ETV Bharat / politics

কৰিমগঞ্জৰ পিচত এইবাৰ কোকৰাঝাৰতো ভোটৰ বিসংগতি, নিৰ্বাচন আয়োগক অভিযোগ দিব বি পি এফে - Assam LS election results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 6:16 PM IST

BPF Alleged Vote Discrepancy in Kokrajhar : কোকৰাঝাৰত বি পি এফৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীৰ জয় নিশ্চিত বুলি ৰাইজৰ মাজত ব্যাপক প্ৰচাৰ হৈছিল । অৱশেষত ভোটগণনাৰ পিচত নিৰ্বাচন আয়োগে ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক জয়ী ঘোষণা কৰে । নির্বাচন আয়োগৰ তথ্য মতে, বি পি এফৰ প্রার্থীজনে ৪,৩৭,৪১২টা আৰু ইউ পি পি এলৰ প্ৰাৰ্থীজনে ৪,৮৮,৯৯৫টা ভোট লাভ কৰে ।

BPF Alleged Vote Discrepancy in Kokrajhar
কোকৰাঝাৰত ভোট গণনাত বিসংগতিৰ অভিযোগ (ETV Bharat)

গুৱাহাটী, ১৩ জুন : এইবাৰৰ লোকসভা নিৰ্বাচন স্বচ্ছতাৰে অনুষ্ঠিত নকৰা বুলি ইতিমধ্যে কংগ্ৰেছ তথা বিৰোধী দলসমূহে নিৰ্বাচন আয়োগৰ দিশে আঙুলি টোঁৱাইছিল । এই অভিযোগৰ সময়তে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচত তাৰ প্ৰমাণো ওলাইছে কৰিমগঞ্জ লোকসভা সমষ্টিত । কিয়নো সমষ্টিটোত ভোটৰ ব্যাপক খেলিমেলিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

কংগ্ৰেছ দলে এই অভিযোগ উত্থাপন‌ কৰাৰ পিচতে পুনৰবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত ভোটৰ ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপন কৰিছে বি পি এফ দলে । কৰিমগঞ্জ লোকসভা সমষ্টিত ই ভি এমত ৩,৮১১টা অতিৰিক্ত ভোট ওলোৱাক লৈ কংগ্ৰেছ দলে তথ্য সহকাৰে গুৰুতৰ অভিযোগ কৰাৰ সময়তে কোকৰাঝাৰ লোকসভা সমষ্টিক লৈও আন এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ।

কৰিমগঞ্জ লোকসভা সমষ্টিত ই ভি এমত ৩,৮১১টা অতিৰিক্ত ভোট ওলোৱাক লৈ ইতিমধ্যে কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ পৰাজিত প্ৰাৰ্থী হাফিছ ৰছিদ চৌধুৰীয়ে দেশৰ নিৰ্বাচন আয়োগক অভিযোগ-পত্ৰ দাখিল‌ কৰি সমষ্টিটোত পুনৰ নিৰ্বাচন‌ অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগৰ ওচৰত দাবী জনাইছে । ইয়াৰ পিচতে কোকৰাঝাৰ লোকসভা সমষ্টিটোত অতি ৰহস্যজনকভাৱে ই ভি এমৰ পৰা ১০,৭৬০টা ভোট নোহোৱা হৈছে । ইয়াকে লৈ এতিয়া সৰৱ হৈ পৰিছে বি পি এফ দল ।

মন কৰিবলগীয়া যে কোকৰাঝাৰত বি পি এফৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীৰ জয় নিশ্চিত বুলি ৰাইজৰ মাজত ব্যাপক প্ৰচাৰ হৈছিল । অৱশেষত নিৰ্বাচন আয়োগে ভোটগণনা কৰি ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী জয়ী হোৱা বুলি ঘোষণা কৰে । নির্বাচন আয়োগৰ তথ্য মতে, বি পি এফৰ প্রার্থীজনে ৪,৩৭,৪১২টা আৰু ইউ পি পি এলৰ প্ৰাৰ্থীজনে ৪,৮৮,৯৯৫টা ভোট লাভ কৰিছে ।

কোকৰাঝাৰত কি এই ভোটৰ বিসংগতি

উল্লেখ্য যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভোটগণনাৰ পাচত নির্বাচন আয়োগে স্পষ্ট কৰিছিল যে সমষ্টিটোৰ ৯টা বিধানসভা সমষ্টিত ১৪,৮৪,৫৭১টা মুঠ ভোটৰ ভিতৰত ১২,৪০,৩০৬ টা ভোট ই ভি এমত প্ৰদান কৰা হৈছিল । অর্থাৎ ই ভি এমত প্রদান হোৱা এই ১২,৪০,৩০৬টা ভোটহে গণনা কৰিব লাগিছিল । কিন্তু নির্বাচন আয়োগে সদৰী কৰিছে যে কোকৰাঝাৰ লোকসভা সমষ্টিত ই ভি এমৰ ১২,২৯,৫৪৬টা ভোটহে গণনা কৰিছে । ই ভি এমত ভোট প্রদান হৈছে ১২,৪০,৩০৬টা আৰু গণনা কৰা হৈছে ১২,২৯,৫৪৬টা । অর্থাৎ ই ভি এমত প্রদান হোৱা ১০,৭৬০টা ভোট গণনা কৰা নহ'ল । ই ভি এমত নিশ্চিতভাৱে এনেদৰে ভোটৰ সংখ্যা হেৰফেৰ হ'ব নোৱাৰে ।

তেতিয়াহ'লে ই ভি এমৰ ভোট হেৰাল কেনেকৈ ?

নির্বাচন আয়োগৰ তথ্য মতে, কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত গোসাঁইগাঁও বিধানসভা সমষ্টিত ই ভি এমত ভোটদান হৈছিল ৯৩,০৫৯টা আৰু গণনা কৰা হৈছে ৯১,৫৬৯টাহে । একেদৰে দতমাত ই ভি এমত প্রদান হোৱা ভোট আছিল ৮৮,১২৮ টা । ইয়াৰ বিপৰীতে‌ গণনা‌ কৰা হৈছিল ৮৮, ১৭৭টা ভোট । আনহাতে, কোকৰাঝাৰ বিধানসভা সমষ্টিৰ ১,১৫,৮২৫টা ই ভি এমৰ ভোটৰ ১,১৫,৮১৮টা‌ গণনা কৰা হৈছিল ।

একেদৰে বাওখুংগ্রী বিধানসভা সমষ্টিৰ ১,৩৮,৪০৮টা ই ভি এমৰ ভোটৰ ১,৩৩,৪৯৪টা ভোট গণনা কৰা হৈছিল । পৰ্বতঝোৰা সমষ্টিৰ ই ভি এমৰ ১,৫০,৯১২টা ভোটৰ ১,৫০,৯০৯টা ভোট গণনা কৰা হৈছিল । চিদলী চিৰাঙ সমষ্টিৰ ই ভি এমৰ ১,৭৮,৩৪৬‌ টা‌ ভোটৰ ১,৭৭,৮৩২টা ভোট গণনা কৰা হৈছিল ।

ইফালে বিজনী সমষ্টিৰ ই ভি এমত ১,৫৪,৯৯৮ টা ভোটৰ বিপৰীতে ১,৫৪,৯০১ টা ভোট গণনা কৰা হৈছিল । মানস সমষ্টিৰ ই ভি এমত ১,৬৬১৬৪ টা ভোটৰ ভিতৰত ১,৬৩,৮৯০টা গণনা কৰা হৈছিল আৰু বাক্সা বিধানসভা সমষ্টিত ই ভি এমত প্ৰদান হোৱা ১,৫৪,৪৬৬টা ভোটৰ বিপৰীতে ১,৫২,৯৫৬ টা ভোটহে গণনা কৰি ফলাফল ঘোষণা কৰা হৈছিল । এনেদৰে কোকৰাঝাৰ লোকসভা সমষ্টিত ১০,৭৬০টা ভোট গণনাই কৰা নহ'ল ।

বি পি এফৰ মুখপাত্ৰ দুৰ্গা দাসবড়োৰ মন্তব্য

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ‌ কৰি ই টিভি ভাৰতক বি পি এফৰ মুখপাত্ৰ দুৰ্গা দাস বড়োৱে কয়, "ই ভি এমত প্ৰদান হোৱা ভোট এনেদৰে কমি যোৱা মানে সমগ্র প্রক্রিয়াটোত মুক্ত আৰু নিকা নিৰ্বাচনক লৈ প্রশ্ন উঠিছে । ভোট গণনাৰ সময়ত ই ভি এমত দিয়া ভোট নিৰ্দিষ্ট সময়ত কিয় গণনা কৰা নহ'ল ? ই ভি এমত ভোটাৰে দিয়া ভোট কেনেকৈ নোহোৱা হয় ?" তেওঁ কয় যে কৰিমগঞ্জ লোকসভা সমষ্টিত ৩,৮১১টা ভোট ই ভি এমৰ গণনাৰ সময়ত বাঢ়িছিল ।

তেওঁ লগতে কয়, "এই সন্দৰ্ভত অভিযোগ দিয়াৰ নিৰ্দিষ্ট সময় এতিয়াও উকলি যোৱা নাই । অহা ১৫ জুনত দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আছে । এই‌ বিষয়টো দলৰ বৈঠকত গুৰুত্বসহকাৰে আলোচনা কৰা‌ হ'ব । তাৰ পিচত এই সন্দৰ্ভত দেশৰ নিৰ্বাচন আয়োগক অভিযোগ দিয়া হ'ব । লগতে এই ক্ষেত্ৰত কিবা আইনগত ব্যবস্থা ল'ব পাৰি নেকি সেই সন্দৰ্ভতো দলৰ মজিয়াত আলোচনা কৰা‌ হ'ব ।

লগতে পঢ়ক :প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৰাজধৰ্ম পালন কৰক মুখ্যমন্ত্ৰীয়ে : ৰকিবুল হুছেইন - Rakibul Hussain on Assam CM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.