ETV Bharat / politics

কাৰ বাবে অসমত গঠন হ’ল বিজেপি চৰকাৰ; বাখ্যা শুনক বদৰুদ্দিন আজমলৰ মুখেৰে - Ajmal Controversial Statement

Ajmal Controversial Statement: কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক উদ্দেশ্যি উদ্ভট মন্তব্য এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ । ৰকিবুল হুছেইন আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সন্দৰ্ভতো আজমলে আগবঢ়ালে তাৎপৰ্যপূৰ্ণ মন্তব্য ৷ পঢ়ক এই প্ৰতিবেদন...

Ajmal Controversial Statement on congress leader Rakibul Hussain
কাৰ বাবে অসমত গঠন হ’ল বিজেপি চৰকাৰ; ক’লে এ আই ইউ ডি এফ প্ৰধান আজমলে
author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 2:28 PM IST

কাৰ বাবে অসমত গঠন হ’ল বিজেপি চৰকাৰ; ক’লে এ আই ইউ ডি এফ প্ৰধান আজমলে

ধুবুৰী, 1 এপ্ৰিল : পুনৰ উদ্ভট মন্তব্য এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ । এইবাৰ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক উদ্দেশ্যি উদ্ভট মন্তব্য আগবঢ়ালে বিতৰ্কিত সাংসদগৰাকীয়ে ৷ কংগ্ৰেছ তথা ৰকিবুল হুছেইনে আজমলৰ বাবেই অসমত বিজেপি চৰকাৰ হৈছে বুলি দাবী কৰি অহা অভিযোগৰ প্ৰত্যুত্তৰ দি আজমলে কয়, "ৰকিবুল হুছেইন আৰু হিমন্তৰ মাজত আছে বন্ধুত্বপূৰ্ণ সম্পৰ্ক । ৰকিবুলৰ কাৰণেই বিজেপি চৰকাৰ হৈছে অসমত ।"

আনহাতে বিয়াৰ প্ৰসংগত আজমলে ৰকিবুল হুছেইনক উদ্দেশ্যি কয়, "ৰকিবুলৰ শক্তি নাই বাবে এটা সন্তান জন্ম দিছে । আমাৰ শক্তি আছে বাবে আমাৰ সাতটা সন্তান জন্ম হৈছে । ৰকিবুল হুছেইনক ধুবুৰীৰ মানুহে বেয়া পায় । ৰকিবুল হুছেইন হাৰিব এইবাৰ ।"

উল্লেখ্য যে, দেওবাৰে ধুবুৰীৰ গৌৰীপুৰত এ আই ইউ ডি এফে ইফতাৰ মেহফিলৰ আয়োজন কৰে । গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমানৰ বাসগৃহত আয়োজিত ইফতাৰ মেহফিলত উপস্থিত থাকে আজমল । এই অনুষ্ঠানতে ৰকিবুল হুছেইনক কঠোৰ ভাষাৰে সমালোচনা কৰে আজমলে । দলটোৱে ঈদৰ পিছত নিৰ্বাচনী প্ৰচাৰ চলাব বুলি উল্লেখ কৰে ।

ইপিনে সমাগত নিৰ্বাচনত আজমলে কমেও 9 লাখ ভোটৰ ব্যৱধানত সাংসদ হিচাবে নিৰ্বাচিত হ’ব বুলি দাবী কৰে । লক্ষণীয় বিষয় যে, নিৰ্বাচন আহিলেই জনপ্ৰতিনিধিৰ মুখত বিভিন্ন অসামাজিক আৰু অলাগতিয়াল কথা বতৰা কোৱা পৰিলক্ষিত হৈ আহিছে ৷ সময়ে সময়ে বিতৰ্কিত মন্তব্যৰে সংবাদ শীৰ্ষ দখল কৰা আজমলেও একেই পদ্ধতি গ্ৰহণ কৰি বোকা চটিওৱা ৰাজনীতিৰে ভোটাৰ ৰাইজক বিভ্ৰান্তি কৰা দেখিবলৈ পোৱা গৈছে ।

আজমলৰ শেহতীয়া এই মন্তব্যই সচেতন ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: সাংবাদিকৰ এশাৰী বাক্যই দুদিনলৈ টেনশ্যন দিয়ে সাংসদ তাছাক - Kaziranga Lok Sabha constituency

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.