ETV Bharat / politics

আপ মানে কি যদিহে নাজানে তেনেহ’লে সোধক মন্ত্ৰী বিমল বড়াক - Dibrugarh Lok Sabha constituency

Lok Sabha Election 2024: ডিব্ৰুগড়ত আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে ৰাইজৰ মাজত সুৰা বিতৰণ কৰাৰ গুৰুতৰ অভিযোগ কেবিনেট মন্ত্ৰী বিমল বড়াৰ ৷ আপ মানে সুৰা বুলি ক’লে মন্ত্ৰী বিমল বড়াই ৷

aap-means-liquor-says-minister-bimal-borah
ৰাইজৰ মাজত সুৰা বিতৰণৰ অভিযোগ আপ প্ৰাৰ্থীৰ বিৰুদ্ধে
author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 10:33 AM IST

ৰাইজৰ মাজত সুৰা বিতৰণৰ অভিযোগ আপ প্ৰাৰ্থীৰ বিৰুদ্ধে

মৰাণ, 13 এপ্ৰিল: ‘আপ মানে সুৰা’ বুলি আম আদমী পাৰ্টীক কটাক্ষ মন্ত্ৰী বিমল বড়াৰ ৷ লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগেই ডিব্ৰুগড় লোকসভা সমষ্টিত গৰম হৈ পৰিছে ৰাজনৈতিক পৰিৱেশ । প্ৰতিটো ৰাজনৈতিক দলে তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰ অভিযানত ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে ৷ ডিব্ৰুগড় লোকসভা সমষ্টিত এজনৰ পাছত আন এজন হাই প্ৰফাইল নেতাই নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ ভিৰ কৰা দেখিবলৈ পোৱা গৈছে ।

শুকুৰবাৰে ডিব্ৰুগড় লোকসভা সমষ্টিত উপস্থিত হয় পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান ৷ আম আদমি পাৰ্টীৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে । পঞ্জাবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সমষ্টিটোত নিবাৰ্চনী প্ৰচাৰ চলোৱাৰ পাছতেই মৰাণৰ এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি আপক তীব্ৰ সমালোচনা কৰে কেবিনেট মন্ত্ৰী বিমল বড়াই ।

এই সন্দৰ্ভত বড়াই কয়, "পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে অসমৰ বিহু চাব পাৰি নি তাকে চাবলৈ আহিছে ৷ যিজন আপ প্ৰাৰ্থী ডিব্ৰুগড়ৰ লোকসভাত উঠিছে তেওঁ প্ৰতিদিনে সন্ধিয়া 2000 টকাকৈ মদ বিলাইছে ৷ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান সুৰাৰ লগত জড়িত ।"

ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে কয়, "আপ মানে সুৰা ৷ সুৰাৰ কেলেংকাৰী মুখ্যমন্ত্ৰী, আৰু যিজন এতিয়া ডিব্ৰুগড়ত উঠিছে তেওঁ সুৰা বিলাই থাকে । ডিব্ৰুগড় লোকসভা সমষ্টিত আপ প্ৰাৰ্থী মনোজ ধানোৱাৰে সন্ধিয়া হ'লেই ৰাইজৰ মাজত সুৰা বিলায় ৷"

উল্লেখ কৰা প্ৰয়োজন যে, সমাগত লোকসভা নিৰ্বাচনৰ বাবে ডিব্ৰুগড় লোকসভা সমষ্টিটো বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷ ৰাজনৈতিক নেতাবোৰে প্ৰচাৰ তুংগত কৰি তুলিছে সমষ্টিটোত ৷

লগতে পঢ়ক: হাতৰ প্ৰতি মোহভংগ; বিজেপিত যোগদান ৱাৰ্ড কমিছনাৰৰ - Lok sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.