ETV Bharat / politics

শীঘ্ৰেই বহু কংগ্ৰেছ নেতা-কৰ্মীৰ অগপলৈ আগমন; দাবী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

Ramendra Narayan Kalita : সোমবাৰে আজাৰাত অনুষ্ঠিত এখন সভাত 54 নং পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অগপ দলৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কংগ্ৰেছৰ দুই বিধায়কে অতি শীঘ্ৰে অগপত যোগদান কৰিব বুলি দাবী কৰে ৷ পুনৰ কেইবাগৰাকীও বিধায়ক আৰু বহু কংগ্ৰেছ নেতা কৰ্মীয়ে অগপত যোগ কৰিব বুলিও সভাত কয় মিত্ৰদলৰ বিধায়কগৰাকীয়ে ৷

author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 12:23 PM IST

AGP MLA on Congress
শীঘ্ৰেই বহু কংগ্ৰেছ নেতা-কৰ্মীয়ে অগপত যোগ দিব; অগপ বিধায়ক

মিৰ্জা, 19 ফেব্ৰুৱাৰী: কংগ্ৰেছৰ দুই বিধায়কে অতিশীঘ্ৰে অগপত যোগদান কৰিব বুলি সোমবাৰে আজাৰাত অনুষ্ঠিত এখন সভাত দাবী কৰে 54 নং পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অগপ দলৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । ইয়াৰ পিছত পুনৰ কেইবাগৰাকীও বিধায়ক আৰু বহু কংগ্ৰেছ নেতা কৰ্মীয়ে অগপত যোগ কৰিব বুলিও সভাত সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে কলিতাই ।

অগপ দলৰ প্ৰতি ৰাইজৰ আস্থা বৃদ্ধি পোৱা বুলি দাবী কৰি অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আৰু বহুকেইগৰাকী কংগ্ৰেছৰ বিধায়কে অগপ আৰু বিজেপি দলৰ সৈতে যোগদানৰ বাবে যোগাযোগ কৰি আছে বুলি মন্তব্য কৰে । কলিতাই কয়, " সমগ্ৰ দেশৰ লগতে অসমতো শূন্য হ’বলৈ গৈ আছে ৰাষ্ট্ৰীয় দল কংগ্ৰেছ । সকলো মিত্ৰ দলেও এতিয়া কংগ্ৰেছক এৰি যাবলৈ ধৰিছে । সকলোৱে আগন্তুক লোকসভাৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিবলৈ ধৰিছে । কংগ্ৰেছৰ অৱস্থা এতিয়া একেবাৰে বেয়া ৷"

কংগ্ৰেছ দলটোক তীব্ৰ সমালোচনা কৰি ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কংগ্ৰেছৰ দুই বিধায়ক বসন্ত দাস আৰু কমলাক্ষ দে’ পুৰকায়স্থৰ নাম উল্লেখ কৰে ৷ উল্লেখ্য যে, অসম বিধান সভা চৌহদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাই কংগ্ৰেছৰ দুই বিধায়ক বসন্ত দাস আৰু কমলাক্ষ দে’ পুৰকায়স্থই মুকলিকৈ ৰাজ্যৰ বিজেপি চৰকাৰৰ সকলো কাম-কাজলৈ নিজৰ সহযোগিতাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ লগতে, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ পদৰ পৰাও পদত্যাগ কৰে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰখনত অৱশ্যে বিধায়কজনে কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য ৰূপে দলটোতে থাকিব বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক: নেতৃত্বই কংগ্ৰেছত বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে : কমলাক্ষ দে' পুৰকায়স্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.