ETV Bharat / politics

বৰপেটা-ধুবুৰীৰ প্ৰাৰ্থী: অগপই আজি ল’ব সিদ্ধান্ত - AGP in Lok Sabha Election

AGP in Lok Sabha Election: বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ বাবে অগপই প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে দেওবাৰৰ নিশাৰ ভিতৰত ৷ ইতিমধ্যে পৰ্যবেক্ষক সমিতিয়ে দাখিল কৰিছে প্ৰতিবেদন ৷

AGP Lok Sabha Candidate 2024
অগপৰ প্ৰাৰ্থী তালিকা
author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 8:16 PM IST

Updated : Mar 10, 2024, 8:58 PM IST

অগপৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত সংবাদমেল

গুৱাহাটী, ১০ মাৰ্চ: লোকসভা নিৰ্বাচনৰ দুখন আসনত প্ৰতিদ্বন্দিতা কৰিবলগীয়া অগপই এতিয়াও প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিব পৰা নাই ৷ দেওবাৰে নিশাৰ ভিতৰত দুজনীয়া প্ৰাৰ্থী তালিকাৰ ক্ষেত্ৰত কিবা এটা সিদ্ধান্ত লোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে অগপৰ জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৷

বিজেপিয়ে অগপক এৰি দিয়া বৰপেটা আৰু ধুবুৰী আসন দুখনৰ প্ৰাৰ্থীৰ সন্দৰ্ভত ইখনৰ পিচত সিখন বৈঠক অনুষ্ঠিত কৰিছে দলটোৰ নেতৃত্বই ৷ ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ বাবে ভূপেন ৰয়, সত্যব্ৰত কলিতা, অপূৰ্ব কুমাৰ ভট্টাচাৰ্যক লৈ তিনিজনীয়া কমিটি গঠন কৰি দিয়া হৈছিল ৷ আনহাতে বৰপেটা লোকসভা সমষ্টিৰ বাবে ড৹ কমলা কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক লৈ এখন সমিতি গঠন কৰি দিয়া হৈছিল ৷ উক্ত সমিতি দুখনৰ প্ৰতিদিনৰ ভিত্তিত আলোচনা অব্যাহত আছে দলৰ মজিয়াত ৷

সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই জনায় যে নিৰ্বাচনী পৰ্যবেক্ষক সমিতি দুখনে সমষ্টি দুটাৰ বুজ লৈ ঘূৰি আহিছে ৷ বৰ্তমান কোন সমষ্টিৰ বাবে প্ৰাৰ্থী কোন হ’ব সেয়া সভাপতি আৰু কাৰ্যকৰী সভাপতিৰ সৈতে আলোচনাৰ পিচতে ঘোষণা কৰা হ’ব ৷ উল্লেখ্য যে সমষ্টি দুটাৰ বাবে টিকট প্ৰত্যাশী হ’ল মুঠ ১২ গৰাকী ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইয়াৰে ৭ গৰাকী বৰপেটা সমষ্টি আৰু ৫ গৰাকী ধুবুৰী সমষ্টিৰ টিকট প্ৰত্যাশী । অগপ নেতা বৈশ্যই সদৰী কৰা অনুসৰি ধুবুৰী লোকসভা সমষ্টিৰ প্ৰতিবেদন আজি দাখিল কৰা হ’ব আৰু বৰপেটা লোকসভাৰ প্ৰতিবেদন ইতিমধ্য দাখিল কৰা হৈছে । দেওবাৰে নিশা অগপৰ সভাপতি অথবা কাৰ্যকৰী সভাপতিৰ উপস্থিতিত এক বৈঠক অনুষ্ঠিত হ'ব । বৈঠকৰ পিচতে সমষ্টি দুটাৰ বাবে অগপৰ প্ৰাৰ্থী নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷

আনহাতে বিধায়ক ফণীভূষণ চৌধুৰীক বৰপেটা সমষ্টিৰপৰা নিৰ্বাচনত অৱতীৰ্ণ কৰোৱাৰ ক্ষেত্ৰতো মন্তব্য প্ৰকাশ কৰে অগপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ৷ তেওঁ কয় যে ফণীভূষণ চৌধুৰীক দলে কোনোধৰণৰ হেঁচা প্ৰয়োগ কৰা নাই । একাংশ লোকেহে ফণীভূষণ চৌধুৰীক বৰপেটাৰ পৰা লোকসভাৰ নিৰ্বাচন খেলিবলৈ অনুৰোধ কৰা বুলি জনায় বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই । এই বিষয়ত দলে সিদ্ধান্ত ল'ব বুলি মন্তব্য কৰে অগপ নেতাগৰাকীয়ে ৷

লগতে পঢ়ক: সোণোৱালৰ বিৰুদ্ধে এঘড়ী যুঁজাৰ মন: ডিব্ৰুগড়ত মনোজ ধানোৱাৰৰ জোৰদাৰ প্ৰচাৰ

Last Updated : Mar 10, 2024, 8:58 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.