ETV Bharat / politics

প্ৰধানমন্ত্ৰী মোদীক অহংকাৰী ৰজা আখ্যা প্ৰিয়ংকা গান্ধীৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 5:04 PM IST

PRIYANKA GANDHI ASSAM VISIT
ৰকিবুল হুছেইনৰ হৈ প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ

ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰী মোদীক অহংকাৰী ৰজা আখ্যা দিলে প্ৰিয়ংকা গান্ধীয়ে ৷ দেশত এতিয়া শাসকীয় সকলোৱে নিজৰ স্বাৰ্থৰ বাবে ৰাজনীতি কৰা বুলি অভিযোগ কংগ্ৰেছ নেত্ৰীগৰাকীৰ ।

গুৱাহাটী, ১ মে’ : বিজেপি চৰকাৰে দহ বছৰ জনতাৰ বাবে একো নকৰি কেৱল অসত্যৰ ৰাজনীতি কৰিলে । এই মন্তব্য কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ । বুধবাৰে ধুবুৰীৰ এক বিশাল নিৰ্বাচনী সভা সম্বোধন কৰি কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা গৰাকী ৷

ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ চলায় । জয় আই অসমেৰে সকলোকে সম্বোধন কৰি কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে কয় যে বিভিন্ন জাতি-জনগোষ্ঠীৰে দেশবাসী যে এক, সেই বাৰ্তা এই অসমভূমিয়ে দিয়ে । কংগ্ৰেছৰ ৰাজনীতিৰ আধাৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত বুলি মন্তব্য কৰি তেওঁ কয় যে বৰ্তমান সময়ত দেশৰ নাইবা অসমৰ ৰাজনীতি কেৱল ক্ষমতা আৰু ধন-বল কেন্দ্ৰিক হৈ পৰিছে ।

তেওঁ কয় যে এটা সময় আছিল, যেতিয়া মিডিয়াই জনতাৰ হৈ শাসনত থকাসকলক প্ৰশ্ন কৰিব পাৰিছিল । কিন্তু আজি সেই পৰিৱেশ নাই । চৰকাৰী স্বতন্ত্ৰ সংস্থাসমূহক আজি দুৰ্বল কৰাৰ প্ৰয়াস কৰা হৈছে । কংগ্ৰেছ নেত্ৰীগৰাকীয়ে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে দেশত নাইবা অসমত এতিয়া জনতাৰ সেৱাৰ বাবে ৰাজনীতি নহয় । শাসকীয় সকলোৱে নিজৰ স্বাৰ্থৰ বাবে ৰাজনীতি কৰিছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি তেওঁ কয় যে অসমত এতিয়া মাফিয়াৰাজ চলিছে । কয়লা, চুপাৰি, ভূমি, গৰু আদি ছিণ্ডিকেটৰ প্ৰসংগ উত্থাপন কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে, সকলোতে কেৱল দুৰ্নীতি চলিছে, বিকাশৰ কথা নাই । কংগ্ৰেছত থাকোতে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দুৰ্নীতিৰ বহু অভিযোগ আছিল যদিও বিজেপিলৈ যোৱাৰ পিচত সকলো নাইকিয়া হৈ পৰিল বুলি কয় প্ৰিয়ংকা গান্ধীয়ে ।

ৰাষ্ট্ৰীয় নেত্ৰীগৰাকীয়ে কয় যে বিজেপিৰ ৱাছিং মেছিনত সকলো চাফা হৈ যায় আৰু সকলো গোচৰ বন্ধ হৈ যায় । চৰকাৰখনৰ লক্ষ্য কেৱল ব্যৱসায় বুলি মন্তব্য কৰি তেওঁ কয় যে মাফিয়াৰ লগত বুজাবুজি থকা এইখন চৰকাৰৰ ৰাইজৰ সমস্যাক লৈ কোনো গুৰুত্ব নাই । মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসকলৰ লক্ষ্য কেৱল নিজৰ আয় বৃদ্ধি কৰা আৰু সেই লক্ষ্যৰেই নিজৰ স্বাৰ্থত তেওঁলোকে কাম কৰি আহিছে ।

তদুপৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে, বৰ্তমান সময়ত দেশৰ ৭০ কোটি লোক সংস্থাপনহীন আৰু কেন্দ্ৰীয় চৰকাৰৰ ৩০ লাখ পদ খালী হৈ আছে । আনহাতে মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ জীৱন দুৰ্বিষহ কৰি তুলিছে বুলি মন্তব্য কৰি তেওঁ কয় যে জনতাৰ দুখ-দুৰ্গতিক লৈ চৰকাৰখনৰ কোনো চিন্তা নাই । ভোটৰ অংকৰে বাৰশ টকা নোপোৱাৰ ভাবুকিৰে বিজেপিয়ে আঁচনিৰ প্ৰ-পত্ৰ বিলোৱাৰ অভিযোগে তেওঁ উত্থাপন কৰে ।

কংগ্ৰেছৰ গেৰাণ্টিৰ প্ৰসংগত প্ৰিয়ংকা গান্ধীয়ে কয় যে কংগ্ৰেছৰ চৰকাৰ আহিলে মহিলাসকলক মাহে ৮৫০০ টকা দিয়া হ’ব । সেইদৰে কেন্দ্ৰীয় চৰকাৰৰ ৫০ শতাংশ চাকৰি মহিলাসকলক দিয়া হ’ব । কৰ্ণাটকত বিজেপিৰ সমৰ্থিত দলৰ প্ৰাৰ্থীৰ নাৰীকেন্দ্ৰিক অপৰাধৰ অভিযোগৰ প্ৰসংগত তেওঁ কয় যে অপৰাধীৰ হৈ প্ৰধানমন্ত্ৰী মোদীয়ে ভোট দিয়াৰ বাবে আহ্বান জনাইছিল । অপৰাধী দেশৰ পৰা পলাল যদিও মোদী আৰু অমিত শ্বাহে ৰখাব নোৱাৰিলে বুলি কয় প্ৰিয়ংকা গান্ধীয়ে ।

মহিলাৰ সুৰক্ষাৰ কথা কোৱা এইখন চৰকাৰে অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগো উত্থাপন কৰে প্ৰিয়ংকা গান্ধীয়ে । মণিপুৰৰ ঘটনা আৰু অলিম্পিকত পদক পোৱা মহিলা খেলুৱৈৰ লগত হোৱা ঘটনাৰ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীৰ মৌনতাক তেওঁ কঠোৰ ভাষাৰে সমালোচনা কৰে । কৃষক আন্দোলনৰ প্ৰসংগতো মোদীৰ মৌনতাক তেওঁ ক্ষুৰধাৰ সমালোচনা কৰে । কংগ্ৰেছৰ গেৰাণ্টিৰ প্ৰসংগৰে চাহ বাগানৰ শ্ৰমিকৰ মজুৰি ৪০০ টকালৈ বৃদ্ধি কৰা কথা উল্লেখ কৰাৰ লগতে কোঁচ-ৰাজবংশীৰ জনজাতিকৰণৰ পোষকতা কৰে প্ৰিয়ংকা গান্ধীয়ে ।

অসমত বিজেপি আৰু এ আই ইউ ডি এফ-ৰ গোপন বুজাবুজি আছে বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে বদৰুদ্দিন আজমলে বিজেপিক সহায় কৰাৰ বাবেই কংগ্ৰেছৰ শক্তিশালী স্থিতি থকা সমষ্টিত প্ৰাৰ্থী দিছে । আজমলে নিজৰ ব্যৱসায়ৰ বাবেহে ৰাজনীতি কৰা বুলি মন্তব্য কৰি তেওঁ কয় যে জনতাৰ লগত আজমলৰ কোনো সম্পৰ্ক নাই ।

বিজেপিয়ে বৃহৎ পুঁজিপতিৰ বাবে কাম কৰি থকা বুলি মন্তব্য কৰি তেওঁ কয় যে, সকলো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আজি মোদীয়ে পুঁজিপতি বন্ধুক গতাই দিছে । এই সম্পত্তি জনতাৰ বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে, কৃষকৰ ঋণ মাফ নকৰা মোদী চৰকাৰে বৃহৎ পুঁজিপতিৰ ১৬ লাখ কোটি টকাৰ ঋণ মাফ কৰিছে ।

নিৰ্বাচনৰ সময়ত দুজনকৈ মুখ্যমন্ত্ৰীক জে’লত ৰখাৰ প্ৰসংগত তেওঁ কয় যে এনে ঘটনা পূৰ্বে কেতিয়াও হোৱা নাছিল । নিৰ্বাচনী ব’ণ্ডৰ প্ৰসংগত তেওঁ কয় যে নিজকে ইমান্দাৰ বুলি কোৱা মোডীয়ে এজেন্সী লগাই চান্দা তুলিলে । ভ্ৰষ্টাচাৰী এইখন চৰকাৰে ভ্ৰষ্টাচাৰ কৰাৰ বাবে আঁচনি বনাই ল'লে বুলি অভিযোগ কৰে প্ৰিয়ংকা গান্ধীয়ে ।

সবাতোকৈ ধনী ৰাজনৈতিক দল বিজেপিয়ে দহ বছৰত নিজৰ বাবে সকলো কৰিলে বুলি মন্তব্য কৰি তেওঁ কয় যে ৭০ বছৰত কংগ্ৰেছ দল বিজেপিৰ দৰে ধনী নহ’লেও জনত‍াৰ বাবে সেৱা আগবঢ়ালে ৷

মোদীক অহংকাৰী ৰজাৰ লগত তুলনা কৰি তেওঁ কয় যে লাচিত বৰফুকনৰ ১২৫ ফুট উচ্চতাৰ মূৰ্তিতকৈ ওখ মূৰ্তি মোদীৰ বনোৱা হৈছে । এয়া অহংকাৰ নহয় জানো বুলি তেওঁ প্ৰশ্ন কৰে । বিজেপিয়ে সংবিধান সলনি কৰাৰ কথা কৈছে বুলি সদৰী কৰি তেওঁ জনতাক সচেতন হোৱাৰ বাবে আহ্বান জনায় । নিজৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত জনতাই ভোটৰ মাধ্যমেৰে পৰিৱৰ্তন আনিব লাগিব বুলি তেওঁ কয় ।

৫৫ বছৰ শাসনত থকাৰ সময়ত কংগ্ৰেছে মংগলসূত্ৰ আৰু সোণৰ ওপৰত দৃষ্টি ৰখা নাছিল বুলি মন্তব্য কৰে প্ৰিয়ংকা গান্ধীয়ে ৷ সেই প্ৰসংগত তেওঁ কয় যে এইখন চৰকাৰৰ দৰে কংগ্ৰেছে কেতিয়াও লুণ্ঠন চলোৱা নাছিল । বিজেপিক প্ৰত্যাহ্বান জনাই প্ৰিয়ংকা গান্ধীয়ে কয় যে মোদীয়ে বানাৰসীৰ কোনো এজন দৰিদ্ৰ পৰিয়ালৰ ঘৰলৈ গৈ পাইছেনে ?

প্ৰিয়ংকা গান্ধীয়ে ৰাইজক উদ্দেশ্যি কয় যে, সময় আহি পৰিছে নিজৰ স্বাৰ্থ চোৱাৰ, ক'ত আছে নিজৰ সুবিধা, কোনে সহায় কৰিব । মোদীয়ে দহ বছৰত কি কৰিলে আৰু পাঁচ বছৰত কি কৰিব তাৰ উত্তৰ বিচৰাৰ বাবে তেওঁ জনতাৰ প্ৰতি আহ্বান জনায় । প্ৰসংগক্ৰমে তেওঁ মোদীৰ দুখন বিমানৰ কথাও উল্লেখ কৰে ।

ভাষণ প্ৰসংগত তেওঁ কংগ্ৰেছৰ ন্যায়পত্ৰৰ গেৰাণ্টিসমূহ উল্লেখ কৰে । সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ গৌৰৱ গগৈ, বিধায়ক তথা ধুবুৰী সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইনকে ধৰি ভালেসংখ্যক নেতা উপস্থিত আছিল ।

লগতে পঢ়ক: প্ৰচাৰ সভাৰ মাজতে যুৱ ভোটাৰৰ প্ৰশ্নৰ সন্মুখীন মুখ্যমন্ত্ৰী: দোষ জাপিলে বিৰোধীৰ ওপৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.