃতপালে - Amritpal Singh gets parole

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 8:30 PM IST

Amritpal Singh: কাৰাগাৰৰ পৰাই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰা খালিস্তানী নেতা অমৃতপাল সিঙক শপতগ্ৰহণৰ বাবে অনুমতি প্ৰদান কৰা হৈছে ৷ ৫ জুলাইত সাংসদৰূপে শপত ল’ব অমৃতপালে ৷

Amritpal Singh
AMRITPAL SINGH GETS PAROLE (ETV Bharat Assam)

নিউজ ডেস্ক, 3 জুলাই: পঞ্জাৱৰ খাদুৰ চাহিব সমষ্টিৰ পৰা সাংসদৰূপে নিৰ্বাচিত হোৱা অমৃতপাল সিঙৰ শপতগ্ৰহণৰ বাবে পঞ্জাব চৰকাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ আবেদন প্ৰেৰণ কৰিছিল । ইয়াৰ ভিত্তিত খালিস্তানৰ সমৰ্থক অমৃতপাল সিঙক ৪ দিনৰ বাবে পেৰ’লত মুক্তি দিয়া হৈছে । ৫ জুলাইত অমৃতপালে সংসদ সদস্য হিচাপে শপতগ্ৰহণ কৰিব । বৰ্তমান তেওঁ অসমৰ ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে । বৃহস্পতিবাৰে কটকটীয়া নিৰাপত্তাৰে বিশেষ বিমান যোগে তেওঁক ডিব্ৰুগড়ৰ পৰা নিয়া হ'ব দিল্লীলৈ ৷

লগতে পঢ়ক: শপত গ্ৰহণৰ বাবে অস্থায়ী মুক্তি বিচাৰি অমৃতপাল সিঙৰ আবেদন - MP Amritpal Singh

অৱশ্যে অমৃতপালৰ অধিবক্তা বা তেওঁৰ পৰিয়ালৰ ওচৰত কোনো তথ্য নাই এই সন্দৰ্ভত । অমৃতসৰৰ উপায়ুক্ত ঘনশ্যাম থোৰীয়ে কয়, ‘‘অমৃতপাল সিঙক ৫ জুলাইৰ পৰা ৪ দিন বা তাতকৈ কম সময়ৰ বাবে কিছুমান চৰ্তৰে পেৰ’ল দিয়া হৈছে, যাৰ বিষয়ে ডিব্ৰুগড়ৰ জেল অধীক্ষকক অৱগত কৰা হৈছে ।’’

অমৃতপালৰ খুড়াক সুখচেইন সিঙৰ মন্তব্য: এই সন্দৰ্ভত সাংসদ অমৃতপাল সিঙৰ খুড়াক সুখচেইন সিঙে কয় যে আজি পুৱা ছ’চিয়েল মিডিয়াৰ জৰিয়তে আৰু সাংসদ সৰবজিৎ খালছাৰ জৰিয়তে তেওঁ লোকসভাৰ অধ্যক্ষৰ সৈতে বৈঠক হোৱা বুলি গম পাইছিল । তেওঁলোকে ৫ জুলাইত অমৃতপাল সিঙক শপত গ্ৰহণ কৰোৱাৰ সিদ্ধান্ত লৈছে । এই উপলক্ষে সুখচেইন সিঙে চৰকাৰক ঠাট্টা কৰি কয় যে দেৰি হ’ল । এই শপত গ্ৰহণৰ সিদ্ধান্ত চৰকাৰে আগতেই ল’ব লাগিছিল বুলিও তেওঁ কয় ।

লগতে পঢ়ক: ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙৰ বৃহৎ জয় - Lok Sabha Election Results 2024

আগন্তুক লোকসভা অধিৱেশনতো অমৃতপালক অনুমতি দিব লাগে: অমৃতপালৰ বিজয়ৰ লগে লগে চৰকাৰে এন এছ এৰ প্ৰত্য়াহাৰ কৰিব লাগিছিল বুলি মন্তব্য কৰে সুখচেইন সিঙে । তেওঁ লগতে কয় শপতগ্ৰহণৰ সময়ত চৰকাৰে কিছু ব্যৱস্থা কৰক যাতে ৰাইজে তেওঁলোকক দেখা পায় । কাৰণ কাৰাগাৰত তেওঁক লগ পায় কেৱল পৰিয়ালটোৱে, কিন্তু যোৱা ডেৰ বছৰ ধৰি অমৃতপালক দেখাৰ বাবে মানুহে হাহাকাৰ কৰি আহিছে ।

আগন্তুক লোকসভা অধিৱেশনতো অমৃতপালক উপস্থিত থকাৰ অনুমতি দিবলৈ দাবী জনায় সুখচেইন সিঙে কয়, যাতে লোকসভা অধিৱেশনত অমৃতপালে হালকা খাদুৰ চাহিবৰ অসমাপ্ত কাম সম্পূর্ণ কৰাৰ দাবী উত্থাপন কৰিব পাৰে ৷

লগতে পঢ়ক: কাৰাগাৰৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা : বৃহৎ অগ্ৰগতি অমৃতপাল সিঙৰ - Lok Sabha Election Results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.