ETV Bharat / lifestyle

টেৰ’ কাৰ্ড ভৱিষ্যদ্বাণী: জন্ম তাৰিখৰ মূল্যাংক অনুসৰি কেনে যাব আপোনাৰ আগন্তুক বৰ্ষটো ? - YEARLY HOROSCOPE

বৰ্তমান সময়ত টেৰ’ কাৰ্ড খুবেই ট্ৰেণ্ডত আছে, কাৰণ ইয়াৰ জৰিয়তে এই বৰ্ষটো আপোনাৰ কেনেদৰে পাৰ হ’ব টেৰ’ কাৰ্ড ৰিডাৰ জয়শ্ৰী তালুকদাৰৰ পৰাই জানি লও আহক-

Tarot card
টেৰ’ কাৰ্ড ভৱিষ্যদ্বাণী: জন্ম তাৰিখৰ মূল্যাংক অনুসৰি কেনে যাব আপোনাৰ আগন্তুক বৰ্ষটো ? (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Dec 10, 2024, 4:40 PM IST

Tarot Card Predictionএ মানুহক কিছুমান পৰিস্থিতিৰ মাজত হোৱা দোমোজাৰ পৰা এটি সঠিক পথ দেখুৱাত সহায় কৰে ৷ মাথো, ইয়াৰ দ্বাৰা কোনো ভৱিষ্যত বাণী কৰিব নোৱাৰি যদিও এই কাৰ্ডবোৰে মানুহৰ মনত চলি থকা বহু প্ৰশ্নৰ উত্তৰ তথা খেলিমেলি দূৰ কৰাতো সহায় কৰে ৷ তেন্তে আজি পলম নকৰি টেৰ’ কাৰ্ডৰ জৰিয়তে এই বৰ্ষটো আপোনাৰ কেনেদৰে পাৰ হ’ব জনপ্ৰিয় টেৰ’ কাৰ্ড ৰিডাৰ জয়শ্ৰী তালুকদাৰৰ পৰাই জানি লও আহক-

  • ১, ১০, ১৯, ২৮ তাৰিখত জন্ম হোৱা লোকসকলৰ মূল্যাংক হ’ল ১ ৷ মূল্যাংক ১ৰ ২০২৫ বৰ্ষত কাৰ্ডে দেখুওৱা অনুসৰি প্রেমৰ প্ৰস্তাৱ পাব পাৰে ৷ লগতে কোনো ভাল খবৰ পাব পাৰে ৷ নতুন চাকৰি লাভ কৰাৰ সম্ভাৱনা আছে ৷ কোনোবা মুখা পিন্ধি ভালৰ মাজত থকা কিছুমান লোকৰ মুখাখোল খোৱাৰ বাৰ্তা ও কাৰ্ড এ প্ৰেৰণ কৰিছে ৷ বিয়া বাৰুৰ ক্ষেত্ৰত ভাল সময় আহিব ৷ নাম-যশ-খ্যাতি বৃদ্ধি হ’ব ৷ ব্যৱসায়িক, Partnership ব্যৱসায় কৰা বোৰৰ সম্বন্ধ শক্তিশালী দেখুৱাইছে ৷ ভগৱানৰ সম্পূৰ্ণ আশীৰ্বাদ আছে ৷ ভাল বেয়া কৰ্মফল পাব ৷
  • ২, ১১,২০,২৯ তাৰিখত জন্ম হোৱা লোকসকলৰ মূল্যাংক হ’ল ২ ৷ ২ মূল্যাংকৰ লোকসকলৰ যি সকলে দীৰ্ঘদিন ধৰি depression Anxiety ত ভুগি আছে তেঁওলোকক Counseling লোৱাৰ পৰামৰ্শ কাৰ্ডে দিছে, লগতে তেওঁলোকে যোগাসন আদি কৰাৰো প্ৰয়োজন আছে ৷ নতুনকৈ যদি বন্ধুত্ব বা কিবা নতুন সম্বন্ধ আৰম্ভ হৈছে তেওঁলোকৰ পৰা এই বছৰটোত সহায় লাভ কৰিব ৷ মনৰ কথাবোৰ তেওঁলোকৰ আগত প্ৰকাশ কৰি সকাহ পাব ৷ কিবা অসুবিধা বা সমস্যাৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজ দি থকা মানুহবোৰে বিজয়ী হোৱাৰ বাৰ্তা দিছে ৷ আবেগিক সন্তুলন বজাই ৰাখিব লাগিব ৷ আগন্তুক বৰ্ষত বহুত আবেগিক হোৱাৰ সম্ভাৱনা আছে ৷ ভ্ৰমণ আৰু কৰ্মস্থান প্ৰেমৰ বাৰ্তা এই বছৰ দেখা গৈছে ৷ সন্তান সম্ভাৱনাৰ ক্ষেত্ৰত শুভ বাৰ্তা লাভ কৰিব পাৰে ৷
  • ৩,১২,২১,৩০ তাৰিখত জন্ম হোৱা লোকসকলৰ মূল্যাংক হৈছে ৩ ৷ ৩ মূল্যাংকৰ লোকে সকলে আগন্তুক বৰ্ষত দান আদিত শুভ ফল লাভ কৰিব ৷ কষ্ট কৰা লোকসকলৰ বাবে শুভ ৷ সম-মৰ্য্যাদাত ভাল পাব ৷ মানুহক গুৰুত্ব দিবলৈ কোৱা হৈছে ৷ দিয়া আৰু লোৱাত ভাৰসাম্য বজাই ৰাখিব লাগিব ৷ প্ৰেমত যদি কোনোবাই বিশ্বাসঘাটকতা কৰি আছে বা তৃতীয় পক্ষ সোমাই আহিছে তেন্তে এই বছৰ সকলো ঠিক হ’ব, মানসিক দুঃচিন্তাৰ পৰা সকাহ পাব ৷ সপোন বোৰৰ মাজত খেলিমেলি থকা মানুহৰ সকলো ঠিক হ'ব ৷ নিজক কি লাগে নালাগে সকলো বিচাৰি পাব ৷ ব্যৱসায় আৰু চাকৰিৰ মাজত কোনটো গুৰুত্বপূৰ্ণ সেইটো সোনকালে বাছি ল'ব ৷ প্ৰেমত বিশ্বাসঘাটকতা পাব পাৰে ৷ মিছা কথাৰ মাজত সোমাব পাৰে ৷ বিশ্বাস ভাঙিব পাৰে ৷ বিত্তীয় সিদ্ধান্ত লোৱাৰ আগত ভাৱি চিন্তিহে ল'ব ৷ কামবোৰ পৰিপাতিকৈ কৰিলে শুভ ফল লাভ কৰিব ৷
  • ৪,১৩,২২,৩১ তাৰিখত জন্ম হোৱা লোকসকলৰ ৪ মূল্যাংক হয় ৷ মূল্যাংক ৪ৰ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে ২০২৫ বৰ্ষত চাকৰি পোৱা কার্ডে দেখুৱাইছে ৷ ব্যৱসায়ত ভাল দিশ এটা দেখুৱাইছে ৷ কষ্ট নকৰিলে ফল লাভ কৰিব নোৱাৰিব ৷ নতুন কিবা আৰম্ভণি বা পদোন্নতি হ'ব ৷ ভ্ৰমণ, বিত্তীয় লেনদেন আদিত ভাল ৷ ভাল খবৰ লাভ কৰিব পাৰে ৷ অসাৱধান হোৱা দেখা যাব পাৰে সেয়ে সাৱধান, কিবা ডাঙৰ লোকচান হোৱাৰো সম্ভাৱনা দেখা গৈছে ৷ হঠাৎ জীৱনলৈ পৰিবৰ্তন আহিব ৷ কাৰোবাৰ পৰা অৱহেলা পাব ৷ বেমাৰ আজাৰ অলপ বাঢ়িব সেয়ে সাৱধান ৷ জুইৰ পৰা সাৱধান ৷ প্রেম বিচ্ছেদ হ'ব পাৰে ৷ আনক কথা কোৱাৰ পূৰ্বে ভাবি চিন্তি ক'ব ৷
  • ৫,১৪,২৩ তাৰিখত জন্ম হোৱা লোকসকলৰ ৫ মূল্যাংক হয় ৷ মূল্যাংক ৫ৰ লোকসকলে ২০২৫,বৰ্ষত আধ্যাত্মিক প্ৰকৃতিৰ হোৱা দেখা গৈছে ৷ আধ্যাত্মিক শক্তি এটাই আকৰ্ষণ কৰিব ৷ কেৰিয়াৰৰ ক্ষেত্ৰত ভাল সুবিধা লাভ কৰিব ৷ এঞ্জেলৰ আশীৰ্বাদ আছে ৷ কিন্তু মাজে মাজে আত্মবিশ্বাস কম হোৱা দেখা গৈছে ৷ সম্পত্তি ক্ৰয় কৰিম বুলি যদি ভাবি আছে এইটো ভাল বছৰ তেওঁলোকৰ বাবে ভাল ৷ কিছুমান বেদনাদায়ক সিদ্ধান্ত ল’বলগীয়া হ’ব পাৰে ৷
  • ৬,১৫,২৪ তাৰিখত জন্ম হোৱা লোকসকলৰ মূল্যাংক হৈছে ৬ ৷ মূল্যাংক ৬ৰ এই বছৰ তেওঁলোকৰ বাবে উৎসাহজনক হ'ব ৷ কামৰ ক্ষেত্ৰত চিন্তা বা প্ৰত্যাহ্বান আহিব যদিও সফলতাও দেখা গৈছে ৷ ভ্ৰমণ কৰিবলৈ সুবিধা পাব পাৰে ৷ প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে ৷ মাজে মাজে লক্ষ্য ভ্ৰান্ত হ'ব পাৰে ৷ এই বছৰটোত সদায় নিজৰ মনৰ কথা শুনিব, তেতিয়া সফলতা লাভ কৰিব ৷ কল্পনা কৰি ভাল পাব ৷ যিকোনো কামত লক্ষ্য নাৰাখিলে বেয়া পৰিস্থিতিৰ মুখামূখি হ'ব পাৰে ৷
  • ৭,১৬,২৫ তাৰিখত জন্ম হোৱা লোকসকলৰ মূল্যাংক হৈছে ৭ ৷ ৭ মূল্যাংক- এই বছৰত কথাৰ ভুল বুজাবুজি দেখা গৈছে কৰ্মতে হওঁক বা ব্যক্তিগত জীৱনতেই হওঁক তথা প্ৰেমৰ ক্ষেত্ৰতো ভুল বুজাবুজি হ'ব পাৰে ৷ স্বতন্ত্ৰ, নিৰ্ভীক আৰু উদ্যমী দেখায় ৷ এই বছৰত কাৰোবাৰ লগত কাজিয়া, ব্ৰেক-আপ, হোৱাৰ সম্ভাৱনা আছে ৷ যিকোনো সম্পৰ্কলৈ অহাৰ আগতে ব্যক্তিজনক জনাটো ভাল নহ'লে অসুবিধা হ'ব পাৰে ৷ যদি কাৰোবাৰ নিজা ব্যৱসায় আছে তেওঁলোকৰ বাবেও ভাল ৷ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিয়াটো প্ৰয়োজন ৷
  • ৮,১৭,২৬ তাৰিখত জন্ম হোৱা লোকসকলৰ মূল্যাংক হৈছে ৮ ৷ মূল্যাংক ৮ৰ আগন্তুক বছৰত ৮ মূল্যাংকৰ মানুহবোৰৰ প্ৰভাৱশালী শক্তি বেছি হোৱা দেখা গৈছে, সিংহৰ দৰে মানুহক তেঁওলোকে যেন বশ কৰি ল’ব পাৰিব ৷ বেয়া পৰিস্থিতিত শক্তি লাভ কৰিব, মৰম পাব সঁহাৰি পাব ৷ ইজনে আনজনৰ কথা বোৰ শুনি বুজিবলৈ চেষ্টা কৰিব লাগিব অন্যথা যুক্তিতর্ক হোৱাৰ সম্ভাৱনা আছে ৷ ব্ৰেকআপ আৰু বেয়া পৰিস্থিতিৰ মুখামুখি হোৱাও সম্ভাৱনা দেখা গৈছে ৷ ভাল কৰ্মত ভাল ফল বেয়া কৰ্মৰ বেয়া ফল পাব পাৰে ৷ জীৱ জন্তুক মৰম কৰিব ৷ নিজক সকলো সময়ত পজিটিভ ৰাখিব ৷ কেৰিয়াত ভাল সুযোগ আহিব ৷
  • ৯,১৮,২৭ তাৰিখত জন্ম হোৱা লোকসকলৰ মূল্যাংক হৈছে ৯ ৷ মূল্যাংক ৯ - বিত্তীয় অৱস্থা বেয়া দেখা গৈছে, নিজৰ মাজত পজিটিভিতি আহিব ৷ ভাল বেয়া দুয়োটা পৰিস্থিতি আহিব পাৰে সেয়ে সাজু থাকিব ৷ ভাল হলে বহুত বেছি ভাল হ'ব সকলো দিশৰ পৰা আৰু বেয়া হ’লে বহুত বেয়া হ'ব ৷ বিবাহ বিচ্ছেদত টকা পইচাৰ লোকচান হোৱা দেখা গৈছে ৷ ধৈৰ্য ৰাখিব লাগিব ৷ কথা কোৱাৰ পূৰ্বে ভাবি চিন্তি ক’ব ৷ যদি কাৰোবাক প্ৰস্তাৱ দিয়াৰ কথা ভাবিছিল তেনেহ’লে এতিয়া আৰু সময় নাই ইতিমধ্যে বহু পলম হৈছে ৷ ভাল মানুহৰ উপদেশ লৈ কাম কৰিব পাৰে ৷ কিছুমান বেয়া পৰিস্থিতিত মাত মাতি নিজৰ বাবে অনিষ্ট কঢ়িয়াই আনিব পাৰে, নিজৰ বা আনৰ ভাল কৰিও বেয়া হোৱাৰ দেখা যাব, কাৰোবাক সহায় কৰি নিজৰ বেয়া হ'ব ৷ এই বছৰ অলপ সাৱধানে থকা উচিত যিহেতু সকলো ফালৰ পৰা ঋণাত্মক শক্তিয়ে আগুচি ধৰিছে সেয়ে এওঁলোকে কিছুমান প্ৰতিকাৰ অনুসৰণ কৰিব পাৰে ৷

বিঃদ্রঃ ধৰ্ম, জ্যোতিষ, বাস্তু, ফেংচুই, টেৰ’ কাৰ্ড আদি বিষয়ত আধাৰিত এই লেখাসমূহ কেৱল পাঠকে জানিবৰ বাবেহে । এই উপায়সমূহ অৱলম্বনৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী । আমাৰ উদ্দেশ্য কেৱল পাঠকক অৱগত কৰা। ইটিভি ভাৰতে এই তথ্য নিশ্চিত কৰা নাই ।

লগতে পঢ়ক: শনি মাৰ্গী হোৱাৰ ফলত ৰাশিফল অনুসৰি কি কি প্ৰভাৱ পৰিব ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.