ETV Bharat / politics

কংগ্ৰেছৰ কাৰ্যালয়ত লুৰীণজ্যোতি গগৈ: বিচাৰিলে শুভাশিস - Lurinjyoti Gogoi

Lurinjyoti Gogoi: আছুত থাকোতে যি লুৰীণজ্যোতি গগৈয়ে কংগ্ৰেছক চোকা সমালোচনা কৰিছিল, সেই লুৰীণজ্যোতি গগৈ আজি কংগ্ৰেছৰ কাৰ্যালয়ত ৷ কংগ্ৰেছ কৰ্মীয়েও তেওঁক জনালে উষ্ম আদৰণি ৷ ভোট, ক্ষমতাৰ বাবে যে সকলো সম্ভৱ তাৰ এটা উদাহৰণ লুৰীণজ্যোতি গগৈয়েও ডাঙি ধৰিলে ৷

Lurinjyoti Gogoi
ডিব্ৰুগড় কংগ্ৰেছৰ কাৰ্যালয়ত লুৰীণজ্যোতি গগৈ
author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 10:07 PM IST

ডিব্ৰুগড় কংগ্ৰেছৰ কাৰ্যালয়ত লুৰীণজ্যোতি গগৈ

ডিব্ৰুগড়, 19 মাৰ্চ: ডিব্ৰুগড়ৰ লোকসভা সমষ্টিত ৰাজনৈতিক দলসমূহে প্ৰচাৰ তুংগত কৰি তুলিছে । লোকসভা সমষ্টিটোত বিজেপি, আপ আৰু বিৰোধীৰ ঐক্যমঞ্চই পৃথকে পৃথকে প্ৰাৰ্থিত্ব প্ৰদান কৰি অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান । সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ডিব্ৰুগড়ৰ লোকসভা সমষ্টিত বিৰোধীঐক্য মঞ্চৰ প্ৰাৰ্থী । সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত থকাৰ সময়ত প্ৰতিটো দিনতেই কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰা লুৰীণজ্যোতি গগৈয়ে ক্ষমতাৰ বাবে আজি ভৰি থ’লে কংগ্ৰেছ দলৰ কাৰ্যালয়ত ।

  • " class="align-text-top noRightClick twitterSection" data="">

ডিব্ৰুগড়ৰ ৰাজীৱ ভৱনত উপস্থিত হোৱা ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে জনালে উষ্ম আদৰণি । আগন্তুক লোকসভা নিৰ্বাচনত ডিব্ৰুগড় সংসদীয় সমষ্টিৰ প্ৰাৰ্থীগৰাকী উপস্থিত হোৱাৰ লগে লগে প্ৰাৰ্থীগৰাকীক কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই বিপুল আদৰণি জনায় ৷ অসমৰ ১৩নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে সমৰ্থকসকলে আদৰণি জনোৱা পৰিলক্ষিত হয় ।

এই আদৰণি অনুষ্ঠানত কংগ্ৰেছ দলৰ বহুতো জ্যেষ্ঠ নেতা উপস্থিত থাকে । ইয়াৰ ভিতৰত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰ, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডা, প্ৰাক্তন বিধায়িকা জীৱনতৰা ঘাটোৱাৰ আৰু অসম জাতীয় পৰিষদৰ (অজাপ)সদস্যসকলে এই সভাত অংশগ্ৰহণ কৰে । কংগ্ৰেছ আৰু জাতীয় পৰিষদে কেনেকৈ সন্মিলনভাৱে প্ৰচাৰত নামিব সেই বিষয়ে আজিৰ সভাতে আলোচনাত কৰে দুয়োটা দলৰ নেতাসকলে ।

কিন্তু কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰা লুৰীণজ্যোতি গগৈয়ে ক্ষমতাৰ বাবে আজি কংগ্ৰেছ দলৰ কাৰ্যালয়ত প্ৰৱেশ কৰা বিষয়টো শাসক দল বিজেপিয়ে সমালোচনাৰ বাবে নতুন উৎস যে বিচাৰি পালে সেয়া নিশ্চিত হৈ পৰিছে ।

লগতে পঢ়ক: বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী হিচাবে লুৰীণজ্যোতি মোৰো প্ৰাৰ্থী : পৱন সিং ঘাটোৱাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.