ETV Bharat / lifestyle

ৰাতি মূৰত তেল লগাই শুব লাগেনে ? মূৰত তেল লগোৱাৰ সঠিক সময় কি - HAIR CARE TIPS

চুলিক সুস্থ কৰি ৰাখিবলৈ আমি মূৰত তেল লগোৱাটো খুবেই জৰুৰী ৷ দিনৰ পৰিৱৰ্তে বহুলোকেই ৰাতি তেল লগাই শোৱে কিন্তু এনে কৰাটো চুলিৰ বাবে উপকাৰী নে-

The Best Time to Oil Your Hair for Maximum Benefits
ৰাতি মূৰত তেল লগাই শুব লাগেনে ? মূৰত তেল লগোৱাৰ সঠিক সময় কি (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : 2 hours ago

চুলি কেৱল তেতিয়াহে গুৰিৰ পৰা শক্তিশালী আৰু স্বাস্থ্যকৰ হয় যেতিয়া ইয়াক সঠিকভাৱে যত্ন কৰা হয় ৷ চুলিৰ যত্নৰ ৰুটিনে চুলিৰ স্বাস্থ্যক যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰে ৷ বহুলোকে ৰাতি বিচনালৈ যোৱাৰ পূৰ্বে তেল লগাই শোৱে যাতে তেলখিনিয়ে চুলিত ভালদৰে কাম কৰিব পৰা যায় ৷

একে সময়তে, কিছুমান লোকে দিনটোৰ ভাগৰ নোহোৱা কৰিবলৈও ৰাতি চুলিত তেল লগাই শোৱে ৷ কিন্তু শুবলৈ যোৱাৰ পূৰ্বে আপোনাৰ চুলিত তেল লগোৱাটো সঁচাকৈয়ে স্বাস্থ্যকৰ হয় নে ? নে এই কামে ক্ষতি কৰিব পাৰে আপোনাৰ সুন্দৰ চুলিকোচা ? জানো আহক-

The Best Time to Oil Your Hair for Maximum Benefits
ৰাতি মূৰত তেল লগাই শুব লাগেনে ? মূৰত তেল লগোৱাৰ সঠিক সময় কি (FREEPIK)
  • তেলে আপোনাৰ চুলিখিনি কণ্ডিচনিং কৰি উজ্জ্বলতা প্ৰদান কৰে, সেয়েহে চুলিত তেল প্ৰয়োগ কৰিব লাগে ৷ অৱশ্যে, তেল দিয়াৰ বাবেও সঠিক সময় আছে ৷
  • কিন্তু যদি আপুনি নিশা শোৱাৰ পূৰ্বে চুলিত তেল লগায়, তেন্তে আজিৰ পৰা এই অভ্যাস সলনি কৰক ৷ শোৱাৰ আগতে চুলিত কেতিয়াও তেল প্ৰয়োগ কৰিব নালাগে ৷
  • যদি আপুনি নিশা চুলিত তেল লগালে, ইয়াৰ ফলত ভেঁকুৰৰ সংক্ৰমণ হ’ব পৰাৰ লগতে উফিৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি হ’ব পাৰে ৷

  • চুলিত তেল লগোৱাটো এটা গুৰুত্বপূৰ্ণ চুলিৰ যত্নৰ ৰুটিন ৷ কিন্তু তেল সদায় সঠিক সময়ত কৰিব লাগে ৷ চুলিখিনি চেম্পু কৰিবলৈ ওলোৱাৰ এঘণ্টা পূৰ্বে তেল লগাব লাগে ৷ চুলিত তেলে কাম কৰিবলৈ ৬-৭ ঘন্টা সময় নালাগে ৷ ইয়াৰ বাবে ১ৰ পৰা ২ ঘণ্টাই যথেষ্ট ৷
  • সদায়ে চুলিত কুহুমীয়া তেল ব্যৱহাৰ কৰিব, কিয়নো ই দ্ৰুতগতিত কাম কৰে ৷ প্ৰথমে চুলিবোৰ ভালদৰে ফণিয়াই লৈ ইয়াৰ গুৰিবোৰত তেলৰে মালিচ কৰক ৷
  • তাৰ পিচত, ভালদৰে ফণিয়াই লওক যাতে তেল প্ৰতিটো গুৰি লৈকে যায় ৷ এনেদৰে, যদি আপুনি আপোনাৰ চুলিত তেল প্ৰয়োগ কৰে, তেন্তে আপুনি চুলিৰ সৈতে সম্পৰ্কিত সমস্যাবোৰৰ বিষয়ে চিন্তা নকৰিব ৷

সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য, জীৱনশৈলী সম্পৰ্কীয় তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।

লগতে পঢ়ক: উফিৰ সমস্যাক লৈ অশান্তি পাইছে নেকি ? অনুসৰণ কৰিব পাৰে এই উপায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.