ETV Bharat / politics

যোৰহাটৰ অলিয়ে-গলিয়ে কাৰ নাম বেছিকৈ হৈছে উচ্চাৰিত ? ভোটাৰে কি কয় ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 7:31 PM IST

Jorhat Lok Sabha Constituency: ফলাফলৰ পূৰ্বে যোৰহাটৰ একাংশ লোকে আশা কৰিছে গৌৰৱ গগৈ জয়ী হ’ব ৷ অৱশ্য কম ভোটৰ ব্যৱধানত এই জয়লাভ কৰিব বুলি মন্তব্য ভোটাৰৰ ৷ তপন কুমাৰ গগৈ জয়ী হোৱাৰ আশা কিমান ? চাওক যোৰহটীয়া ৰাইজে কি কয়...

Jorhat Lok Sabha Constituency
নিৰ্বাচনী ফলাফল সন্দৰ্ভত সাধাৰণ জনতাৰ মতামত (ETV Bharat Assam)

যোৰহাট, 1 জুন : অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত যোৰহাট লোকসভা সমষ্টিৰ নিবাচনী যুজঁখনে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । ইয়াৰ কাৰণ হ’ল যে সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দুই শক্তিশালী প্ৰাৰ্থী তপন কুমাৰ গগৈ আৰু গৌৰৱ গগৈয়ে ৷ ইতিমধ্যে দুয়োগৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হৈছে ই ভি এমত ।

যোৰহাট লোকসভা সমষ্টিৰ পৰা কোন জয়ী হ'ব সেয়া একাংশ ৰাইজে দাবী কৰিছে ই টিভি ভাৰতৰ আগত ৷ তেওঁলোকে কয় যে দহটা বিধানসভা সমষ্টিৰে গঠিত যোৰহাট লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে শেষ হাঁহি মাৰিব ৷ বাটে-ঘাটে সকলোৰে মুখে মুখে কেৱল গৌৰৱ গগৈৰ নাম শুনি থকা বুলি তেওঁলোকে জানিবলৈ দিয়ে ৷ অৱশ্যে কম ভোটৰ ব্যৱধানতহে গৌৰৱ গগৈ জয়ী হ’ব বুলি তেওঁলোকে উল্লেখ কৰে ৷

লগতে পঢ়ক: গণতন্ত্ৰ ৰক্ষাৰ ক্ষেত্ৰত মাজুলীৰ ৰাইজ সজাগ সতৰ্ক: গৌৰৱ গগৈ

যোৰহাটৰ সাংসদ হৈ লোকসভাৰ মজিয়ালৈ গৌৰৱ যাব বুলি প্ৰায় নিশ্চিতি প্ৰকাশ কৰিছে একাংশ যোৰহটীয়া ৰাইজে ৷ সেই আশা প্ৰকাশ কৰি প্ৰধানতঃ সীমা সমস্যা, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, মাজুলী-নিমাতী গৰাখহনীয়া সমস্যা আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ সমস্যা সমাধান কৰাটো বিচাৰে তেওঁলোকে ৷

আনহাতে একাংশই ক’ব বিচাৰে যে যোৰহাট লোকসভা সমষ্টিৰ পৰা তপন কুমাৰ গগৈ আৰু গৌৰৱ গগৈৰ যিজনৰেই জয় বা পৰাজয় হয়, তেওঁৰ ব্যৱধান বহু কম হ’ব । ইফালে বহুসংখ্যক লোকে প্ৰধানমন্ত্ৰী হিচাপে পুনৰ নৰেন্দ্ৰ মোদীক বিচাৰে ৷ যোৰহটীয়া ৰাইজৰ মন্তব্যৰ পৰা এইটো কথাই স্পষ্ট হ’ল যে যোৰহাট লোকসভা সমষ্টিৰ পৰা অৱশেষত কম ভোটৰ ব্যৱধানত গৌৰৱ গগৈ জয়ী হ’ব । যোৰহাটৰ ৰাইজে আগৱঢ়োৱা মন্তব্য কিমান দূৰ সঁচা হয় সেয়া ৪ জুনত স্পষ্ট হ’ব ।

লগতে পঢ়ক: কংগ্ৰেছত বিসম্বাদ কৰা সকলেই বিজেপিত বিসম্বাদৰ বেমাৰ সৃষ্টি কৰিছে : গৌৰৱ গগৈ

উল্লেখ্য যে গৌৰৱ গগৈয়ে উত্তৰ-পূৰ্বাঞ্চল লগতে অসমৰ জাতীয় জীৱনৰ বিভিন্ন সমস্যা আৰু বিভিন্ন উন্নয়নমূলক কাম-কাজৰ বিষয়ে বলিষ্ঠভাৱে সংসদৰ মজিয়াত উত্থাপন কৰি এজন দক্ষ সাংসদ হিচাপে ৰাইজৰ মাজত পৰিচিত হৈছিল । সেয়েহে বলিষ্ঠ কন্ঠ আৰু এগৰাকী যোগ্য প্ৰাৰ্থী যোৰহাটৰ ৰাইজে লাভ কৰাৰ আশাৰে গৌৰৱ গগৈৰ পক্ষে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল আৰু সেয়া ভোটদানৰ হাৰে প্ৰমাণ কৰিছিল ৷

লগতে পঢ়ক: কি হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল ? বিজেপিৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.