গুৱাহাটী, ১০ ফেব্ৰুৱাৰী : শেহতীয়াকৈ বিতৰ্কত সোমাই পৰা লোকসভা নিৰ্বাচনৰ বাবে শোণিতপুৰ লোকসভাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা ঋষিৰাজ কৌণ্ডিন্যৰ বিৰুদ্ধে চাৰিটাকৈ প্ৰৱঞ্চনাৰ গোচৰ গুৱাহাটীৰ বিভিন্ন আৰক্ষী থানাত পঞ্জীয়ন হৈ আছে । কিন্তু এই গোচৰবোৰত এতিয়াও আদালতে ঋষিৰাজ কৌণ্ডিন্যক দোষী সাব্যস্ত কৰা নাই । গুৱাহাটীত বুধবাৰে আপৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি ঋষিৰাজ কৌণ্ডিন্যই এই কথা স্পষ্ট কৰে ।
তেওঁ কয় যে গোচৰ থাকিলেই মানুহ এজন অপৰাধী হৈ নাযায় । আদালতে তেওঁক দোষী সাব্যস্ত কৰি অপৰাধী হিচাপে প্ৰমাণিত কৰিব লাগিব । তেওঁৰ বিৰুদ্ধে ৩৪ টা গোচৰ নহয়, ৪ টা গোচৰহে ৰুজু হৈ থকা বুলি মন্তব্য কৰে । ইয়াৰে দিছপুৰ থানাত ৩ টা গোচৰ আৰু চান্দমাৰী থানাত ১ টা গোচৰ আছে ।
প্ৰতিটো গোচৰ ঠগ প্ৰৱঞ্চনাৰ গোচৰ বুলি উল্লেখ কৰি কয় যে এগৰাকী ব্যক্তিয়ে বাৰে বাৰে তেওঁৰ বিৰুদ্ধে এনে গোচৰ ৰুজু কৰিছে । ২০ লাখ টকা লোৱা বুলি গোচৰ ৰুজু কৰিছিল । ঋষিৰাজ কৌণ্ডিন্যই কয় যে যদিহে তেওঁ সঁচাকৈয়ে দোষী হ’লহেতেন, আদালতে তেওঁক ফাঁচী দিব পাৰিলেহেঁতেন ।
তেওঁৰ বিৰুদ্ধে বিৰুদ্ধে মিছা প্ৰৱঞ্চনাৰ গোচৰ দি হাৰাশাস্তি কৰা বুলি উল্লেখ কৰি ঋষিৰাজ কৌণ্ডিন্যই কয় যে অভিযোগকাৰীগৰাকীয়ে ৫ কোটি টকাৰ ব্লেকমেইলিং কৰিছিল । ফোনযোগে ৫ কোটি দাবী কৰিছিল । যদিহে আদালতেও ঋষিৰাজ কৌণ্ডিন্য দোষী বুলি কয়, তেন্তে ৰাজহুৱা অনুষ্ঠানৰ পৰা আঁতৰি থাকিব বুলি মন্তব্য কৰে আম আদমি পাৰ্টীৰ নেতাগৰাকীয়ে ।
কৌণ্ডিন্যই সংবাদমেলৰ জৰিয়তে উত্তৰ কাছাৰৰ ভুৱা OSD বুলি পৰিচয় দি প্ৰবঞ্চনা কৰাৰ অভিযোগ খণ্ডন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁক NC hils autonomous council য়ে নিযুক্তি দিছিল । ২০১৬ চনৰ ১৬ জুনত তেওঁক নিযুক্তি দিছিল OSD হিচাপে ।
উল্লেখ্য যে ঋষিৰাজৰ ওপৰত জখলাবন্ধত ধৰ্ষণৰ গোচৰ দিছিল এগৰাকী মহিলাই । কিন্তু সেই গোচৰ 2/11/ 18 তাৰিখে আদালতে খাৰিজ কৰিছে বুলি তেওঁ সদৰী কৰে । তেওঁ কয় যে মহিলাগৰাকীয়ে মিছাকৈ গোচৰ দিছিল । তেওঁ কয় যে যিবোৰ গোচৰ আছে, তাৰে বেছিভাগ ৰাজনৈতিক ষড়যন্ত্ৰ কৰি দিয়া হৈছে ।
মই নটসূৰ্য ফণী শৰ্মাৰ পৰিয়ালৰ নাতি বুলি নিজকে পৰিচয় দি আপৰ নেতাগৰাকীয়ে কয় যে তেওঁৰ পৰিয়াল আৰু তেওঁৰ ভাৱমূৰ্তি নষ্ট কৰাৰ চেষ্টা দুৰ্ভাগ্যজনক । লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব লাভৰ পিছতে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিছে । তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে ।
উল্লেখ্য যে ঋষিৰাজ পূৰ্বতে বিজেপিৰ যুৱ মৰ্চাত আছিল । ২০১৯ চনত বিজেপি ত্যাগ কৰি আপত যোগদান কৰিছিল ।
লগতে পঢ়ক: আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ প্ৰাৰ্থিত্বক লৈ সৃষ্টি হৈছে বিতৰ্কৰ