ETV Bharat / politics

আপেও যুঁজিব বিহালী-চামগুৰিত: নাম ঘোষণা দুই প্ৰাৰ্থীৰ

আগন্তুক উপ-নিৰ্বাচনত বিহালী আৰু চামগুৰি বিধানসভা সমষ্টিত নিৰ্বাচন খেলিব আপৰ প্ৰাৰ্থীয়ে ৷ বৃহস্পতিবাৰে ঘোষণা প্ৰাৰ্থীৰ নাম ৷

BYE ELECTIONS IN ASSAM
উপ-নিৰ্বাচনত যুঁজিবলৈ সাজু আপ অসম (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

হায়দৰাবাদ: অহা 13 নৱেম্বৰত ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন ৷ দেশৰ নিৰ্বাচন আয়োগে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে এতিয়া ৰাজনৈতিক দলসমূহে নিজৰ তৎপৰতা বৃদ্ধি কৰা দেখা গৈছে ৷

শাসকীয় বিজেপি মিত্ৰজোঁটৰ লগতে বিৰোধীয়েও ঘোষণা কৰিছে নিজা নিজা প্ৰাৰ্থী ৷ বিৰোধী মিত্ৰজোঁটৰ পৰা আঁতৰত থাকি আম আদমি পাৰ্টীয়ে দুটা সমষ্টিত নিজাকৈ প্ৰদান কৰিছে প্ৰাৰ্থিত্ব ৷

77 নং বিহালী আৰু 88 নং চামগুৰি বিধানসভা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আপ অসমে ৷ দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই 77 নং বিহালী বিধানসভা সমষ্টিত অনন্ত গগৈ আৰু 88 নং চামগুৰি বিধানসভা সমষ্টিত নুৰুল আমিন চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

শুকুৰবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন, শুকুৰবাৰেই আপৰ প্ৰাৰ্থী দুগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব ।

BYE ELECTIONS IN ASSAM
বিহালী সমষ্টিৰ প্ৰাৰ্থী অনন্ত গগৈ (ETV Bharat)

বৃহস্পতিবাৰে গুৱাহাটীৰ গণেশগুৰিস্থিত দলৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত সমষ্টি দুটাৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে আপৰ উত্তৰ-পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে ।

BYE ELECTIONS IN ASSAM
আপ অসমৰ প্ৰাৰ্থী ঘোষণা (ETV Bharat)

দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰি ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মাই কয়, ‘‘অসমত দুৰ্নীতিমুক্ত প্ৰশাসন, উন্নয়ন আৰু কামৰ ৰাজনীতিৰ শ্লোগান লৈ আপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব । দুয়োটা সমষ্টিতে দলীয় কৰ্মী-সমৰ্থকসকলৰ উপৰিও সৰ্বস্তৰৰ ৰাইজৰ পৰা আমি আকুণ্ঠ সমৰ্থন আৰু সহযোগিতা কামনা কৰিছো ।"

BYE ELECTIONS IN ASSAM
নুৰুল আমিন চৌধুৰী (ETV Bharat)

সংবাদমেলত ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে দলৰ প্ৰতিগৰাকী স্বেচ্ছাসেৱকক বিহালীত অনন্ত গগৈ আৰু চামগুৰিত নুৰুল আমিন চৌধুৰীক জয়যুক্ত কৰিবৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰি যাবলৈ আহ্বান জনায় । 23 নৱেম্বৰত ঘোষণা হ’ব উপ-নিৰ্বাচনৰ ফলাফল ৷

লগতে পঢ়ক: মনোনয়ন দাখিল বিজেপি আৰু সদ্য বিজেপি ত্যাগী প্ৰাৰ্থীৰ

বিৰোধী ঐক্যৰ সদস্য নহয় তাঞ্জিল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.