ETV Bharat / politics

প্ৰসংগ সাম্প্ৰদায়িক বক্তব্য : মন্ত্ৰী পীযুষ হাজৰীকাক যোৱা তিনি বছৰৰ অপৰাধৰ তথ্য় বিচাৰিলে বিধায়ক ৰফিকুল ইছলামে - Pijush Hazarika controversial post

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 4:43 PM IST

Pijush Hazarika social media post: ফেচবুকত মন্ত্ৰী পীযুষ হাজৰীকাই কৰা এটা বিশেষ পোষ্টক লৈ সমালোচনামুখৰ হৈ পৰিছে এ আই ইউ ডি এফৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম ৷ মন্ত্ৰী হাজৰীকাই সাম্প্ৰদায়িকতাৰ আশ্ৰয় লোৱাৰ অভিযোগ বিধায়ক ইছলামৰ ৷ পঢ়ক সবিশেষ...

AIUDF MLA RAFIQUL ISLAM
PIJUSH HAZARIKA CONTROVERSIAL POST (ETV Bharat Assam)

গুৱাহাটী, ২৭ জুন: মন্ত্ৰী পীযুষ হাজৰীকাক এইবাৰ উভতি ধৰিলে এ আই ইউ ডি এফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে । সামজিক মাধ্যমযোগে মন্ত্ৰী পীযুষ হাজৰীকাই এটা বিশেষ সম্প্ৰদায়ৰ প্ৰসংগৰে সংখ্যালঘুসকলক লৈ কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক ৰফিকুল ইছলামে । নিজৰ প্ৰতিক্ৰিয়াত বিধায়কগৰাকীয়ে কয় যে মন্ত্ৰী পীযুষ হাজৰীকাই সামাজিক মাধ্যমযোগে সাংঘাতিক সাম্প্ৰদায়িক বক্তব্য আগবঢ়াইছে ।

বিধায়ক হাফিজ ৰফিকুল ইছলাম (ETV Bharat Assam)

বিজেপিৰ নেতাসকলে অযোধ্যাৰ নিৰ্বাচনী ফলাফলৰ পৰা এতিয়াও শিক্ষা লোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে হিন্দু-মুছলমান আৰু ৰাম মন্দিৰ কৰিও অযোধ্যাৰ আসনত বিজেপি হাৰিছে । তাত সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী জয়ী হৈছে । নৰেন্দ্ৰ মোদীয়ে হিন্দু-মুছলমান কৰি বাৰাণসী সমষ্টিত মাত্ৰ ডেৰ লাখ ভোটত জয়ী হ'বলৈ সক্ষম হ'ল । গতিকে এইবোৰৰ পৰা মন্ত্ৰী পীযুষ হাজৰীকা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষা নল'লে অনাগত দিনত অসমতো তেওঁলোকৰ বিপদ আসন্ন বুলি তেওঁ কয় ।

লগতে পঢ়ক: লোকসভা নিৰ্বাচনৰ ফলাফলৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মুছলমান ভোটাৰক লৈ চিন্তিত মুখ্যমন্ত্ৰী ! - Lok Sabha Election Results 2024

কেইটামান নিৰ্দিষ্ট ঘটনাৰ কথা উল্লেখ কৰা মন্ত্ৰী পীযুষ হাজৰীকাক বিগত তিনি বছৰত হোৱা অপৰাধমূলক ঘটনাৰ লগত জড়িত লোকসকলৰ নাম ৰাজহুৱা কৰাৰ বাবে প্ৰত্যাহ্বান জনাই বিধায়ক ৰফিকুল ইছলামে । মন্ত্ৰী পীযুষ হাজৰীকাক তেওঁ ছিৰিজ আকাৰে প্ৰত্যেক দিনাই বিগত তিনি বছৰত হোৱা অপৰাধ আৰু অপৰাধৰ লগত জড়িত লোকৰ নাম প্ৰকাশ কৰাৰ বাবে আহ্বান জনায় ।

শাসনলৈ অহা দিনৰ পৰা হোৱা অপৰাধমূলক ঘটনাসমূহ ৰাজহুৱা কৰাৰ প্ৰত্যাহ্বান জনাই তেওঁ প্ৰশ্ন কৰে যে কিয় বাচি বাচি কেতবোৰ ঘটনা আৰু ঘটনাৰ লগত জড়িত লোকৰ নাম প্ৰকাশ কৰিছে ? মন্ত্ৰী পীযুষ হাজৰীকাই সাম্প্ৰদায়িক বক্তব্যৰে যি বিষবাষ্প বিয়পাব বিচাৰিছে সেয়া মুঠেই সমৰ্থন যোগ্য নহয় বুলি তেওঁ কয় । অপৰাধ সদায়েই অপৰাধ আৰু তাত কোনো ধৰ্মৰ কথা জড়িত থাকিব নোৱাৰে বুলি উল্লেখ কৰি কঠোৰ হাতেৰে অপৰাধীক দমন কৰাৰ বাবে আহ্বান জনায় বিধায়ক ইছলামে ।

লগতে পঢ়ক: নিৰ্বাচনৰ ভোট নহয় সংখ্যালঘুৰ উন্নয়ন অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰধান লক্ষ্য - Lok Sabha Election 2024

সামাজিক মাধ্যমযোগে কি কৈছিল মন্ত্ৰী পীযুষ হাজৰীকাই ?

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ সময়ত হোৱা কেতবোৰ ঘটনা আৰু এই ঘটনাত জড়িত লোকসকলক লৈ মন্ত্ৰী পীযুষ হাজৰীকাই সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক টাৰ্গেট কৰি সামাজিক মাধ্যমত বক্তব্য আগবঢ়াইছিল । সামাজিক মাধ্যমযোগে মন্ত্ৰী পীযুষ হাজৰীকাই আগবঢ়োৱা বক্তব্য আছিল এনেধৰণৰ -

‘‘বিগত লোকসভা নিৰ্বাচনৰ পাচৰে পৰা অসমত কেবাটাও ধাৰাবাহিক বিক্ষিপ্ত ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে আৰু কাকতালীয়ভাৱে(!) এই ঘটনাবোৰত সাঙোৰ খাইছে এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তিৰ নাম । বিগত মে’ মাহত অসমত নিৰ্বাচন হৈ যোৱাৰ পাচত বৰপেটা জিলাৰ কয়াকুছিৰ সমীপৰ বামুণবড়ি গাঁৱত দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত কেইবাজনো খিলঞ্জীয়া ব্যক্তি গুৰুতৰভাৱে আহত হয় ।

পৰিকল্পিতভাৱে এখন খিলঞ্জীয়া অসমীয়া গাঁৱত এনেদৰে কৰা আক্ৰমণৰ এই ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মূল অভিযুক্ত কেইটাৰ নাম হৈছে ক্ৰমে জহুৰ খান (বয়স ৫৪ বছৰ), ববিদুল খান (১৮ বছৰ), চাহাব আলী (৪৮ বছৰ), আব্দুল মিঞা (৬০ বছৰ) আৰু নিৰাজুল মিঞা (১৮ বছৰ)। ঘটনাটোত অভিযুক্ত আনসকলৰ নাম হৈছে জাকিৰ খান (২৫ বছৰ), আটোৱাৰ আলী (২০ বছৰ), ইনজামানূল হক (২৩ বছৰ), জয়নাল আবেদিন (২৫ বছৰ) আৰু নূৰ মহম্মদ মিঞা (২১ বছৰ) ।

মে’ মাহতে লখিমপুৰ জিলাৰ খেলমাটি আৰক্ষী চকীত মোবাইল চুৰিত জড়িত থকাৰ সন্দেহত আটক কৰা এজন ব্যক্তিৰ আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল । পৰৱৰ্তী সময়ৰ চিকিৎসকৰ প্ৰতিবেদন অনুসৰি ব্যক্তিজন পূৰ্বৰে পৰা হৃদৰোগত আক্ৰান্ত আছিল যাৰ ফলত তেওঁৰ মৃত্যু হৈছিল । কিন্তু ঘটনাৰ মূল কথাৰ সম্ভেদ নোলোৱাকৈয়ে এটা বিশেষ সম্প্ৰদায়ৰ বহুতো ব্যক্তিয়ে আৰক্ষী চকী আক্ৰমণ কৰি কৰ্তব্যৰত আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে । এই আক্ৰমণত আৰক্ষীৰ লোকৰ লগতে সংবাদকৰ্মীও আহত হৈছিল ।

পাচত আৰক্ষীয়ে এই পৰিকল্পিত আৰু দলবদ্ধ আক্ৰমণৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ২৬ টা অভিযুক্তৰ মূল অভিযুক্তকেইটাৰ নাম আছিল জাহাংগীৰ আলী, ৰাজিবুল হুছেইন, আছাদুল হক, চৰিফুল আলী, ছাহজাহান আলী, মণিৰুল ইছলাম, পাপু খান, মজিবুৰ ৰহমান, আজিজুৰ ৰহমান, মোবাৰক আলী, কাচেম আলী, আনাৰুল ইছলাম, বাহাৰুল ইছলাম, চনি আহমেদ, মালেক আলী, চৈয়দ মুজিবুৰ ৰহমান, ৱাচিনুৰ ৰহমান, ৰেজাউল ইছলাম, আমিৰ হামজা, চাইফুল ইছলাম, নাজিম আলী আৰু নুৰ হুছেইন আলী ।

আন এক ঘটনাত যোৱা জুন মাহৰ ৭ তাৰিখে কোকৰাঝাৰ জিলাৰ চিথিলা অঞ্চলত দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত মহিলাসহ কেইবাগৰাকীও কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোক গুৰুতৰভাৱে আহত হয় । পৰিকল্পিত এই ঘটনাৰ মূল অভিযুক্তকেইটাৰ নাম হৈছে মকবুল, চুৰমান আলী, নচাদ আলী, আজাদ, জামাদ আলী, ফাৰাজ, খাৰিজ, আৰিফ, অয়নাল আলী, হাফিজুল আৰু জুমুৰ ।

যোৱা ২২ জুন তাৰিখে ওদালগুৰি জিলাৰ মাজবাটত এগৰাকী কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ এটা অতি জঘন্য ঘটনা সংঘটিত হয় । এই ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইটাৰ নাম হৈছে আনচেন আহমেদ (বয়স ২৯ বছৰ), ছাদ্দাম হুছেইন, মোস্তাক আহমেদ (২৯ বছৰ), মহিদুল ইছলাম (২৫ বছৰ) আৰু অভিজুল আলী (২৫ বছৰ)।

যোৱা পৰহি, ২৪ জুনত শোণিতপুৰৰ ঢেকিয়াজুলিত এগৰাকী কিশোৰী ছাত্ৰীক ধৰ্ষণৰ আন এক জঘন্য ঘটনাত চাইদুল আলী নামৰ এটা অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । কথা হ’ল হঠাৎ এটা বিশেষ সম্প্ৰদায়ৰ নাম সাঙোৰ খোৱা এই ঘটনাবোৰে কি প্ৰতিফলিত কৰিছে ? শেহতীয়া নিৰ্বাচনত আমাৰ দল ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী উজনি অসমৰ যোৰহাট সমষ্টিত হাৰিছিল । কিন্তু প্ৰশ্ন হ'ল হঠাৎ এই নিৰ্বাচনৰ পাচত আজি প্ৰায় তিনি বছৰে কোনো ধৰণৰ বিশেষ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱৰা এক বিশেষ সম্প্ৰদায়ৰ দুৰ্বৃত্তবোৰ হঠাৎ সক্ৰিয় হৈ এটাৰ পাচত এটা দলবদ্ধ আক্ৰমণত লিপ্ত হৈছে কিয় ?

খিলঞ্জীয়া কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ দৰে মানৱ সভ্যতাক ভূলুণ্ঠিত কৰা ঘটনা কিয় সংঘটিত হৈছে ? উল্লেখ্য যে বিগত নিৰ্বাচনত কংগ্ৰেছ দলে অসমত লাভ কৰা প্ৰায় ৭৫ লাখ ভোটৰ ৫৮ লাখ ভোটেই সংখ্যালঘু ভোট । নিৰ্বাচনত যোৰহাটত তেওঁলোক জিকিছে । কিন্তু এই জয় যেন এটা বিশেষ সম্প্ৰদায়ৰ দুৰ্বৃত্তৰ বাবে সাহস হৈ পৰিছে । আজি খিলঞ্জীয়া গাঁৱত কৰা আক্ৰমণ অথবা খিলঞ্জীয়া কিশোৰীক কৰা নিৰ্যাতনৰ বিৰুদ্ধে আমাৰ চৰকাৰে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল’বলৈ আগবাঢ়িছোঁ ।

কিন্তু ৰাজ্যখনত হঠাতে এনেদৰে এটা সম্প্ৰদায়ৰ দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণৰ ঘটনাক সামাজিক প্ৰেক্ষাপটত সহজভাৱে ল’ব পৰা নাযায়। আমাৰ চৰকাৰে বিগত সময়ত সকলোৰে উন্নতিৰ বাবে কাম কৰিছে । কিন্তু এতিয়া কাৰোবাৰ জয়ৰ সাহসত দুঃসাহসী হৈ এটা বিশেষ সম্প্ৰদায়ৰ দুৰ্বৃত্তই খিলঞ্জীয়া অসমীয়া আৰু ভাৰতীয়ৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে । চৰকাৰে এই সংগঠিত দুৰ্বৃত্তবোৰক কঠোৰ হাতেৰে নিৰ্মূল কৰিব ।’’

লক্ষণীয় বিষয় যে, কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো উক্ত ঘটনাসমূহৰ প্ৰসংগৰে সংখ্যালঘু সম্প্ৰদায়ক লক্ষ্য কৰি বক্তব্য আগবঢ়াইছিল । আনকি ধুবুৰীত ৰকিবুল হুছেইনৰ বৃহৎ জয়ৰ বাবেও সংখ্য়ালঘু ভোটাৰক এক প্ৰকাৰ সমালোচনা কৰিছিল মুখ্যমন্ত্ৰীয়ে ৷ এইবাৰ পীযুষ হাজৰীকাই সামাজিক মাধ্যমত কৰিছে একে ধৰণৰ মন্তব্য ৷ যাৰ বাবে এতিয়া বিজেপি চৰকাৰৰ মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এ আই ইউ ডি এফৰ নেতা তথা বিধায়ক হাফিজ ৰফিকুল ইছলাম ৷

লগতে পঢ়ক: মুখ্যমন্ত্রীয়ে কি নিকৃষ্ট খেল খেলি আছে : ক'লে বিধায়ক আমিনুল ইছলামে - MLA Aminul Islam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.