ETV Bharat / politics

ইণ্ডি এলায়েন্সত থাকিলেও ডিব্ৰুগড় লোকসভা সমষ্টি এৰি নিদিয়ে আপে !

author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 10:49 AM IST

Loksbha election 2024: কোনো কাৰণতে ডিব্ৰুগড় লোকসভা সমষ্টি এৰি নিদিয়ে আপে ৷ শুকুৰবাৰে ডিব্ৰুগড়ৰ খোৱাঙত সংবাদমেল অনুষ্ঠিত কৰি স্পষ্ট কৰি দিয়ে আপ অসমৰ ৰাজ্যিক উপ-সভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে ৷ সংবাদমেলখনত উপস্থিত থাকে আপ অসমৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা ৷

AAP Assam press meet in Dibrugarh regarding Dibrugarh Lok Sabha constituency
ইণ্ডি এলায়েন্সত থাকিলেও ডিব্ৰুগড় লোকসভা সমষ্টি এৰি নিদিয়ে আপে !
ইণ্ডি এলায়েন্সত থাকিলেও ডিব্ৰুগড় লোকসভা সমষ্টি এৰি নিদিয়ে আপে !

মৰাণ, 24 ফেব্ৰুৱাৰী: লোকসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছে । বিৰোধী উমৈহতীয়া মঞ্চৰ অংশীদাৰ হৈও অসমৰ তিনিটা সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰি ৰাজনৈতিক বতাহ গৰম কৰিছে আম আদমী পাৰ্টিয়ে । বিশেষকৈ ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাবে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নাম চৰ্চাত আছে ৷ একে সময়তে আপে মনোজ ধানোৱাৰৰ নাম প্ৰক্ষেপিত প্ৰাৰ্থী হিচাবে ঘোষণা কৰাত সমষ্টিটোক লৈ বিৰোধীৰ অংকত খামখেয়ালিৰ সৃষ্টি হোৱা দৃষ্টিগোচৰ হৈছে ।

দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ নেতৃত্বত গঠন কৰা হৈছিল বিৰোধী ঐক্য মঞ্চ আৰু কংগ্ৰেছেই ডিব্ৰুগড় সমষ্টিটো এৰি দিব বিচৰা নাই আপক । অৱশ্যে বৃহস্পতিবাৰৰ দিনটোৰ পৰাই সংবাদ মাধ্যমত ডিব্ৰুগড় লোকসভা সমষ্টিটো আপে বিৰোধী ঐক্য মঞ্চৰ বাবে এৰি দিব বুলি প্ৰচাৰ চলিছিল । এই খবৰে সামাজিক মাধ্যমতো লাভ কৰা পৰিলক্ষিত হৈছে ব্যাপক চৰ্চা ।

এই খবৰ সন্দৰ্ভত ডিব্ৰুগড়ৰ খোৱাঙত শুকুৰবাৰে সংবাদমেল অনুষ্ঠিত কৰে আপ অসমে ৷ আপ অসমৰ ৰাজ্যিক উপ-সভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে কিছুলোকে স্বাৰ্থ সিদ্ধিৰ বাবে অপপ্ৰচাৰ চলাইছে বুলি উল্লেখ কৰে । ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰচাৰ কাৰ্যসূচী তুংগত উঠিছে তেনেস্থলত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা পিছ হুঁহকি অহাৰ কোনো প্ৰশ্নই নুঠে বুলিও ধানোৱাৰে স্পষ্ট কৰি দিয়ে ।

এই সংবাদমেলখনত উপস্থিত থকা আপ অসমৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই কয়, "ৰাজ্যৰ তিনিটা সমষ্টি ডিব্ৰুগড় , শোণিতপুৰ আৰু গুৱাহাটীত আপৰ সাংগঠনিক ভেঁটি শক্তিশালী ৷ সেয়ে সমষ্টিকেইটাত প্ৰাৰ্থীত্ব দিয়া হৈছে ।"

লগতে পঢ়ক: মা কামাখ্যাৰ আশীৰ্বাদ লৈ লোকসভা নিৰ্বাচনৰ ৰণক্ষেত্ৰত নামিবলৈ সাজু আপ অসম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.