ETV Bharat / opinion

হাছিনাৰ অভিযোগ আৰু ছেইণ্ট মাৰ্টিন দ্বীপৰ ভূ-কৌশলগত গুৰুত্ব - Importance of St Martin Island

author img

By Aroonim Bhuyan

Published : Aug 12, 2024, 2:22 PM IST

Hasina on st martin island: বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই অভিযোগ কৰিছে যে তেওঁক ক্ষমতাৰ পৰা বহিষ্কাৰ কৰাটো আমেৰিকাৰ ষড়যন্ত্ৰ আছিল । আমেৰিকাই বাংলাদেশৰ ছেইণ্ট মাৰ্টিন দ্বীপ লীজত বিচাৰিছিল । কিন্তু ছেইণ্ট মাৰ্টিন দ্বীপৰ কৌশলগত গুৰুত্ব কি ?

Geostrategic importance of St Martin Island
হাছিনাৰ অভিযোগ আৰু ছেইণ্ট মাৰ্টিন দ্বীপৰ ভূ-কৌশলগত গুৰুত্ব (AP Photos)

ইণ্টাৰনেশ্যনেল ডেস্ক, ১২ আগষ্ট: পদত্যাগৰ পিচত প্ৰথমবাৰৰ বাবে মুখ খুলিছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিয়াই । লক্ষণীয়ভাৱে বাংলাদেশৰ পৰিস্থিতিৰ বাবে শ্বেখ হাছিনাই আমেৰিকাক দোষাৰোপ কৰিছে । হাছিনাই অভিযোগ কৰিছে যে বাংলাদেশৰ ছেইণ্ট মাৰ্টিন দ্বীপক আমেৰিকাই লীজত ল'ব বিচাৰিছিল ৷ কিন্তু সেয়া অস্বীকাৰ কৰাৰ পিচতে ৱাশ্বিংটনে তেওঁৰ পতন নিশ্চিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল । অৱশ্যে পৰ্যবেক্ষকসকলে এই বিষয়টো কেনেদৰে বিবেচনা কৰিছে ।

হাছিনাৰ অভিযোগ:

যোৱা ৫ আগষ্টত ঢাকাৰ পৰা পলায়ন কৰি বৰ্তমান দিল্লীৰ সমীপতে আশ্ৰয় লোৱা হাছিনাৰ উদ্ধৃতিৰে সংবাদ মাধ্যমৰ প্ৰতিবেদনত তেওঁৰ আৱামী লীগ দলৰ সমৰ্থকসকললৈ এক বাৰ্তাত এইদৰে কোৱা হৈছে, "মই যদি ছেইণ্ট মাৰ্টিন আৰু বংগোপ সাগৰ আমেৰিকাক এৰি দিলো হয় তেন্তে মই শাসনত থাকিব পাৰিলোহেঁতেন ।"

তেওঁ বাৰ্তাটোত কৈছে যে, এগৰাকী শ্বেতাংগ লোকে তেওঁক এই বছৰৰ জানুৱাৰীত সংসদীয় নিৰ্বাচনৰ পিচত ক্ষমতালৈ মসৃণভাৱে ঘূৰি অহাৰ প্ৰস্তাৱ দিছিল, যদি তেওঁ লীজত সমৰ্থন আগবঢ়ায় ।

যোৱা বছৰ জুন মাহত হাছিনাই আমেৰিকাৰ নাম নোলোৱাকৈ এখন সংবাদমেলত কৈছিল যে যদি তেওঁ ছেইণ্ট মাৰ্টিন দ্বীপ বিদেশীসকলক লীজত দিয়ে, তেন্তে তেওঁ ক্ষমতাত থাকিব পাৰিব । কিন্তু তেওঁ ক্ষমতাত থাকিবলৈ বাংলাদেশৰ ভূ-খণ্ড কাকো লীজত নিদিয়ে বুলি কৈছিল ।

অৱশ্যে ঢাকাত থকা আমেৰিকাৰ দূতাবাসৰ মুখপাত্ৰ ব্ৰায়ান শ্বিলাৰে কৈছিল যে তেওঁৰ দেশ আৰু বাংলাদেশে "এক শক্তিশালী আৰু সহযোগিতামূলক অংশীদাৰিত্ব মানি চলে"। শ্বিলাৰে কৈছিল, "আমি বাংলাদেশৰ সাৰ্বভৌমত্বক সন্মান কৰো আৰু ছেইণ্ট মাৰ্টিনকে ধৰি দেশৰ কোনো অঞ্চল দাবী কৰা নাই ।"

ছেইণ্ট মাৰ্টিন দ্বীপটো প্ৰকৃততে ক'ত আছে ?

ছেইণ্ট মাৰ্টিন দ্বীপ হৈছে বংগোপ সাগৰৰ উত্তৰ-পূব অংশত ৩ বৰ্গ কিলোমিটাৰ অঞ্চল আৱৰি থকা এটা সৰু দ্বীপ । কক্স বজাৰ-টেকনাফ উপদ্বীপৰ পৰা প্ৰায় ৯ কিলোমিটাৰ দক্ষিণে আৰু যিয়ে বাংলাদেশৰ দক্ষিণতম অংশ গঠন কৰে । এটা সৰু দ্বীপ আছে যিটো জোৱাৰৰ সময়ত পৃথক হৈছিল, যাক চেৰা দ্বীপ বুলি কোৱা হয় । ই ম্যানমাৰৰ উত্তৰ-পশ্চিম উপকূলৰ পৰা প্ৰায় ৮ কিলোমিটাৰ পশ্চিমে অৱস্থিত ।

বহু বছৰ পূৰ্বে দ্বীপটো টেকনাফ উপদ্বীপৰ এক অংশ আছিল, কিন্তু এই উপদ্বীপৰ এটা অংশ পিচত জলমগ্ন হৈ পৰে আৰু এনেদৰে ই উপদ্বীপৰ দক্ষিণতম অংশ হৈ পৰে । ই এটা দ্বীপলৈ পৰিণত হয় আৰু বাংলাদেশৰ মূল ভূখণ্ডৰ পৰা বিচ্ছিন্ন হৈ পৰে । আৰবীয় ব্যৱসায়ীসকলে প্ৰথমে ১৮ শতিকাত দ্বীপটোত বসতি স্থাপন কৰিছিল আৰু ইয়াক 'জাজিৰা' নাম দিছিল ।

ব্ৰিটিছ শাসনৰ সময়ত দ্বীপটো চিটাগঙৰ তদানীন্তন উপায়ুক্ত মাৰ্টিনৰ নামেৰে ছেইণ্ট মাৰ্টিন দ্বীপ হিচাপে নামাকৰণ কৰা হৈছিল । দ্বীপটোৰ স্থানীয় নামবোৰ হৈছে নাৰিকেল জিনজিৰা যাৰ অৰ্থ হৈছে 'নাৰিকল দ্বীপ' আৰু ডাৰুচিনি দ্বীপ যাৰ অৰ্থ হৈছে 'দালচেনি দ্বীপ'। ই বাংলাদেশৰ একমাত্ৰ প্ৰবাল দ্বীপ ।

দ্বীপটোত থকা প্ৰায় ৩,৭০০ গৰাকী বাসিন্দাৰ বেছিভাগেই মুখ্যতঃ মৎস্য ব্যৱসায়ৰ লগত জড়িত । এই দ্বীপৰ অন্যান্য মুখ্য খেতি হৈছে চাউল আৰু নাৰিকল । দ্বীপটোত সাধাৰণতে এবিধ শেলাই পোৱা যায় । যাক সংগ্ৰহ কৰা হয়, শুকোৱা হয় আৰু ম্যানমাৰলৈ ৰপ্তানি কৰা হয় । অক্টোবৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰত চুবুৰীয়া অঞ্চলৰ মাছমৰীয়াসকলে তেওঁলোকে ধৰা মাছ দ্বীপৰ অস্থায়ী পাইকাৰী বজাৰলৈ লৈ যায় ।

অৱশ্যে, কুকুৰা, মাংস আৰু অন্যান্য খাদ্য সামগ্ৰী বাংলাদেশ আৰু ম্যানমাৰৰ পৰা আমদানি কৰা হয় । বৰষুণৰ বতৰত বংগোপসাগৰৰ বিপদজনক পৰিস্থিতিৰ বাবে অধিবাসীসকলৰ মূল ভূ-খণ্ডলৈ (টেকনাফ) যোৱাৰ কোনো সুযোগ নাথাকে আৰু তেওঁলোকৰ জীৱন বিপদজনক হ'ব পাৰে ।

ছেইণ্ট মাৰ্টিন দ্বীপৰ কৌশলগত গুৰুত্ব কি ?

ইয়াৰ সৰু আকাৰ স্বত্বেও, ছেইণ্ট মাৰ্টিন দ্বীপে বাংলাদেশৰ ভূ-ৰাজনৈতিক অৱস্থান, অৰ্থনৈতিক সম্ভাৱনা আৰু পাৰিপাৰ্শ্বিক গুৰুত্বৰ বাবে কৌশলগত গুৰুত্ব বহন কৰে । দ্বীপটো কৌশলগতভাৱে বাংলাদেশ আৰু ম্যানমাৰৰ সামুদ্ৰিক সীমাৰ ওচৰত অৱস্থিত আৰু ই বিশ্বৰ কিছুমান ব্যস্ততম সাগৰীয় পথৰ ওচৰত অৱস্থিত ৷

বংগোপ সাগৰৰ আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক পথৰ ওচৰত হোৱা বাবে দ্বীপটোক আঞ্চলিক ভূ-ৰাজনীতিত এক গুৰুত্বপূৰ্ণ স্থিতি প্ৰদান কৰে । দ্বীপটোৰ ওপৰত নিয়ন্ত্ৰণে বাংলাদেশক এই গুৰুত্বপূৰ্ণ সাগৰীয় পথবোৰত প্ৰভাৱ পেলাব পেলোৱাত সহায় কৰে । লগতে বংগোপ সাগৰত ইয়াৰ সামুদ্ৰিক সুৰক্ষা আৰু কৌশলগত গভীৰতা বৃদ্ধি কৰে ।

ছেইণ্ট মাৰ্টিন দ্বীপৰ অৱস্থানেও ইয়াক আঞ্চলিক সামুদ্ৰিক বিবাদৰ পৰিপ্ৰেক্ষিতত এক কেন্দ্ৰবিন্দু কৰি তুলিছে । চলিত বৰ্ষৰ জুন মাহত টেকনাফৰ পৰা ছেইণ্ট মাৰ্টিনলৈ যাত্ৰী কঢ়িয়াই অনা বাংলাদেশী নাও আৰু জাহাজসমূহক ম্যানমাৰৰ সশস্ত্ৰ বাহিনীয়ে আক্ৰমণ কৰিছিল । যাৰ ফলত মূল ভূ-খণ্ড আৰু দ্বীপটোৰ মাজত পৰিবহন স্থবিৰ হৈ পৰে ।

প্ৰখ্যাত বাংলাদেশী লেখক আৰু প্ৰাক্তন অসামৰিক কৰ্মচাৰী হাছনাত আব্দুল হাইয়ে জুন মাহত বাংলাদেশৰ ফাইনেন্সিয়েল এক্সপ্ৰেছত প্ৰকাশিত এটা প্ৰবন্ধত কয়, "ইয়াৰ ঠিক পিচতে ম্যানমাৰৰ নৌসেনাৰ তিনিখন জাহাজ ছেইণ্ট মাৰ্টিনৰ উপকূলত দ্বীপটোৰ বাসিন্দাসকলক ভয় খুৱাই থকা দেখা গৈছিল । ম্যানমাৰ বাহিনীৰ নিৰ্বিচাৰ গুলীচালনাৰ ফলত দ্বীপবাসীৰ খাদ্য আৰু ঔষধৰ যোগান ৯ দিন ধৰি বন্ধ আছিল ।"

হাইৰ মতে, ছেইণ্ট মাৰ্টিন দ্বীপে বংগোপসাগৰৰ ক্ষেত্ৰীয় সীমাৰ ওপৰত বাংলাদেশ আৰু ম্যানমাৰৰ প্ৰতিযোগিতামূলক দাবীৰ সৈতে এক নতুন গুৰুত্বৰ মৰ্যাদা লাভ কৰিছিল ।

"উপসাগৰত তেল আৰু গেছ বিচাৰি পোৱাৰ সম্ভাৱনাই উপসাগৰৰ ওপৰত মালিকীস্বত্ব আৰু সাৰ্বভৌমত্ব কঢ়িয়াই অনাৰ সম্ভাৱনা আছে । সামুদ্ৰিক সীমাক লৈ বিবাদৰ বিচাৰ কৰা ৰাষ্ট্ৰসংঘৰ আদালতে ছেইণ্ট মাৰ্টিনক দুয়োখন দেশৰ মাজত সামুদ্ৰিক সীমা মুক্ত কৰাৰ আধাৰ হিচাপে লৈছিল । পৰ্যবেক্ষকসকলৰ মতে, ছেইণ্ট মাৰ্টিনৰ মালিকীস্বত্বৰ বাবে বাংলাদেশে উপসাগৰৰ ১,২৮,৬০০ নটিকেল মাইলতকৈও অধিক লাভ কৰিছিল । এইটো টিপিং পইণ্ট হ'ব পাৰে যিয়ে ম্যানমাৰক ছেইণ্ট মাৰ্টিনক তেনে দৃষ্টিৰে চাবলৈ বাধ্য কৰিছিল । ২০১৮ চনত ম্যানমাৰৰ জনসংখ্যা মন্ত্ৰালয়ে তেওঁলোকৰ ৱেবছাইটত ছেইণ্ট মাৰ্টিনক তেওঁলোকৰ আঞ্চলিক সীমাৰ ভিতৰত দেখুওৱা এখন মানচিত্ৰ প্ৰকাশ কৰিছিল । বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ প্ৰতিবাদৰ পিচত মানচিত্ৰখন আঁতৰাই দিয়া হয় ।"

হাছিনাই অভিযোগ কৰাৰ দৰে আমেৰিকা ছেইণ্ট মাৰ্টিন দ্বীপত কিয় আগ্ৰহী?

ছেইণ্ট মাৰ্টিন দ্বীপ বংগোপ সাগৰত অৱস্থিত আৰু ৱাশ্বিংটনৰ বহল ভাৰত-প্ৰশান্ত ৰণনীতিৰ এক গুৰুত্বপূৰ্ণ অঞ্চল । বিশেষকৈ চীনৰ বৰ্ধিত প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত ভাৰত-প্ৰশান্ত মহাসাগৰ অঞ্চল আমেৰিকাৰ কৌশলগত নীতিৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । বংগোপ সাগৰে এক গুৰুত্বপূৰ্ণ সামুদ্ৰিক অঞ্চল হিচাপে কাম কৰে, যি ভাৰত মহাসাগৰক দক্ষিণ-পূব এছিয়াৰ সৈতে আৰু সম্প্ৰসাৰণৰ দ্বাৰা বহল প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৈতে সংযোগ কৰে ।

জাপানৰ পূব উপকূলৰ পৰা আফ্ৰিকাৰ পূব উপকূললৈকে বিস্তৃত অঞ্চলটোত চীনা আধিপত্যৰ সন্মুখীন হৈ এক মুক্ত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল নিশ্চিত কৰাৰ বাবে আমেৰিকাই চতুৰ্ভুজ নিৰাপত্তা আলোচনা আৰম্ভ কৰিছে, যাক সাধাৰণতে কোৱাড বুলি কোৱা হয়, য'ত ভাৰত, জাপান আৰু অষ্ট্ৰেলিয়া অন্তৰ্ভুক্ত থাকে ।

বংগোপ সাগৰৰ মাজেৰে যোৱা মুখ্য সামুদ্ৰিক পথসমূহৰ সৈতে দ্বীপটোৰ ঘনিষ্ঠতাৰ অৰ্থ হৈছে যে, ই বিশ্বব্যাপী বাণিজ্যৰ বাবে গুৰুত্বপূৰ্ণ এই সাগৰীয় পথবোৰৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে কৌশলগত গুৰুত্ব বহন কৰে ।

বাংলাদেশী শিক্ষাবিদ তথা সমাজকৰ্মী শ্বাৰিন শ্বাজাহান নাওমীৰ মতে, আমেৰিকাই বাংলাদেশক এয়াৰবেচ স্থাপনৰ বাবে ছেইণ্ট মাৰ্টিন দ্বীপ লীজত লোৱাৰ প্ৰস্তাৱ দীৰ্ঘদিন ধৰি দি আহিছে । নাওমীয়ে ইটিভি ভাৰতক কৈছিল, "হাছিনাই যি কৈছে সেয়া যুক্তিসংগত ।"

দৰাচলতে, হাছিনাই এই বছৰৰ জানুৱাৰীত তেওঁৰ দেশত অনুষ্ঠিত হোৱা সংসদীয় নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আমেৰিকাৰ হস্তক্ষেপৰ অভিযোগ উত্থাপন কৰিছিল । এই বছৰৰ জানুৱাৰীত অনুষ্ঠিত বাংলাদেশৰ সংসদীয় নিৰ্বাচনৰ পূৰ্বে, তেওঁ নিৰ্বাচন প্ৰক্ৰিয়াৰ সময়ত অন্তৱৰ্তীকালীন চৰকাৰ স্থাপনৰ বিৰোধী দলসমূহৰ দাবী মানি ল'বলৈ নিৰন্তৰ অস্বীকাৰ কৰিছিল । আমেৰিকা, ইউৰোপীয় ইউনিয়ন আৰু অন্যান্য পশ্চিমীয়া শক্তিয়ে তেওঁক বিৰোধীৰ দাবী মানি ল'বলৈ আহ্বান জনাইছিল যদিও তেওঁ ইয়াক আভ্যন্তৰীণ বিষয়ত বাহ্যিক হস্তক্ষেপ বুলি খাৰিজ কৰিছিল ।

ভাৰতৰ পৰা আৱামী লীগলৈ দিয়া বাৰ্তাত আমেৰিকাৰ বিৰুদ্ধে হাছিনাৰ অভিযোগ দেওবাৰেহে পোহৰলৈ আহে । ৱাশ্বিংটনে ইয়াৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱাই, সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক : মৌনতা ভংগ শ্বেখ হাছিনাৰ: আমেৰিকাৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ তুলিলে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে - Sheikh Hasina Breaking silence

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.