গুৱাহাটী, ১৫ মাৰ্চ : কাইলৈ লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পূৰ্বে আজি নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলে ৷ পূৰ্বে সদৰী কৰাৰ দৰেই আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ ১৪ খন আসনৰ ভিতৰত তিনিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব এ আই ইউ ডি এফে । দলটোৱে তিনিখন আসনত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা সদৰী কৰি আজি আনুষ্ঠানিকভাৱে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ৷ সেই অনুসৰি ধুবুৰী লোকসভা সমষ্টিত মৌলানা বদৰুদ্দিন আজমল, নগাঁও লোকসভা সমষ্টিত আমিনুল ইছলাম আৰু কৰিমগঞ্জ লোকসভা সমষ্টিত চাহাবুল ইছলাম চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । দলটোৰ সাধাৰণ সম্পাদক হাফিজ বছিৰ আহমেদে আজি আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে অসমৰ তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ লগে লগে অন্ত পৰিল বিগত সময়ত হৈ থকা বিতৰ্কৰ ।
![Lok Sabha election 2024](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15-03-2024/aiudfcandidatelist_15032024182642_1503f_1710507402_511.jpg)
ধুবুৰী সমষ্টিত পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব বৰ্তমানৰ সাংসদ বদৰুদ্দিন আজমলে । আনহাতে, নগাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ধিঙৰ কেইবাবাৰৰো বিধায়ক আমিনুল ইছলামে ৷ ইপিনে, কৰিমগঞ্জৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব চাহাবুল ইছলামে ৷ ইতিমধ্যে লোকসভা সমষ্টিত কংগ্ৰেছ দলে ৰকিবুল হুছেইনক আৰু অগপই জাভেদ ইছলামৰ নাম প্ৰাৰ্থীৰূপে ঘোষণা কৰিছে । সেয়েহে ধুবুৰীত আজমলে এইবাৰ কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু অগপৰ জাভেদ ইছলামৰ লগত তীব্ৰ প্ৰত্য়াহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ।
- " class="align-text-top noRightClick twitterSection" data="">
আনহাতে, ৭ নং কৰিমগঞ্জ লোকসভা সমষ্টিত ইতিমধ্যে কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছে হাফিছ ৰচিদ আহমেদ চৌধুৰীক । বিজেপিয়ে প্ৰক্ষেপ কৰিছে বৰ্তমানৰ সাংসদ কৃপানাথ মাল্লাক । সেয়েহে এ আই ইউ ডি এফৰ প্ৰাৰ্থী চাহাবুল ইছলাম চৌধুৰী তীব্ৰ প্ৰত্য়াহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি । ৯ নং নগাঁও সমষ্টিত কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ আৰু বিজেপিৰ সুৰেশ বৰাৰ বিৰুদ্ধে যুঁজ দিব লাগিব আমিনুল ইছলামে ৷
লগতে পঢ়ক:সদৌ অসম ছাত্ৰ সন্থাৰ দুই প্ৰাক্তন সভাপতিৰ ৰাজনৈতিক যুঁজ চলিব ডিব্ৰুগড়ত