ETV Bharat / politics

বিজেপি প্ৰাৰ্থী বাংলাদেশী ! পৰিমল শুক্লবৈদ্য়ক এশিকনি দিবলৈ সাজু অমিয়কান্তি

দলীয় বিদ্ৰোহ দমন কৰিব পৰা নাই বিজেপিয়ে । প্ৰাৰ্থী ঘোষণাৰ পাছতেই ধলাই বিজেপিত বিদ্ৰোহ ।

Dhalai Assembly Constituency
ধলাই বিজেপিত বিদ্ৰোহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 6 hours ago

শিলচৰ: কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণাৰ পাছতেই ধলাই বিজেপিত আৰম্ভ হৈছে বিদ্ৰোহ । টিকট বঞ্চিত কাছাৰ জিলা বিজেপিৰ উপ-সভাপতি অমিয়কান্তি দাসৰ পদত্যাগৰ পাছতেই ধলাই বিজেপিত এই বিদ্ৰোহৰ সূচনা হৈছে । কেৱল সেয়াই নহয়,পৰিমল শুক্লবৈদ‌্যক এশিকনি দিবলৈ সাজু হৈছে সদ্য় দলত্য়াগীসকল ।

বিজেপিয়ে অমিয়কান্তি দাসক প্ৰাৰ্থিত্ব প্ৰদান নকৰাৰ প্ৰতিবাদত ধলাইত একেলগে দলত্যাগ কৰিলে ৫০০ নেতা-কৰ্মীয়ে । দলৰ টিকটৰ অন্যতম দাবীদাৰ তথা বিজেপিৰ কাছাৰ জিলা কমিটীৰ উপ-সভাপতি অমিয়কান্তি দাসৰ পদত্যাগৰ পাছতেই ক্ষোভৰ উদগীৰণ ঘটে । অমিয়কান্তি দাসক দলীয় প্ৰাৰ্থিত্ব প্ৰদানৰ পৰিৱৰ্তে বহিৰাগত নিহাৰ ৰঞ্জন দাসক বিজেপিৰ প্ৰাৰ্থিত্ব দিয়াৰ প্ৰতিবাদত ধলাইৰ এইসকল বিজেপিৰ নেতা-কৰ্মীয়ে দলৰ পৰা পদত্যাগ কৰে ।

ধলাই বিজেপিত বিদ্ৰোহ (ETV Bharat Assam)

পৰিমল শুক্লবৈদ‌্যক এশিকনি দিবলৈ সাজু

অমিয়কান্তি দাসৰ উপস্থিতিত সোমবাৰে ধলাই নতুন বজাৰত আয়োজিত এক সভাত পদত্যাগ কৰে বিজেপিৰ নেতা-কৰ্মীসকলে । অকল পদত্যাগ কৰাই নহয়, দলীয় প্ৰাৰ্থিত্ব লাভৰ পৰা বঞ্চিত অমিয়কান্তি দাসক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি নিহাৰ ৰঞ্জন দাস আৰু সাংসদ পৰিমল শুক্লবৈদ‌্যক এশিকনি দিবলৈ সাজু হৈছে ধলাই বিজেপিৰ একাংশ ।

নিহাৰ ৰঞ্জন দাসৰ পিতৃ-মাতৃ আছে বাংলাদেশত

উক্ত সভাত টিকট বঞ্চিত অমিয়কান্তি দাসে কয়,"সাংসদ পৰিমল শুক্লবৈদ্যই তেওঁৰ হাতৰ পুতলাক টিকট দিছে যাতে তেওঁ নচুৱাব পাৰে ।" আনকি এই সভাত অমিয়কান্তি দাসে এক বিস্ফোৰক মন্তব্য কৰি কয়,"ধলাইৰ বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসে শিলচৰত বাস কৰে যদিও তেওঁৰ পিতৃ-মাতৃ এতিয়াও বাংলাদেশত আছে । "

নিৰ্দলীয় প্ৰাৰ্থী হ'ব অমিয়কান্তি দাস

উক্ত সভাত অমিয়কান্তি দাসে ধলাইৰ প্ৰাক্তন বিধায়ক তথা শিলচৰৰ বৰ্তমান সাংসদ পৰিমল শুক্লবৈদ্যক তীব্ৰ সমালোচনা কৰাৰ লগতে এইবাৰৰ ধলাইৰ উপ-নিৰ্বাচনত তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাও ঘোষণা কৰে ।

লগতে পঢ়ক:উপ-নিৰ্বাচন: তিনি সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা বিজেপিৰ

পুত্ৰ বা কন্যাক উপ-নিৰ্বাচন খেলাব নেকি পৰিমল শুক্লবৈদ্যই ? ধলাইত কোন হ’ব শুক্লবৈদ্যৰ উত্তৰসূৰী ? - ASSAM BYE POLL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.