যোৰহাট : মঙলবাৰে যোৰহাটস্থিত পশু চিকিৎসালয়ত হঠাৎ উপস্থিত হয় কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰা । পশু চিকিৎসালয়খনত উপস্থিত হৈ মন্ত্ৰী অতুল বৰাই বিভাগীয় বিষয়াসকলৰ সৈতে বিভিন্ন বিষয় সম্পৰ্কত আলোচনাত মিলিত হোৱাৰ উপৰি বিভিন্ন বিষয় সন্দৰ্ভত তেওঁলোকৰ পৰা খতিয়ান লয় ।
আনহাতে, উক্ত বৈঠকত অংশগ্ৰহণ কৰাৰ পিছত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী অতুল বৰাই গাহৰি, কণী, গাখীৰ আদিৰ চাহিদা সম্পৰ্কত আৰু বজাৰৰ বিষয়ত আলোকপাত কৰে ।
ইফালে অসমৰ উপ-নিৰ্বাচন সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অতুল বৰাই কয়, "পাঁচটা সমষ্টিৰ উপ-নিবাচনত মিত্ৰজোঁটে আশাপ্ৰদক ফলাফল লাভ কৰিব ।"
বঙাইগাঁও উপ-নিৰ্বাচন সন্দৰ্ভত তেওঁৰ মন্তব্য, "বঙাইগাঁৱত অগপৰ প্ৰাৰ্থীগৰাকীয়ে পূৰ্বৰ তুলনাত অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিব । কাৰণ ফণীভূষণ চৌধুৰীৰ পত্নী অতি সহজ মনৰ অধিকাৰী । কেতিয়াও তেওঁ স্বামীৰ মনোনোয়ন দাখিলৰ সময়তো সংগ দিয়া নাছিল । কিন্তু ফণীভূষণ চৌধুৰীৰ জয়ৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল । ফণীভূষণ চৌধুৰীৰ আধৰুৱা কাম তেওঁ সম্পূৰ্ণ কৰিব ।"
আনহাতে, চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী 'তাঞ্জিল হুছেইন মোৰ ল'ৰা' বুলি আজমলে কৰা মন্তব্য সন্দৰ্ভত তেওঁ কয়, "কংগ্ৰেছে বদৰুদ্দিন আজমলৰ কঁকাল ভাঙি দিলে । কংগ্ৰেছ-এ আই ইউ ডি এফ একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি । চামগুৰিৰ নিৰ্বাচনে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ গোপন মিত্ৰতা মুকলি কৰি দিলে ।" আনহাতে, কংগ্ৰেছৰ সৈতে নৱগঠিত আঞ্চলিকতাবাদী দলকেইটাৰ মিত্ৰতা সন্দৰ্ভত অতুল বৰাই কয়, "কংগ্ৰেছৰ লগত থকা আঞ্চলিকতাবাদী দলকেইটাৰ প্ৰকৃত ছবিখন পলমকৈ হ'লেও কংগ্ৰেছে বুজি পাইছে । উক্ত আঞ্চলিক দলকেইটা কংগ্ৰেছৰ ঔৰসতেই জন্ম হোৱা দল আছিল । এই মন্তব্য বহু পূৰ্বতেই দিছিলো । ক্ষন্তেকীয়া আৱেগত জন্ম হোৱা আঞ্চলিকতাবাদী দলকেইটাৰ অস্তিত্ব কি সেয়া এই দলকেইটাৰ বৰ্তমান অৱস্থা চালেই বুজি পোৱা যায় ।" মন্ত্ৰী অতুল বৰাই লগতে কয় যে কংগ্ৰেছ আৰু অগপৰ জন্মত ইতিহাস আছে আৰু এই ইতিহাস অতি পুৰণি ।