ETV Bharat / politics

৬ এপ্ৰিলত লখিমপুৰলৈ আহিব গৃহমন্ত্ৰী, তৎপৰ ৰাজ্যিক বিজেপি - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Lok Sabha Election 2024: লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব গৃহমন্ত্ৰী অমিত শ্বাহে । গৃহ মন্ত্ৰীগৰাকীৰ সভা সফল কৰি তুলিবলৈ জিলাখনত বিজেপিয়ে বিশেষ ৰণনীতি প্ৰস্তুত কৰিছে ।

Lok Sabha Election 2024
৬ এপ্ৰিলত লখিমপুৰলৈ আহিব গৃহ মন্ত্ৰী
author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 5:37 PM IST

৬ এপ্ৰিলত লখিমপুৰলৈ আহিব গৃহ মন্ত্ৰী

লখিমপুৰ, ২৯ মাৰ্চ: লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে লখিমপুৰলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ । গৃহমন্ত্ৰীৰ সভা সফল কৰাৰ বাবে ৰাজ্যিক বিজেপি তৎপৰ হৈ পৰিছে । সভাৰ প্ৰস্তুতিৰ বুজ ল'বলৈ লখিমপুৰত উপস্থিত হৈছে ইজনৰ পিচত সিজন দলীয় নেতা ।

উল্লেখ্য যে অহা ৬ এপ্ৰিলত গৃহমন্ত্ৰীগৰাকীয়ে ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব । লখিমপুৰ নগৰৰ সমীপৰ চুকুলীভৰীয়াত তেওঁ এখন জনসভা সম্বোধন কৰিব । সেই সভাৰ প্ৰস্তুতিৰ বুজ ল'বলৈ শুকুৰবাৰে লখিমপুৰত উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা । এই সন্দৰ্ভত লখিমপুৰৰ জিলা বিজেপিৰ কাৰ্যালয়ত এখন পৰ্যালোচনা সভাৰো আয়োজন কৰা হয় । য'ত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ সৈতে মন্ত্রী ডাঃ ৰণোজ পেগু, বিধায়ক মানৱ ডেকা, ভুৱন পেগু, নৱ দলে, জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱা আদিয়ে অংশগ্রহণ কৰে ।

সভাত গৃহমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰি বিভিন্নজনক দায়িত্ব অৰ্পণ কৰা হয় । সভাত অংশগ্রহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সাংবাদিকক কয় যে সমগ্র দেশ এতিয়া মোদীময় হৈ পৰিছে । বিভিন্ন ৰাজ্যৰ দৰে অসমতো একেই পৰিৱেশ বুলি তেওঁ দাবী কৰে । বিজেপি আৰু মিত্রজোঁটৰ প্ৰাৰ্থী এই নিৰ্বাচনত বিপুল ভোটত জয়ী হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে ।

তেওঁ কয় যে গৃহমন্ত্ৰীগৰাকীয়ে অংশগ্রহণ কৰিবলগীয়া সভাখনে উত্তৰ অসমত ব্যাপক যোগাত্মক প্ৰভাৱ পেলাব । সমগ্ৰ ভাৰতৰ লগতে অসমতো উন্নয়ন হৈছে যাৰ বাবে ৰাইজ বিজেপিৰ পক্ষত আছে আৰু এই নিৰ্বাচনত বিজেপি আৰু মিত্রজোঁটে অভূতপূৰ্ব সফলতা লাভ কৰিব বুলি তেওঁ আশাবাদী । ভৱেশ কলিতাৰ মতে নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব । অসমত এইবাৰ বিজেপি দলে ১৩ খন আসন লাভ কৰিব বুলিও তেওঁ দাবী কৰে ।

লগতে পঢ়ক :ষ্টাৰ কেম্পেইনাৰ হিচাপে ৰাজ্যৰ বাহিৰে-ভিতৰে ব্যাপক প্ৰচাৰ কাৰ্যসূচী মুখ্যমন্ত্রীৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.