ETV Bharat / opinion

ইজৰাইল আৰু হামাছৰ বাবে কিয় ইমান গুৰুত্বপূৰ্ণ ফিলাডেলফি কৰিডৰ ? - Philadelphi Corridor

author img

By Aroonim Bhuyan

Published : Sep 2, 2024, 10:47 AM IST

Philadelphi Corridor: ফিলাডেলফি কৰিডৰক লৈ ইজৰাইল আৰু হামাছৰ বিতৰ্ক অব্যাহত আছে । ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কৰিড’ৰত সেনা মোতায়েনত গুৰুত্ব আৰোপ কৰিছে । একেদৰে হামাছে ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে । যাৰ বাবে যুদ্ধবিৰতি চুক্তিৰ আলোচনা বিফল হোৱাৰ দিশে । কিন্তু কি এই ফিলাডেলফি কৰিডৰ ?

Philadelphi Corridor
ইজৰাইল আৰু হামাছৰ বাবে কিয় ইমান গুৰুত্বপূৰ্ণ ফিলাডেলফি কৰিডৰ (ETV Bharat)

বিশেষ প্ৰতিবেদন, ২ ছেপ্টেম্বৰ : গাজা আৰু ইজিপ্তৰ সীমান্তত থকা এক কৌশলগত কৰিডৰত ইজৰাইলী সেনাৰ ৰক্ষণাবেক্ষণক প্ৰাথমিকতা দিয়াৰ সিদ্ধান্তক লৈ দেশখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ এই সিদ্ধান্তক ইজৰাইলী বন্দীৰ পৰিয়ালে তীব্ৰ সমালোচনা কৰিছে । আনকি তেওঁৰ চৰকাৰৰে প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টৰ সৈতেও প্ৰধানমন্ত্ৰীৰ এই বিষয়ক লৈ মতানৈক্য হোৱা দেখা গৈছে ।

এই সপ্তাহৰ আৰম্ভণিতে ইজৰাইলৰ নিৰাপত্তা কেবিনেটৰ বৈঠকত গাজা আৰু ইজিপ্তৰ সীমান্তত থকা ফিলাডেলফি কৰিডৰত ইজৰাইলী সেনাৰ উপস্থিতি বজাই ৰখাৰ বাবে পূৰ্বৰ স্থিতিক লৈ নেতান্যাহু আৰু গেলেণ্টৰ মাজত বাকযুদ্ধও আৰম্ভ হয় ।

  • বৈঠকৰ সময়ত কি হৈছিল ?

চেনেল ১২ত ভাইৰেল হোৱা বৈঠকৰ প্ৰতিলিপিৰ উদ্ধৃতি দি ইজৰাইলী সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে নেতান্যাহুৱে ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ (আইডিএফ) দ্বাৰা প্ৰস্তুত কৰা কেইবাখনো মানচিত্ৰ সন্দৰ্ভত শীৰ্ষ মন্ত্ৰী সংস্থাৰ ভোট বিচৰাৰ পিচতে তীব্ৰ বাক বিতণ্ডা হয় । মানচিত্ৰসমূহত দেখুওৱা হৈছে যে ইজৰাইলে আলোচনা কৰি থকা ইজৰাইলী বন্দীসকলৰ মুক্তিৰ বাবে যুদ্ধবিৰতি চুক্তিৰ প্ৰথম ৬ সপ্তাহৰ পৰ্যায়ত কৰিডৰত সেনা মোতায়েন কৰি ৰাখিছে ।

নেতান্যাহু আৰু নিৰাপত্তা প্ৰতিষ্ঠানৰ মাজত বাঢ়ি অহা দূৰত্বৰ এইটো শেহতীয়া উদাহৰণ কিয়নো গাজাত ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ চলি আছে য'ত এতিয়ালৈকে ৪১,০০০ তকৈও অধিক পেলেষ্টাইনী লোকে প্ৰাণ হেৰুৱাইছে । গেলেণ্ট আৰু প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ বিষয়াসকলে বিশ্বাস কৰে যে নেতান্যাহুৰ কঠোৰ স্থিতিয়ে ১০০ তকৈও অধিক ইজৰাইলী বন্দীক মুক্তি দিয়াৰ বাবে চলি থকা আলোচনাক বিপদত পেলাব ।

টাইমছ অৱ ইজৰাইলে চেনেল ১২ ৰ প্ৰতিবেদনৰ উদ্ধৃতি দি লিখিছে, "ইয়াৰ তাৎপৰ্য হৈছে যে হামাছে ইয়াত সন্মত নহ'ব (ফিলাডেলফি কৰিডৰত ইজৰাইলী সেনা মোতায়েন), সেয়েহে কোনো চুক্তি নহ'ব আৰু কোনো বন্দীক মুকলি কৰা নহ'ব ।"

কৌশলগত পৰিক্ৰমা মন্ত্ৰী ৰন ডাৰ্মাৰে তেতিয়া আইডিএফয়ে যোৱা সপ্তাহত কায়ৰোত ইজিপ্ত, আমেৰিকা আৰু কাটাৰক লৈ গঠিত মধ্যস্থতাকাৰীসকলৰ ওচৰত উপস্থাপন কৰা মানচিত্ৰসমূহৰ ওপৰত ভোটদানৰ আহ্বান জনায় । কিন্তু গেলেণ্টে জোৰ দিয়ে যে এই মানচিত্ৰবোৰ সুৰক্ষা প্ৰতিষ্ঠানৰ স্থিতিৰ বিপৰীত আছিল ।

গেলেণ্টে প্ৰধানমন্ত্ৰী নেতান্যাহুক প্ৰশ্ন কৰিছিল, "যদি (হামাছৰ মুৰব্বী য়াহিয়া) ছিনৱাৰে আপোনাক এই দ্বিধাৰ সন্মুখীন কৰাই: হয় আপুনি ফিলাডেলফি এৰি যাওক নতুবা আপুনি বন্দীসকলক ঘূৰাই লওক, আপুনি কি কৰিব ?"

সংবাদ মাধ্যমৰ মতে নেতান্যাহুৱে ইয়াৰ উত্তৰ দিছিল, "মই ফিলাডেলফিৰ পক্ষত আছো ।" কেবিনেটৰ ভোটত নেতান্যাহুৰ প্ৰস্তাৱটো ৮ টা ভোটত অনুমোদিত হৈছিল । হামাছ আৰু মধ্যস্থতাকাৰী ইজিপ্তে ফিলাডেলফি কৰিডৰত ইজৰাইলী সেনাৰ উপস্থিতিৰ বিৰোধিতা কৰিছে ।

  • নেতান্যাহুৰ স্থিতিক লৈ প্ৰতিক্ৰিয়া বন্দীসকলৰ পৰিয়াল

নেতান্যাহুৰ স্থিতি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ লগে লগে ইজৰাইলী বন্দীসকলৰ পৰিয়ালৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । পৰিয়ালৰ লোকসকলে ক্ষোভ প্ৰকাশ কৰি কৈছে যে প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱাভাৱে ঘোষণা কৰিব লাগে যে তেওঁ ফিলাডেলফি কৰিডৰত ইজৰাইলী সেনাৰ উপস্থিতিৰ বিনিময়ত বন্দীসকলৰ প্ৰাণ বিচাৰিছে ।

জিম্মি আৰু মিচিং ফেমিলিজ ফ'ৰামে এক বিবৃতিত কয়, "কেবিনেট বৈঠকৰ উদ্ধৃতিয়ে প্ৰতিগৰাকী ইজৰাইলী নাগৰিকৰ নিদ্ৰা হৰণ কৰিছে । প্ৰতিগৰাকী নাগৰিকে জানিব লাগে যদি তেওঁলোকক শনিবাৰে পুৱা বিচনাৰ পৰা অপহৰণ কৰা হয়, তেন্তে তেওঁলোকৰ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ আসন ৰক্ষাৰ বাবে সকলো কৰিব আৰু আনকি তেওঁলোকক গাজাৰ হামাছ সুৰংগত মৰিবলৈও এৰি দিব ।"

হামাছ জিম্মি মাতান জাংগাউকাৰৰ মাতৃ ইনাভ জাংগাউকাৰে কয় যে নেতান্যাহুৰ কাৰ্যকলাপ জনসাধাৰণৰ বিৰুদ্ধে, ইজৰাইল ৰাজ্যৰ বিৰুদ্ধে আৰু ইহুদীসকলৰ বিৰুদ্ধে । প্ৰধানমন্ত্ৰীয়ে শীতল মস্তিষ্কৰে চুক্তি উপেক্ষা কৰিছে বুলিও তেওঁ অভিযোগ কৰে ।

  • ফিলাডেলফি কৰিডৰ প্ৰকৃততে ক'ত আছে ?

ফিলাডেলফি কৰিডৰক ফিলাডেলফি পথ বুলিও কোৱা হয় । ই হৈছে ইজৰাইলী কোড নাম । গাজা ষ্ট্ৰিপ আৰু ইজিপ্তৰ মাজৰ সীমাৰ সম্পূৰ্ণ অংশত অৱস্থিত ১৪ কিলোমিটাৰ দৈৰ্ঘৰ এক ঠেক ভূমিক ফিলাডেলফি কৰিডৰ বুলি কোৱা হয় ।

২০০৫ চনত গাজা ষ্ট্ৰিপৰ পৰা ইজৰাইলৰ একপক্ষীয় বিচ্ছিন্নতাৰ পিচত ইজিপ্তৰ সৈতে ফিলাডেলফি চুক্তি সম্পূৰ্ণ হয়, যিয়ে ইজিপ্তৰ ফালৰ সীমান্তত টহল দিবলৈ ইজিপ্তক ৭৫০ গৰাকী সীমান্তৰক্ষী মোতায়েন কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰে । ২০০৭ চনত হামাছে অধিগ্ৰহণ কৰালৈকে সীমান্তৰ পেলেষ্টাইনী দিশটো পেলেষ্টাইনী কৰ্তৃপক্ষই নিয়ন্ত্ৰণ কৰিছিল । পেলেষ্টাইনী আইডি কাৰ্ড ধাৰক আৰু আন লোকৰ বাবে ৰাফা সীমান্ত ক্ৰছিঙৰ সীমিত যাত্ৰাৰ বাবে পেলেষ্টাইনী কৰ্তৃপক্ষ আৰু ইজিপ্তলৈ যুটীয়া দায়িত্ব দিয়া হৈছিল ।

  • ফিলাডেলফি কৰিডৰৰ কৌশলগত গুৰুত্ব কি ?

ইজিপ্ত আৰু গাজাৰ মাজত সাধাৰণ নাগৰিকৰ লগতে সামগ্ৰী আৰু অস্ত্ৰ-শস্ত্ৰৰ সৰবৰাহ নিয়ন্ত্ৰণ কৰাত ইয়াৰ ভূমিকাৰ বাবে ইজৰাইল আৰু হামাছৰ বাবে কৰিডৰটো কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ।

জেৰুজালেম চেণ্টাৰ ফৰ পাব্লিক এফেয়াৰ্ছৰ জ্যেষ্ঠ গৱেষক য়োনি বেন-মেনাচেমৰ মতে ফিলাডেলফি কৰিডৰ নিয়ন্ত্ৰণ কৰি ইজিপ্তৰ সৈতে গাজা ষ্ট্ৰিপৰ একমাত্ৰ ভূমি সংযোগ কাৰ্যকৰীভাৱে বিচ্ছিন্ন কৰে, যাৰ ফলত সুৰংগৰ নেটৱৰ্কৰ জৰিয়তে দুয়োটা অঞ্চলৰ মাজত ভূগর্ভস্থ চলাচল বন্ধ হৈ যায় ।

ইজৰাইল-হামাছ যুদ্ধ আৰম্ভ হোৱাৰ দুমাহ পিচত মেনাচেমে যোৱা বছৰ ডিচেম্বৰত এটা প্ৰবন্ধত লিখিছিল, "কৰিডৰৰ নিয়ন্ত্ৰণৰ অৰ্থ হৈছে ৰাফা ক্ৰছিঙৰ ওপৰত আধিপত্য বিয়পি পৰিছে, যি হৈছে গাজা ষ্ট্ৰিপক আৰৱ বিশ্বৰ সৈতে সংযোগ কৰা একমাত্ৰ সীমান্ত আৰু হামাছৰ জ্যেষ্ঠ বিষয়াসকলৰ আন্তৰ্জাতিক ভ্ৰমণৰ বাবে গুৰুত্বপূৰ্ণ । যদিও ইজৰাইলৰ এই সুৰংগবোৰৰ ওপৰত চোকা দৃষ্টি আছে, তথাপিও ইজিপ্তে তেওঁলোকৰ অস্তিত্বক অস্বীকাৰ কৰি আছে আৰু বহু বছৰ পূৰ্বে সেইবোৰ ধ্বংস কৰা বুলি দাবী কৰিছে ।"

  • ইজৰাইলৰ বাবে কৰিডৰটো কিয় ইমান গুৰুত্বপূৰ্ণ ?

গাজা ষ্ট্ৰিপলৈ অস্ত্ৰ, গোলাবাৰুদ আৰু অন্যান্য সামৰিক সামগ্ৰীৰ চোৰাং ব্যৱসায় নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ফিলাডেলফি কৰিডৰ ইজৰাইলৰ বাবে গুৰুত্বপূৰ্ণ । কৰিডৰৰ তলৰ সুৰংগবোৰ ঐতিহাসিকভাৱে ৰকেট, বিস্ফোৰক আৰু অন্যান্য অস্ত্ৰ সৰবৰাহ কৰিবলৈ ব্যৱহাৰ কৰা হৈছে যাক ইজৰাইলী নাগৰিক আৰু সামৰিক লক্ষ্যৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব পাৰি ।

কৰিডৰটো ইয়াৰ দক্ষিণ সীমান্তত ইজৰাইলৰ নিৰাপত্তা বজাই ৰখাৰ মূল চাবিকাঠি । ইজৰাইলৰ লক্ষ্য হৈছে কৰিডৰটো নিয়ন্ত্ৰণ বা নিৰীক্ষণ কৰি গাজাত উগ্ৰপন্থী, অস্ত্ৰ আৰু অন্যান্য ভাবুকিৰ অনুপ্ৰৱেশ সীমিত কৰা ।

  • হামাছ কৰিডৰৰ ওপৰত কিয় নিৰ্ভৰশীল ?

হামাছৰ বাবে ফিলাডেলফি কৰিডৰ হৈছে এক গুৰুত্বপূৰ্ণ যোগান লাইন । ইয়াৰ তলৰ সুৰংগবোৰ অস্ত্ৰ, ইন্ধন, খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী সৰবৰাহ কৰিবলৈ ব্যৱহাৰ কৰা হয় । যাৰ দ্বাৰা হামাছে গাজাত সামৰিক অভিযান আৰু অসামৰিক শাসন দুয়োটাই বজাই ৰাখিব পাৰে । এই চোৰাং ব্যৱসায়িক নেটৱৰ্কে হামাছক ইজৰাইলী অৱৰোধক উপেক্ষা কৰাত সহায় কৰে ।

সামৰিক যোগানৰ বাহিৰেও, কৰিডৰৰ তলৰ সুৰংগবোৰে গাজাৰ বাবে এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক পথ হিচাপে কাম কৰে, যাৰ ফলত নিষিদ্ধ বা অত্যাধিক কৰ আৰোপ কৰা সামগ্ৰীৰ চোৰাং ব্যৱসায় চলোৱা হয় । গাজাৰ জনসংখ্যাৰ ওপৰত হামাছৰ নিয়ন্ত্ৰণ আৰু প্ৰভাৱ বজাই ৰখাৰ বাবে বহুতো গাজাবাসীৰ বাবে উপাৰ্জন আৰু নিযুক্তিৰ উৎস প্ৰদান কৰাৰ বাবে এই ভূগৰ্ভস্থ অৰ্থনীতি অত্যাৱশ্যকীয় ।

এতিয়া, নেতান্যাহুৱে ফিলাডেলফি কৰিডৰত ইজৰাইলী সেনাৰ উপস্থিতি নিশ্চিত কৰা স্থিতিৰ পৰা আঁতৰি নথকাৰ বাবে আৰু হামাছে ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰাৰ বাবে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইজৰাইলী বন্দীসকলৰ মুক্তিৰ বাবে যুদ্ধবিৰতিৰ আলোচনাত ইয়াৰ প্ৰভাৱ পৰিব বুলিও বিভিন্ন মহলে সন্দেহ কৰিছে ।

লগতে পঢ়ক :বেলুচিস্তান আৰু বিচ্ছিন্নতাবাদ : বেলুচ জনজাতিৰ বেদনাভৰা ইতিহাস - Baloch separatism issue

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.