ETV Bharat / opinion

টাইৱানক চীনৰ ভাবুকি; ভাৰতৰ ওপৰত ইয়াৰ কি প্ৰভাৱ - China Taiwan Conflict

author img

By Major General Harsha Kakar

Published : Jun 11, 2024, 9:10 AM IST

China Taiwan Conflict : চীনৰ প্ৰতি কঠোৰপন্থী হিচাপে বিবেচিত বৰ্তমানৰ টাইৱানৰ ৰাষ্ট্ৰপতি লাই চিং-টেয়ে চীনৰ ভাবুকিক গুৰুত্ব দিয়া নাই । ইয়াৰ বিপৰীতে তেওঁৰ কাৰ্যকালৰ প্ৰথমটো ভাষণতে চীনৰ প্ৰতি কঠোৰ সাৱধানবাণী শুনাইছিল । কিন্তু টাইৱানৰ ওপৰত চীনৰ দৃষ্টিভংগী কি ? চীন-টাইৱানৰ সংঘাতে ভাৰতক কেনেদৰে প্ৰভাৱিত কৰিব ? ইয়াত আমেৰিকাৰ ভূমিকা কি হ'ব । এই সকলো দিশ সামৰি হৰ্ষ কক্কড়ৰ এক বিশ্লেষণাত্মক প্ৰতিবেদন ।

China Taiwan Conflict
মানচিত্ৰত চীন আৰু টাইৱান (Photo BBC)

বিশেষ প্ৰতিবেদন, ১১ জুন : টাইৱানৰ নতুন ৰাষ্ট্ৰপতি হিচাপে লাই চিং-টেয়ে ২০২৪ চনৰ ১৯ মে'ত শপত গ্ৰহণ কৰে । ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পিচত নিজৰ প্ৰথমটো ভাষণত তেওঁ উল্লেখ কৰিছিল, "মই আশাকৰোঁ যে চীনে টাইৱানৰ অস্তিত্বৰ বাস্তৱিকতাৰ সন্মুখীন হ'ব, টাইৱানৰ জনসাধাৰণৰ পছন্দক সন্মান কৰিব আৰু সৎ বিশ্বাসেৰে সংঘৰ্ষৰ ওপৰত আলোচনাৰ পথ বাছনি কৰিব ।"

কিন্তু চীনা নেতৃত্বই লাইক পছন্দ নকৰে । কিয়নো তেওঁ চীনৰ সৈতে টাইৱানক একত্ৰীকৰণৰ বিৰোধী । তেওঁৰ ভাষণত লায়ে চীনৰ সৈতে শান্তিপূৰ্ণ অৱস্থা বিচাৰিছিল । লগতে চীনৰ ভাবুকিৰ সন্মুখীন নহ'ব বুলিও প্ৰতিশ্ৰুতি দিছিল ।

উল্লেখ্য যে, চীনে টাইৱানৰ নিৰ্বাচনক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিছিল যদিও তাত বিফল হৈছিল । ইফালে বেইজিঙে যুদ্ধ জাহাজ আৰু বিমান মোতায়েন কৰিছিল । ইয়াৰ উদ্দেশ্য আছিল এই বছৰৰ জানুৱাৰী মাহত অনুষ্ঠিত নিৰ্বাচনৰ সময়ত টাইৱানবাসীক বিৰোধী প্ৰাৰ্থী হৌ ইউ-য়িক নিৰ্বাচিত কৰিবলৈ হেঁচা প্ৰদান কৰা । আনহাতে, টাইৱানত হাজাৰ হাজাৰ ভুৱা ফেচবুক আৰু এক্স একাউণ্ট বিলোপ কৰা হৈছিল । কিয়নো সেইবোৰৰ উদ্দেশ্য আছিল নিৰ্বাচনক প্ৰভাৱিত কৰা ৷

টাইৱান উপকূলত নিয়োজিত চীনা নৌসেনাই নিয়মীয়াকৈ টাইৱান অঞ্চলত এইটো প্ৰচাৰ কৰিছিল যে 'চীন গণপ্ৰজাতন্ত্ৰ হৈছে চীনৰ একমাত্ৰ বৈধ চৰকাৰ আৰু টাইৱান চীনৰ এক অবিচ্ছেদ্য অংগ ।' ১৯৯৬ চনৰ পৰা টাইৱানবাসীৰ বাবে একে ধৰণৰ সতৰ্কবাণী নিয়মীয়াকৈ দি অহা হৈছে ।

লাইৰ শপত গ্ৰহণ এক ৰেডলাইন আছিল, যাৰ ফলস্বৰূপে চীনে কেইদিনমান পিচতে টাইৱান উপকূলৰ ওচৰত ইয়াৰ 'জইণ্ট স্বৰ্ড-2024এ' (Joint Sword-2024A) অনুশীলন অনুষ্ঠিত কৰিছিল । এই নামটোৱেই ইংগিত বহন কৰিছিল যে এই বছৰ এনে ধৰণৰ আৰু অনুশীলন আশা কৰিব পৰা যায় । আনহাতে, নিজৰ অসন্তুষ্টিৰ লক্ষণ হিচাপে শেহতীয়া বছৰবোৰত চীনে টাইৱান উপকূলত সামৰিক অনুশীলন চলাই আহিছে ।

চীনা চৰকাৰৰ মুখপত্ৰ 'দ্য গ্লোবেল টাইমছ'-এ এক সম্পাদকীয় প্ৰতিবেদনত উল্লেখ কৰিছিল যে এই অনুশীলনে 'টাইৱানৰ স্বাধীনতা বিচৰা বিচ্ছিন্নতাবাদী শক্তিক হতবাক কৰি তুলিছে ।' তাত লগতে উল্লেখ কৰা হৈছে, "এই অনুশীলনৰ লক্ষ্য হৈছে লাই কৰ্তৃপক্ষক স্বাধীনতা বিচৰাৰ ক্ষেত্ৰত স্পষ্টভাৱে সতৰ্ক কৰা ।"

পিএলএ নৌসেনাৰ লগতে ইয়াৰ উপকূলৰক্ষী বাহিনী দুয়োটাৰে মুঠ ১১১ খন যুদ্ধবিমান আৰু ৪৬ খন জাহাজ মোতায়েন কৰা হৈছিল । কিন্তু বাস্তৱ পৰিস্থিতি ইয়াতকৈ সম্পূৰ্ণ পৃথক আছিল । অৱশ্যে যদিও টাইৱানে সতৰ্কতা হিচাপে ইয়াৰ সশস্ত্ৰ বাহিনীক সতৰ্ক কৰি দিছিল, ইয়াৰ বিপৰীতে আমেৰিকা আৰু জাপানে অত্যধিক চিন্তা নকৰাকৈ কেৱল চীনা কাৰ্যকলাপ নিৰীক্ষণ কৰা দেখা গৈছিল ।

এইটো স্পষ্টৰূপত কেৱল শক্তি প্ৰদৰ্শনৰ বাহিৰে আন একো নাছিল । এইটো ধাৰণা তাত নিয়োজিত জাহাজৰ প্ৰকৃতি আৰু প্ৰকাৰৰ পৰা স্পষ্ট হৈছিল । আনহাতে, আমেৰিকাৰ প্ৰতিনিধিসকলৰ উপস্থিতিৰ মাজতে চীনে লাইৰ ৰাষ্ট্ৰপতিত্বৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বুলি আশা কৰা হৈছিল । ইফালে আমেৰিকাও অৱগত আছিল যে পিএলএ এতিয়াও যিকোনো ডাঙৰ অভিযানৰ বাবে প্ৰস্তুত নহয় আৰু এই অনুশীলনৰ উদ্দেশ্য আছিল ৰাষ্ট্ৰখনৰ ঘৰুৱা নাগৰিকসকলক এইটো বুজাই দিয়া যে টাইৱানৰ ওপৰত চীনে ক্ষমতা অটুট ৰাখিছে ।

ইফালে টাইপেয়ে এইটো অৱগত হোৱাৰ পিচতো কোনো ধৰণৰ বিপদাশংকা লোৱা নাছিল যে চীনে ২০২০ চনত লাডাখত কৰাৰ দৰে এই অনুশীলনৰ আঁৰত এক দুঃসাহসিক কামৰ চেষ্টা কৰিব পাৰে । আনহাতে, টাইৱানৰ বাবে ভাবুকিটো মূল ভূখণ্ড নহয়, কিন্তু বাহিৰৰ দ্বীপহে আছিল । টাইৱানে বেইজিঙৰ অভিপ্ৰায় নিৰীক্ষণ কৰিবলৈ সকলো ধৰণৰ চীনা সামৰিক কাৰ্যকলাপ লক্ষ্য কৰি আহিছে ।

চীনা চৰকাৰৰ মতে, এই অনুশীলনবোৰে 'যুটীয়া জল-আকাশী যুদ্ধ-তৎপৰতাৰ ওপৰত টহল, যুদ্ধক্ষেত্ৰ নিয়ন্ত্ৰণ আৰু যুটীয়া নিখুঁত আক্ৰমণ'ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । ই 'টাইৱানৰ ওপৰত অৱৰোধ' প্ৰয়োগ কৰা বুলিও দাবী কৰিছিল । কিন্তু শেহতীয়া বছৰবোৰত চীনে তৃতীয়বাৰৰ বাবে এনে বহু অনুশীলন চলাইছে ।

প্ৰতিবেদন অনুসৰি, বৰ্তমানৰ এই অনুশীলনবোৰ চীনৰ পূৰ্বৰ অনুশীলনতকৈ টাইৱানৰ বেছি ওচৰত আছিল । আনহাতে, যেতিয়াই চীনে ইয়াক নিজৰ এক গতানুগতিক কাৰ্য বুলি বুজাবলৈ চেষ্টা কৰিব, তেতিয়াই কিন্তু ইয়াত বিভিন্ন সূচক থাকিব । ইফালে প্ৰটোকল অনুসৰিয়ে আমেৰিকাই চীনৰ কাৰ্যকলাপৰ ওপৰত উদ্বেগ প্ৰদৰ্শন কৰিছিল ।

দেশখনৰ ৰাজ্যিক বিভাগে এক বিবৃতি প্ৰকাশ কৰি উল্লেখ কৰিছে, "সামৰিক উচটনিৰ অজুহাত হিচাপে স্বাভাৱিক, ৰুটিন আৰু গণতান্ত্ৰিক পৰিৱৰ্তন ব্যৱহাৰ কৰিলে দীৰ্ঘদিনীয়া সমস্যাবোৰ বৃদ্ধি হোৱাৰ আশংকা থাকে, যিয়ে কেইবা দশক ধৰি টাইৱানত শান্তি আৰু স্থিৰতা বজাই ৰাখিছে ।" উল্লেখ্য, নিকটৱৰ্তী আমেৰিকাৰ ঘাটিসমূহত ইয়াৰ কিন্তু কোনো বৰ্ধিত তৎপৰতা নাছিল ।

আমেৰিকাৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় কমাণ্ডাৰ এডমিৰেল ছেমুৱেল পাপাৰোৱে সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত উল্লেখ কৰিছিল যে এই কাৰ্যসূচীবোৰ 'আখৰাৰ দৰে লাগিছিল' । তেওঁ লগতে কয়, "আমি এইবোৰ নিৰীক্ষণ কৰি আছোঁ । আমি ইয়াক গুৰুত্বসহকাৰে লৈছো । আমি ইয়াৰ পৰা শিকিছোঁ আৰু সেইবোৰে আমাক ভবিষ্যতৰ বাবে প্ৰস্তুত হোৱাত সহায় কৰিছিল । বিৰোধীৰ প্ৰতিটো অনুশীলনে প্ৰতিপক্ষক পাঠ শিকায় ।"

উল্লেখ্য, বিগত সপ্তাহত আমেৰিকাৰ বিদেশ সচিব লয়ড অষ্টিন আৰু চীনৰ বিদেশ সচিব এডমিৰেল ডং জুনৰ মাজত ছিংগাপুৰত অনুষ্ঠিত শাংগ্ৰী-লা আলোচনাৰ সময়ত অনুষ্ঠিত বৈঠকৰ পিচত আমেৰিকাই এক বিবৃতি প্ৰকাশ কৰি উল্লেখ কৰে, "সচিবগৰাকীয়ে টাইৱান প্ৰণালীৰ চাৰিওফালে পিএলএৰ শেহতীয়া উত্তেজনামূলক কাৰ্যকলাপৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে ।"

লগতে তেওঁ কয় যে চীনে টাইৱানৰ ৰাজনৈতিক পৰিৱৰ্তনক বলপূৰ্বক পদক্ষেপৰ অজুহাত হিচাপে হিচাপে ব্যৱহাৰ কৰিব নালাগে; ই এক স্বাভাৱিক অংশ, নিয়মিত গণতান্ত্রিক প্রক্রিয়া । আনহাতে, চীনা পক্ষই তেওঁলোকৰ ফালৰ পৰা পুনৰ কয় যে টাইৱান তেওঁলোকৰ আভ্যন্তৰীণ বিষয় ।

চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে শাংগ্ৰী-লা আলোচনাত কৈছিল যে 'যিয়েই টাইৱানক চীনৰ পৰা বিভক্ত কৰিবলৈ সাহস কৰিব, তেওঁলোকক টুকুৰা-টুকুৰ কৰি দিয়া হ'ব আৰু তেওঁ নিজেই নিজৰ ধ্বংস মাতি আনিব ।' তেওঁ পুনৰ কয়, "আইন অনুসৰি টাইৱান চীনৰ আভ্যন্তৰীণ বিষয়, য'ত কোনোধৰণৰ বিদেশী হস্তক্ষেপ সহ্য নকৰে ।" চীনৰ বাবে টাইৱান হৈছে এক সংবেদনশীল বিষয় ।

ইফালে লয়ড অষ্টিনে তেওঁৰ ফালৰ পৰা টাইৱান জলপ্ৰণালীত চীনৰ কাৰ্যকলাপৰ ইংগিত দি উল্লেখ কৰে, "আলোচনাৰ জৰিয়তে বিবাদৰ শান্তিপূৰ্ণ সমাধান (হ'ব লাগে)– বলপূৰ্বক বা সংঘৰ্ষ নহয় । আৰু নিশ্চিতভাৱে তথাকথিত শাস্তিৰ মাধ্যমেৰে নহয় ।"

শপত গ্ৰহণৰ সময়ত টাইপেইত থকা আমেৰিকাৰ ছিনেটৰ তথা বৈদেশিক পৰিক্ৰমা সমিতিৰ অধ্যক্ষ মাইকেল মেকক'লে কয় যে আমেৰিকাই প্ৰতিশ্ৰুতি দিছে যে শীঘ্ৰেই দ্বীপটোত সামৰিক সাহায্য উপস্থিত হ'ব, যাৰ ফলত টাইৱানৰ প্ৰতিৰক্ষা শক্তিশালী হ'ব । আশাকৰা অনুসৰিয়ে বেইজিঙে ইয়াক আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ বুলি সমালোচনা কৰি লগতে কয় যে ইয়াত কোনোৱে মূৰ ঘমোৱা প্ৰয়োজন নাই ।

চীনা অনুশীলনৰ প্ৰভাৱ কি আছিল ?

যদি চীনে অনুমান কৰে যে তেওঁলোকৰ সামৰিক ভাবুকিয়ে টাইৱানীসকলক সেও মনাব পাৰিব, তেন্তে ই মুখ্যত ভুল । যি কি নহওক, চীনা হাতোৰাই তেওঁলোকৰ সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোক নমনীয় কৰা আৰু ব্লেকমেইল কৰাত ব্যৰ্থ হৈছিল ।

কিন্তু এই অনুশীলনত যুদ্ধৰ কথা দুয়োফালে ওলাইছিল । চীনাসকলে দাবী কৰিছিল, "যিসকলে জুইৰ সৈতে খেলিব তেওঁলোক নিজে জ্বলিব । 'টাইৱানৰ স্বাধীনতা'ই (শক্তি) আমাক উত্তেজিত কৰে, মাতৃভূমিৰ সম্পূর্ণ একত্ৰীকৰণ নোহোৱা পর্যন্ত আমি আমাৰ প্রতিৰোধমূলক খোজ আগবঢ়াই যাম ।" আনহাতে, টাইৱানবাসীয়ে ইয়াৰ উত্তৰ দিছিল, "যদি চীনা কমিউনিষ্ট পাৰ্টীয়ে টাইৱানক আক্ৰমণ কৰে, তেন্তে তেওঁলোকৰ বাবে টাইৱানক হস্তগত কৰাটো সহজ নহ'ব । টাইৱানবাসীয়ে যুদ্ধক ভয় নকৰে ।"

উল্লেখ্য, ভুৱা প্ৰচাৰৰ বাবে খ্যাতি থকা গ্লোবেল টাইমছে বৰ্তমানৰ অনুশীলনৰ বিষয়ে আলোচনা কৰি টাইৱানৰ এজন যুঁজাৰু পাইলটৰ উদ্ধৃতি দি উল্লেখ কৰে, "এই বছৰৰ পৰা দলটোৰ বহু পাইলটে (টাইৱানী বায়ু সেনা) অৱসৰ ল'ব বুলি কৈছে । কিছু যুৱ পাইলটে আনকি চাকৰি এৰাৰ বাবে ক্ষতিপূৰণ দিবলৈও ইচ্ছুক ।"

কিন্তু বাস্তৱ ইয়াৰ সম্পূৰ্ণ বিপৰীত । টাইৱান বাহিনীয়ে চীনৰ দুঃসাহসক বিফল কৰিবলৈ ভালদৰে অনুপ্ৰাণিত হৈছে । চীনে প্ৰথমবাৰৰ বাবে টাইৱানৰ পূব উপকূলত ইয়াৰ নৌসেনা মোতায়েন কৰিছিল । ইয়াৰ ফলত আমেৰিকা আৰু টাইৱানে দীৰ্ঘ দূৰত্বৰ জাহাজবিৰোধী ক্ষেপণাস্ত্ৰকে ধৰি টাইৱানৰ সামৰিক প্ৰয়োজনীয়তাৰ পুনৰ মূল্যায়ন কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য, এই ক্ষেপণাস্ত্ৰ ক্ৰয় কৰা কাৰ্যসূচী পৰৱৰ্তী স্থানত আছে । টাইৱানে ইতিমধ্যে এনে ধৰণৰ ঘটনাৰ বাবে ইয়াৰ বাহিৰৰ দ্বীপবোৰ শক্তিশালী কৰিছে । আমেৰিকান কংগ্ৰেছে শেহতীয়াকৈ টাইৱানৰ বাবে ৮.১ বিলিয়ন আমেৰিকান ডলাৰৰ অনুমোদন জনাইছে । অৱশ্যে চীনে এইটো প্ৰদৰ্শন কৰিছে যে যিকোনো আক্ৰমণৰ পূৰ্বে টাইৱানক সম্পূৰ্ণৰূপে অৱৰোধ কৰাৰ ক্ষমতা আছে । অৱশ্যে ই কিমান কাৰ্যকৰী হ'ব সেয়া অজ্ঞাত ।

চীনে ইয়াৰ সামৰিক শক্তি প্ৰদৰ্শন কৰি টাইৱানীসকলৰ ওপৰত মানসিক যুদ্ধৰ চেষ্টা কৰিছিল । ইয়াৰ প্ৰতিশোধ স্বৰূপে টাইৱানে নিজৰ সৈন্যবাহিনীৰ প্ৰস্তুতি, মনোবল আৰু যিকোনো চীনা আক্ৰমণ দমন কৰাৰ সংকল্পৰ ভিডিঅ' আৰু ছবি মুকলি কৰে । টাইৱানৰ এগৰাকী সামৰিক বিশ্লেষক ছু জু-য়ুনে উল্লেখ কৰে, "টাইৱানৰ কৰ্তৃপক্ষই দ্বীপটোৰ চাৰিওফালে চীনা সামৰিক কাৰ্যকলাপ অনুসৰণ কৰা টাইৱানৰ সামৰিক বাহিনীৰ ভিডিঅ' মুকলি কৰি চীনৰ মানসিক যুদ্ধৰ প্ৰভাৱ নিষ্ক্ৰিয় কৰিছিল ।"

এটা কথা ঠিক যে চীনা অভিপ্ৰায় কেতিয়াও যুদ্ধ নাছিল, কেৱল ভয় দেখুৱাইছিল আৰু ই সফল হোৱা নাছিল । যদি ইয়াৰ অন্তৰালত আন উদ্দেশ্য থাকিলহেঁতেন, তেন্তে সৈন্যবাহিনীৰ বাহক মোতায়েন, উপকূলৰ আবসীসকলক স্থানান্তৰ কৰা, বিশ্বজুৰি জাহাজ চলাচল আৰু বিমানপথ বন্ধ কৰাকে ধৰি এক পৃথক পদ্ধতি গ্ৰহণ কৰিলেহেঁতেন । কিন্তু টাইৱান সচেতন আছিল আৰু সেই অনুসৰি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ।

ইফালে টাইৱানবাসীয়ে হংকঙৰ ওপৰত চীনে প্ৰতিশ্ৰুতি ভংগ কৰাটো প্ৰত্যক্ষ কৰিছে । সেয়েহে বেইজিঙে জাৰি কৰা কোনো আশ্বাসত কেতিয়াও ভোল নাযায় । চীনে হংকঙৰ বাবে 'এক ৰাষ্ট্ৰৰ দুটা ব্যৱস্থা'ৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু সোনকালেই ইয়াৰ পৰা বিচ্যুত হৈছিল । টাইৱানকো একেই প্ৰতিশ্ৰুতি দিছে ।

আনহাতে, পশ্চিমীয়া দেশবোৰেও চীনে টাইৱানক লোৱাটো নিবিচাৰে । কিয়নো ইয়াৰ প্ৰভাৱ জাপানৰ নিৰাপত্তাৰ লগতে অৰ্ধপৰিবাহীৰ বিশ্বজুৰি যোগান শৃংখলাৰ বাবেও ভয়ানক হ'ব পাৰে । টাইৱানৰ ৰাষ্ট্ৰপতি হিচাপে লাই চিং-টেৰ সৈতে দুয়োখন দেশৰ মাজত উত্তেজনা ইমান সোনকালে বন্ধ নহ'ব । চীনে তেওঁক স্বাধীনতাপন্থী বুলি গণ্য কৰে ।

ফুদান বিশ্ববিদ্যালয়ৰ টাইৱান অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক জিন কিয়াঙক উদ্ধৃত কৰি গ্লোবেল টাইমছত উল্লেখ কৰা হৈছিল, "জলপ্ৰণালীৰ উত্তেজনা বৃদ্ধি অনিবাৰ্য । ভৱিষ্যতে টাইৱান প্ৰণালীত তচাই ইং-ৱেন (লাইৰ পূৰ্বসূৰী) কাৰ্যকালত থকা সময়ৰ তুলনাতকৈ আৰু অধিক অস্থিৰতা দেখা যাব পাৰে ।"

ই ভাৰতক কেনেদৰে প্ৰভাৱিত কৰে ?

নতুন দিল্লী এই বিবাদৰ কোনো পক্ষ নহয় । অৱশ্যে চীনা কাৰ্যকলাপবোৰ নিবিড়ভাৱে নিৰীক্ষণ কৰিব । চীনৰ বাবে টাইৱান আৰু অৰুণাচলৰ লগতে দক্ষিণ আৰু পূব চীন সাগৰৰ দ্বীপসমূহ এক অসম্পূৰ্ণ কাৰ্যসূচী । চীনে যিকোনো পৰ্যায়ত ইয়াৰ এক অসম্পূৰ্ণ কাৰ্যসূচীৰ বিৰুদ্ধে আক্ৰমণাত্মক দৃষ্টিভংগী প্ৰদৰ্শন কৰাৰ চেষ্টা কৰিব, বিশেষকৈ যিহেতু ইউৰোপ আৰু মধ্যপ্ৰাচ্যত অস্থিৰতা অব্যাহত আছে, যিয়ে আমেৰিকাৰো দৃষ্টি আকৰ্ষণ কৰি আছে ।

অষ্টিনে ছিংগাপুৰত কৈছিল যে 'এছিয়া সুৰক্ষিত হ'লেহে আমেৰিকা সুৰক্ষিত হ'ব পাৰে' । ইয়াৰ দ্বাৰা এইটো সূচায় যে চীনা দুঃসাহসিক ঘটনা প্ৰতিহত কৰিবলৈ আমেৰিকাৰ গুৰুত্ব এতিয়াও বাকী আছে । অষ্টিনে লগতে কয়, "ভাৰতৰ সৈতে আমাৰ এই মুহূৰ্তৰ যি সম্পৰ্ক সেয়া এই পৰ্যন্ত দেশখনৰ সৈতে আমাৰ যি সম্পৰ্ক আছিল তাৰ তুলনাত অধিক ভাল ।"

অৱশ্যে আমেৰিকাৰ ঘনিষ্ঠ সহযোগী হিচাপে ভাৰত স্বাভাৱিকতে চিন্তিত হৈ থাকিব । দিল্লীয়ে ইতিমধ্যে অঞ্চলটোৰ ৰাষ্ট্ৰসমূহৰ সৈতে অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰশিক্ষণ প্ৰদান কৰি অংশীদাৰিত্ব গঢ়ি তুলিছে ।

ইফালে জাপানৰ লগতে আমেৰিকাই চীন-টাইৱানৰ উত্তেজনাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব । এইটো নিশ্চিত কৰিব লাগিব যে টাইৱান যিকোনো চীনা দুঃসাহসিক ঘটনা বন্ধ কৰিবলৈ পৰ্যাপ্ত পৰিমাণে সশস্ত্ৰ ।

লগতে পঢ়ক :ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ভাৰতৰ অংশীদাৰিত্ব - Russia Ukraine war

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.